ডিজিটেল ডেস্কঃ আহি পালে অসমী আইৰ মৰমৰ সন্তান জুবিন গাৰ্গ । নীৰৱে-নিতালে শুই অসম পালেহি জুবিন। আজি তেওঁ হেঁপাহ পলুৱাই চাব নোৱাৰে মাতৃভূমিক। চিৰনিদ্ৰাত প্ৰাণৰ আপোন শিল্পীগৰাকী।
হাঁহি-ধেমালি কৰি ছিংগাপুৰলৈ উৰা মৰা জুবিন গাৰ্গ আজি উভতি আহিল বন্ধ কফিনৰ ভিতৰত।
ছিংগাপুৰৰ পৰা দিল্লীলৈ এয়াৰ ইণ্ডিয়াৰ বিমানেৰে অনা হৈছিল জুবিন গাৰ্গক। দিল্লীৰ পৰা এয়াৰ ইণ্ডিয়াৰ AXB1197 বিমানেৰে পুৱা ৪-৩০ বজাত গুৱাহাটী অভিমুখে জুবিনৰ নশ্বৰ দেহ লৈ অনা হয়। উল্লেখ্য যে ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া কফিনটো কোনো চাৰ্টাৰ্ড বিমানত নিব পৰাৰ জোখাৰে যথেষ্ট ডাঙৰ আছিল৷ দুঘণ্টাতকৈও অধিক সময় ধৰি অবিৰাম প্ৰচেষ্টা চলোৱাৰ পাছতো চাৰ্টাৰ্ড বিমানেৰে আনিব পৰা নগ'ল জুবিনক।
পুৱা ৬.৩০ বজাত গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰিলে জুবিন গাৰ্গক লৈ অহা বিমান। জুবিন গাৰ্গক বৰঝাৰ বিমান বন্দৰত এবাৰ চাবলৈ অপেক্ষা কৰিছে প্ৰতিগৰাকী অনুৰাগী আৰু গুণমুগ্ধ। নিশাৰে পৰা হাজাৰ-হাজাৰ অনুৰাগীৰে ভৰি পৰিছে বৰঝাৰ বিমান বন্দৰ।বৰঝাৰৰ সমান্তৰালকৈ সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পতো অনুৰাগীৰে ভৰি পৰিছে। সোঁত ব’বলৈ ধৰিছে অজস্ৰ অনুৰাগীৰ।
বিমান বন্দৰৰ পৰা অন্তিম বিদায়ৰ বাবে জুবিন গাৰ্গক কাহিলিপাৰাৰ ঘৰখনলৈ অনা হ'ব।
পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ সৰুসজাইত সকলোৱে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব শিল্পীগৰাকীক।