--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিবাহ মানুহৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত। সেয়েহে বিয়াৰ আগতে গোটেই জীৱন লগত থাকিবলগীয়া ব্যক্তিজনৰ দোষ আৰু গুণবোৰ পৰীক্ষা কৰক। কিন্তু কেইবাটাও কথা আছে, যিবোৰ জীৱন সংগী বাছনি কৰাৰ আগতে মনত ৰখাটো গুৰুত্বপূৰ্ণ। যদি আপোনাৰ সংগীৰ মাজত ৭টা অভ্যাস থাকে তেন্তে তেওঁক জীৱন সংগী হিচাপে বাছি নোলোৱাটোৱে ভাল।

 ১. প্ৰতিশ্ৰুতি ভংগ কৰাঃ-যদি আপোনাৰ সংগীয়ে বাৰে বাৰে আপোনাক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰি থাকে তেন্তে সেয়া চিন্তাৰ বিষয়। এবাৰ বা দুবাৰ অজুহাত দেখুৱাব পাৰি; কিন্তু আপুনি যদি একেটা কাম বাৰে বাৰে কৰে, তেন্তে তেওঁ আপোনাক প্ৰবঞ্চনা কৰিছে।

২. নিয়ন্ত্ৰণঃ-যদি আপোনাৰ সংগীয়ে সদায় আপুনি কি খায়, কি পিন্ধে, কেনেকৈ খোজকাঢ়ে, ক’লৈ যায় নিয়ন্ত্ৰণ কৰে, তেন্তে অনাগত ভৱিষ্যতে ই একপ্ৰকাৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে সম্পৰ্কৰ আৰম্ভণিতে দেখিব বা শুনিবলৈ এইবোৰ ভাল লাগে যদিও পাছলৈ চৰম বিৰক্তিৰ কাৰণ হৈ পৰিব পাৰে।

৩. স্বাভাৱিৰ বিষয়বোৰ গুৰুত্ব নিদিয়াঃ- সকলোৰে মাজত দিয়া, লোৱা আৰু ভাগ-বতৰা কৰাৰ ওপৰত ভিত্তি কৰি সম্পৰ্ক গঢ় লৈ উঠে। যদি আপোনাৰ সংগীয়ে এই নীতিত বিশ্বাস নকৰে তেন্তে তেওঁ আপোনাৰ বাবে সমতুল্য নহ’ব। কাৰণ সংগী হ’ল এনে এজন ব্যক্তি যাক পিতৃ-মাতৃৰ পাছত স্থান দিয়া উচিত।

৪. বাৰে বাৰে ক্ষমা খোজাঃ-যদি সংগীয়ে একেটা ভুল পুনৰাবৃত্তি কৰি ক্ষমা খোজে তেন্তে সেয়া নিশ্চিতভাৱে চিন্তাৰ বিষয়। কাৰণ sorry, কমা বা ফুলষ্টপ নহয়, sorry হ’ল এটা আৱেগ বা অনুভৱ। কৰিবলগীয়া বিষয় এয়ে যে ক্ষমা কৰাৰ পাছত যাতে ভুলটো পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কিন্তু যদি আপোনাৰ সংগীয়ে বাৰে বাৰে ভুলৰ বাবে ক্ষমা খোজে তেন্তে তেওঁক জীৱনসংগী হিচাপে বাছি নোলোৱাটো ভাল।

৫. মতামতক অৱজ্ঞা কৰাঃ-আমাৰ সকলোৰে কম-বেছি পৰিমাণে ইগো আছে। কিন্তু এই অহংকাৰ বা আত্ম-অহংকাৰৰ বাবে যদি আপোনাৰ সংগীয়ে আপোনাৰ কথা বা মতামতক মূল্য নিদিয়ে, তেন্তে সেয়া চিন্তাৰ বিষয়। যদি আপোনাৰ সংগীয়ে সদায় নিজৰ মতামত প্ৰকাশ কৰিব বিচাৰে তেন্তে তেওঁক আপোনাৰ সংগী হিচাপে লোৱাৰ আগতে দুবাৰ চিন্তা কৰক।

 ৫. মিথ্যাবাদীঃ-বিপদত পৰিলে এটা-দুটা মিছা ক’লেও একো নহয়; কিন্তু যদি আপোনাৰ সংগীয়ে নিয়মিতভাৱে মিছা কথা কয়, তেন্তে ই চিন্তাৰ কাৰণ। কাৰণ এই মিছাৰ পৰাই বহুতো সমস্যাৰ সৃষ্টি হয়।

 ৬. অহৰহ লাগি থকাঃ-আমি এনে এজন মানুহ বিচাৰো যিয়ে গোটেই জীৱনটো আপোনাক যত্ন ল’ব বা গুৰু্ত্ব দিব। কিন্তু এটা কথা আছে যে অতিৰিক্ত একোৱেই ভাল নহয়। পৰিয়াল আৰু বন্ধু-বান্ধৱীক একাষৰীয়া কৰি যদি আপোনাৰ সংগীয়ে আপোনাৰ লগত সকলো সময়তে লাগি থাকে, তেন্তে ই নিশ্চিতভাৱে চিন্তাৰ কাৰণ। তেওঁৰ লগত এই বিষয়ে কথা পাতক আৰু বুজাই দিয়ক যে আপোনাকো নিজৰ বাবে কিছু সময়ৰ প্ৰয়োজন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ