--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কিদৰে বিদায় জনাওঁ জুবিন গাৰ্গক৷ কিদৰে লিখোঁ তেওঁৰ বাবে বিদায় গাথা৷ আমাৰ বাবে এজনেই আছিল জুবিন গাৰ্গ — যাক একে সময়তে ভাল পাব পাৰি, বেয়াও পাব পাৰি, খং কৰিব পাৰি, অভিমান কৰিব পাৰি, যাৰ গান শুনি নিজকে নিচুকাব পাৰি৷

খনীন্দ্ৰ কুমাৰ ডেকা

সহযোগী সম্পাদক(প্ৰাগ নিউজ)


বিদেশৰ সুমুদ্ৰত আকস্মিক এটা দুৰ্যোগ, কেইটামান ক্ষণৰ ৰুদ্ধশ্বাস আৰু বাকহীন অপেক্ষা, হঠাতে বিয়পিল সকলোৰে বাবেই অবিশ্বাস্য আৰু অকল্পনীয় এটা সংবাদ আৰু তাৰ পিছতেই শোকস্তব্ধ ৰাজ্য, বাকৰুদ্ধ অনুৰাগী৷ এটা দুৰন্ত সুৰীয়া যাত্ৰাৰ এনে আকস্মিক সমাপ্তি, এটা দুৰ্জেয় প্ৰতিভাৰ এনে অৱাঞ্চিত অবলুপ্তিক কোনে বাৰু সহজে মানি ল’ব পাৰে! যেন হিয়াৰ আমঠু শিল্পীৰ অত্যন্ত প্ৰিয় গীতেই আজি বিষাদ হৈ বিন্ধিছে প্ৰতিজনৰ বুকু — ’হঠাতেই হেৰাল কেনিনো মোৰ/চোতালৰে জোনাক/ঠাইতেই অচিনা তমসাই/আগচিলেহি মোক/সজল সজল চকু/ আঘাতে বেৰা বুকু/ কিদৰে দেখুৱাওঁ আনক ...’!


কিদৰে বিদায় জনাওঁ জুবিন গাৰ্গক৷ কিদৰে লিখোঁ তেওঁৰ বাবে বিদায় গাথা৷ আমাৰ বাবে এজনেই আছিল জুবিন গাৰ্গ — যাক একে সময়তে ভাল পাব পাৰি, বেয়াও পাব পাৰি, খং কৰিব পাৰি, অভিমান কৰিব পাৰি, যাৰ গান শুনি নিজকে নিচুকাব পাৰি৷ আমাৰ বাবে এজনেই আছিল জুবিন গাৰ্গ — যি আছিল অসমীয়াৰ বাবে অতুল্য অহংকাৰ, গানৰ যোগেদিয়েই যি হৈ উঠিছিল শত সহস্ৰ সাধাৰণ লোকৰো তেনেই আপোন৷ যাৰ গীতে আমাক দিছিল প্ৰেৰণাৰ অম্লজান, যি গীত হৈ উঠিছিল নিৰ্জন সময়ৰ সহচৰ, যাত্ৰাৰ উদ্দীপনাময় সংগী কিম্বা বিষাদৰ আন্ধাৰৰ মাজত আশাৰ আলোকশিখা৷ আমাৰ বাবে এজনেই আছিল জুবিন গাৰ্গ — যাৰ দুৰন্ত প্ৰতিভা আৰু বিশাল অৱদানৰ তুলনাত প্ৰতিটো ভ্ৰান্তি, প্ৰতিটো খেয়ালি কৰ্ম হৈ পৰিছিল গৌণ, যাৰ গানত পৰিতৃপ্ত হৈয়ো নতুন সৃষ্টিৰ বাবে জাতি হৈ ৰৈছিল উৎকৰ্ণ৷ আমাৰ বাবে জুবিন আছিল সেইজন বিশেষ ব্যক্তি — যি আছিল সৰলতা আৰু মানবীয়তাৰে উজ্জ্বল, অলেখ বিপদগ্ৰস্ত লোকৰ বাবে মুকলি আছিল যাৰ প্ৰশস্ত দুহাত৷ আমাৰ বাবে এজনেই আছিল জুবিন গাৰ্গ — গানৰ যোগেদিয়েই যি হৈ উঠিছিল প্ৰতিটো পৰিয়ালৰ বুকুৰ আপোন, যাৰ ওচৰত যিকোনো দাবী, যিকোনো অভিমান কৰিব পৰাকৈ বা আদেশ দিব পৰাকৈও এক ধৰণৰ অধিকাৰ অনুভৱ কৰিছিল প্ৰতিজন অনুৰাগীয়ে৷


সেইবাবেই আজি ইমান শোক, ইমান অশ্ৰু, পথে পথে ইমান বেদানাক্লিষ্ট মানুহৰ অবিৰত মিছিল৷ ইমানদিনে যিটো সুৰ হৈ সকলোকে আৱেগৰ দোলেৰে বান্ধি ৰাখিছিল, সেই সুৰৰ যাদুকৰী কণ্ঠৰ মৃত্যুয়ে বিদীৰ্ণ কৰিছে প্ৰতিজনৰ বুকু৷ যি শিল্পীয়ে এদিন গাইছিল —’আকাশে গাতে ল’বৰে মন/সাগৰতলিত শুবৰে মন/ মনৰ চিলা উৰুৱাই দিবলে’— সাগৰৰ মোহত পৰিয়েই যেন আদৰিলে অকাল-অবাঞ্চিত মৃত্যুক! হৃদয় কঁপোৱা গান এটি হৈ অব্যক্ত বেদনাৰ শেলেৰে আজি যেন সহস্ৰ অনুৰাগীক বিদ্ধ কৰিছে জুবিনৰ মৃত্যু সংবাদে৷ ধুমুহাৰ স’তে যি শিল্পীৰ আছিল বহু যুগৰে নাচোন, আন্ধাৰো যাৰ বাবে আছিল বহু দিনৰে আপোন— সেই যুঁজাৰু শিল্পীক কিন্তু সহজেই এইবাৰ পৰাজিত কৰিলে মৃত্যুয়ে, ছিংগাপুৰৰ ভূমিত শেষ হৈ গ’ল তেওঁৰ সুুৰীয়া যাত্ৰা৷


বহু হাজাৰ গান গাই থৈ গ’ল জুবিন গাৰ্গে৷ গানেৰে জাতিক অনন্য ৰূপত ঋদ্ধ কৰাৰ পিছতো যেন বহু গান গাবলৈ থাকি গ’ল৷ এসময়ত হিন্দী গীতে গ্ৰাস কৰি ৰখা গানৰ বজাৰত অসমীয়া গীতৰ আধিপত্য ঘূৰাই আনিছিল জুবিন গাৰ্গৰ অনবদ্য এলবামে৷ অসমীয়া লোকক আকৌ এবাৰ যেন আত্মবিশ্বাসী আৰু অহংকাৰী হ’বলৈ সাহস দিছিল জুবিন গাৰ্গৰ সংগীতে৷ কেৱল গীতেৰেই নহয়, ইখনৰ পিছত সিখন চিনেমাৰে অসমীয়া চলচ্চিত্ৰ জগতকো উজ্জীৱিত কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল জুবিন গাৰ্গে৷বহু ভ্ৰান্তি সত্বেও জাতিৰ প্ৰতিটো সংকটৰ সময়ত এক জাগ্ৰত কণ্ঠ হৈও থিয় দিছিল জুবিন গাৰ্গে৷


সেই গান, সেই সুৰ আজি স্তব্ধ হৈ গ’ল৷ কিন্তু অসমীয়াৰ বুকুৱে বুকুৱে এটি গান হৈয়েই চিৰদিন প্ৰবাহিত হৈ ৰ’ব জুবিন গাৰ্গ৷ সুৰৰ সোপানে সোপানে প্ৰতিদিনেই আমি অনুভৱ কৰিম তেওঁৰ সজীৱ উপস্থিতি৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ