--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাজাৰ গণহত্যাত কম্পিত সমগ্ৰ বিশ্ব!আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিটো পৰিছে এক সুদূৰপ্ৰসাৰী প্ৰভাৱ৷প্ৰযুক্তিৰ পৰা খাৰুৱা তেল এই সকলো বিষয়তে গত সময়চোৱাত দেখা গৈছে এক সাংঘাতিক পৰিৱৰ্তন৷শেহতীয়াকৈ প্ৰেক্ষাপটত আহি পৰিছে পেলেষ্টাইনৰ প্ৰধানমন্ত্ৰী শ্বতায়েহৰ প্ৰসংগ৷গাজাৰ ‘গণহত্যা’ক লৈ আব্বাছৰ হাতত পদত্যাগপত্ৰ অৰ্পণ কৰিছে পেলেষ্টাইনৰ প্ৰধানমন্ত্ৰী শ্বতায়েহে।শেহতীয়াকৈ গাজাৰ কিছু অংশ শাসন কৰা চৰকাৰৰ পদত্যাগৰ কথা ঘোষণা কৰিছে পেলেষ্টাইনৰ প্ৰধানমন্ত্ৰী মহম্মদ শ্বতায়েহে।

সোমবাৰে পেলেষ্টাইন অথ’ৰিটিৰ সভাপতি মেহমুদ আব্বাছৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰা শ্বতায়েহে কয় যে, ‘পশ্চিম পাৰ আৰু জেৰুজালেমত হোৱা হিংসা আৰু গাজা ষ্ট্ৰিপত যুদ্ধ, গণহত্যা আৰু অনাহাৰৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পদত্যাগ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।’ শ্বতায়েহে কয় যে- “মই দেখিছোঁ যে পৰৱৰ্তী পৰ্যায় আৰু ইয়াৰ প্ৰত্যাহ্বানসমূহৰ বাবে নতুন চৰকাৰী আৰু ৰাজনৈতিক ব্যৱস্থাৰ প্ৰয়োজন যিয়ে গাজাৰ নতুন বাস্তৱতা আৰু পেলেষ্টাইনৰ ঐক্য আৰু পেলেষ্টাইনৰ ভূমিৰ ওপৰত কৰ্তৃত্বৰ ঐক্য সম্প্ৰসাৰণৰ ওপৰত ভিত্তি কৰি ৰাইজৰ সহমতৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখে৷”

যুদ্ধৰ পাছত পেলেষ্টাইনী ৰাষ্ট্ৰক শাসন কৰিব পৰা ৰাজনৈতিক গাঁথনিৰ কাম আৰম্ভ কৰিবলৈ আব্বাছৰ ওপৰত আমেৰিকাৰ হেঁচা বৃদ্ধি পোৱাৰ সময়তে শ্বতায়েহৰ এই মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে।অৱশ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে আব্বাছৰ অধীনত থকা পি এয়ে পেলেষ্টাইন ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ ল’বলৈ আৰু গাজা শাসন কৰিবলৈ কৰা আহ্বানক বহুবাৰ নাকচ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি