--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাজাৰ গণহত্যাত কম্পিত সমগ্ৰ বিশ্ব!আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিটো পৰিছে এক সুদূৰপ্ৰসাৰী প্ৰভাৱ৷প্ৰযুক্তিৰ পৰা খাৰুৱা তেল এই সকলো বিষয়তে গত সময়চোৱাত দেখা গৈছে এক সাংঘাতিক পৰিৱৰ্তন৷শেহতীয়াকৈ প্ৰেক্ষাপটত আহি পৰিছে পেলেষ্টাইনৰ প্ৰধানমন্ত্ৰী শ্বতায়েহৰ প্ৰসংগ৷গাজাৰ ‘গণহত্যা’ক লৈ আব্বাছৰ হাতত পদত্যাগপত্ৰ অৰ্পণ কৰিছে পেলেষ্টাইনৰ প্ৰধানমন্ত্ৰী শ্বতায়েহে।শেহতীয়াকৈ গাজাৰ কিছু অংশ শাসন কৰা চৰকাৰৰ পদত্যাগৰ কথা ঘোষণা কৰিছে পেলেষ্টাইনৰ প্ৰধানমন্ত্ৰী মহম্মদ শ্বতায়েহে।

সোমবাৰে পেলেষ্টাইন অথ’ৰিটিৰ সভাপতি মেহমুদ আব্বাছৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰা শ্বতায়েহে কয় যে, ‘পশ্চিম পাৰ আৰু জেৰুজালেমত হোৱা হিংসা আৰু গাজা ষ্ট্ৰিপত যুদ্ধ, গণহত্যা আৰু অনাহাৰৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পদত্যাগ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।’ শ্বতায়েহে কয় যে- “মই দেখিছোঁ যে পৰৱৰ্তী পৰ্যায় আৰু ইয়াৰ প্ৰত্যাহ্বানসমূহৰ বাবে নতুন চৰকাৰী আৰু ৰাজনৈতিক ব্যৱস্থাৰ প্ৰয়োজন যিয়ে গাজাৰ নতুন বাস্তৱতা আৰু পেলেষ্টাইনৰ ঐক্য আৰু পেলেষ্টাইনৰ ভূমিৰ ওপৰত কৰ্তৃত্বৰ ঐক্য সম্প্ৰসাৰণৰ ওপৰত ভিত্তি কৰি ৰাইজৰ সহমতৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখে৷”

যুদ্ধৰ পাছত পেলেষ্টাইনী ৰাষ্ট্ৰক শাসন কৰিব পৰা ৰাজনৈতিক গাঁথনিৰ কাম আৰম্ভ কৰিবলৈ আব্বাছৰ ওপৰত আমেৰিকাৰ হেঁচা বৃদ্ধি পোৱাৰ সময়তে শ্বতায়েহৰ এই মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে।অৱশ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে আব্বাছৰ অধীনত থকা পি এয়ে পেলেষ্টাইন ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ ল’বলৈ আৰু গাজা শাসন কৰিবলৈ কৰা আহ্বানক বহুবাৰ নাকচ কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান