--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিবাহ মানুহৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত। সেয়েহে বিয়াৰ আগতে গোটেই জীৱন লগত থাকিবলগীয়া ব্যক্তিজনৰ দোষ আৰু গুণবোৰ পৰীক্ষা কৰক। কিন্তু কেইবাটাও কথা আছে, যিবোৰ জীৱন সংগী বাছনি কৰাৰ আগতে মনত ৰখাটো গুৰুত্বপূৰ্ণ। যদি আপোনাৰ সংগীৰ মাজত ৭টা অভ্যাস থাকে তেন্তে তেওঁক জীৱন সংগী হিচাপে বাছি নোলোৱাটোৱে ভাল।

 ১. প্ৰতিশ্ৰুতি ভংগ কৰাঃ-যদি আপোনাৰ সংগীয়ে বাৰে বাৰে আপোনাক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰি থাকে তেন্তে সেয়া চিন্তাৰ বিষয়। এবাৰ বা দুবাৰ অজুহাত দেখুৱাব পাৰি; কিন্তু আপুনি যদি একেটা কাম বাৰে বাৰে কৰে, তেন্তে তেওঁ আপোনাক প্ৰবঞ্চনা কৰিছে।

২. নিয়ন্ত্ৰণঃ-যদি আপোনাৰ সংগীয়ে সদায় আপুনি কি খায়, কি পিন্ধে, কেনেকৈ খোজকাঢ়ে, ক’লৈ যায় নিয়ন্ত্ৰণ কৰে, তেন্তে অনাগত ভৱিষ্যতে ই একপ্ৰকাৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে সম্পৰ্কৰ আৰম্ভণিতে দেখিব বা শুনিবলৈ এইবোৰ ভাল লাগে যদিও পাছলৈ চৰম বিৰক্তিৰ কাৰণ হৈ পৰিব পাৰে।

৩. স্বাভাৱিৰ বিষয়বোৰ গুৰুত্ব নিদিয়াঃ- সকলোৰে মাজত দিয়া, লোৱা আৰু ভাগ-বতৰা কৰাৰ ওপৰত ভিত্তি কৰি সম্পৰ্ক গঢ় লৈ উঠে। যদি আপোনাৰ সংগীয়ে এই নীতিত বিশ্বাস নকৰে তেন্তে তেওঁ আপোনাৰ বাবে সমতুল্য নহ’ব। কাৰণ সংগী হ’ল এনে এজন ব্যক্তি যাক পিতৃ-মাতৃৰ পাছত স্থান দিয়া উচিত।

৪. বাৰে বাৰে ক্ষমা খোজাঃ-যদি সংগীয়ে একেটা ভুল পুনৰাবৃত্তি কৰি ক্ষমা খোজে তেন্তে সেয়া নিশ্চিতভাৱে চিন্তাৰ বিষয়। কাৰণ sorry, কমা বা ফুলষ্টপ নহয়, sorry হ’ল এটা আৱেগ বা অনুভৱ। কৰিবলগীয়া বিষয় এয়ে যে ক্ষমা কৰাৰ পাছত যাতে ভুলটো পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কিন্তু যদি আপোনাৰ সংগীয়ে বাৰে বাৰে ভুলৰ বাবে ক্ষমা খোজে তেন্তে তেওঁক জীৱনসংগী হিচাপে বাছি নোলোৱাটো ভাল।

৫. মতামতক অৱজ্ঞা কৰাঃ-আমাৰ সকলোৰে কম-বেছি পৰিমাণে ইগো আছে। কিন্তু এই অহংকাৰ বা আত্ম-অহংকাৰৰ বাবে যদি আপোনাৰ সংগীয়ে আপোনাৰ কথা বা মতামতক মূল্য নিদিয়ে, তেন্তে সেয়া চিন্তাৰ বিষয়। যদি আপোনাৰ সংগীয়ে সদায় নিজৰ মতামত প্ৰকাশ কৰিব বিচাৰে তেন্তে তেওঁক আপোনাৰ সংগী হিচাপে লোৱাৰ আগতে দুবাৰ চিন্তা কৰক।

 ৫. মিথ্যাবাদীঃ-বিপদত পৰিলে এটা-দুটা মিছা ক’লেও একো নহয়; কিন্তু যদি আপোনাৰ সংগীয়ে নিয়মিতভাৱে মিছা কথা কয়, তেন্তে ই চিন্তাৰ কাৰণ। কাৰণ এই মিছাৰ পৰাই বহুতো সমস্যাৰ সৃষ্টি হয়।

 ৬. অহৰহ লাগি থকাঃ-আমি এনে এজন মানুহ বিচাৰো যিয়ে গোটেই জীৱনটো আপোনাক যত্ন ল’ব বা গুৰু্ত্ব দিব। কিন্তু এটা কথা আছে যে অতিৰিক্ত একোৱেই ভাল নহয়। পৰিয়াল আৰু বন্ধু-বান্ধৱীক একাষৰীয়া কৰি যদি আপোনাৰ সংগীয়ে আপোনাৰ লগত সকলো সময়তে লাগি থাকে, তেন্তে ই নিশ্চিতভাৱে চিন্তাৰ কাৰণ। তেওঁৰ লগত এই বিষয়ে কথা পাতক আৰু বুজাই দিয়ক যে আপোনাকো নিজৰ বাবে কিছু সময়ৰ প্ৰয়োজন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু