--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আজি তেওঁ হেঁপাহ পলুৱাই চাব নোৱাৰে মাতৃভূমিক। চিৰনিদ্ৰাত প্ৰাণৰ আপোন শিল্পীগৰাকী।

ডিজিটেল ডেস্কঃ আহি পালে অসমী আইৰ মৰমৰ সন্তান জুবিন গাৰ্গ ।  নীৰৱে-নিতালে শুই অসম পালেহি জুবিন। আজি তেওঁ হেঁপাহ পলুৱাই চাব নোৱাৰে মাতৃভূমিক। চিৰনিদ্ৰাত প্ৰাণৰ আপোন শিল্পীগৰাকী। 


হাঁহি-ধেমালি কৰি ছিংগাপুৰলৈ উৰা মৰা জুবিন গাৰ্গ আজি উভতি আহিল বন্ধ কফিনৰ ভিতৰত। 


ছিংগাপুৰৰ পৰা দিল্লীলৈ এয়াৰ ইণ্ডিয়াৰ বিমানেৰে অনা হৈছিল জুবিন গাৰ্গক। দিল্লীৰ পৰা এয়াৰ ইণ্ডিয়াৰ AXB1197 বিমানেৰে পুৱা ৪-৩০ বজাত গুৱাহাটী অভিমুখে জুবিনৰ নশ্বৰ দেহ লৈ অনা হয়। উল্লেখ্য যে ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া কফিনটো কোনো চাৰ্টাৰ্ড বিমানত নিব পৰাৰ জোখাৰে যথেষ্ট ডাঙৰ আছিল৷ দুঘণ্টাতকৈও অধিক সময় ধৰি অবিৰাম প্ৰচেষ্টা চলোৱাৰ পাছতো চাৰ্টাৰ্ড বিমানেৰে আনিব পৰা নগ'ল জুবিনক।



পুৱা ৬.৩০ বজাত গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰিলে জুবিন গাৰ্গক লৈ অহা বিমান। জুবিন গাৰ্গক বৰঝাৰ বিমান বন্দৰত এবাৰ চাবলৈ অপেক্ষা কৰিছে প্ৰতিগৰাকী অনুৰাগী আৰু গুণমুগ্ধ। নিশাৰে পৰা হাজাৰ-হাজাৰ অনুৰাগীৰে ভৰি পৰিছে বৰঝাৰ বিমান বন্দৰ।বৰঝাৰৰ সমান্তৰালকৈ সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পতো অনুৰাগীৰে ভৰি পৰিছে। সোঁত ব’বলৈ ধৰিছে অজস্ৰ অনুৰাগীৰ।


বিমান বন্দৰৰ পৰা অন্তিম বিদায়ৰ বাবে জুবিন গাৰ্গক কাহিলিপাৰাৰ ঘৰখনলৈ অনা হ'ব।  



পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ সৰুসজাইত সকলোৱে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব শিল্পীগৰাকীক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ