--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চকুপানী মচি দিবলৈ, তেজীমলাৰ সাধু শুনিবলৈ, বিষে জৰ্জৰিত কৰা বুকুখন জুৰ পেলাবলৈ মাকক বিচাৰি আজি অজান দেশলৈ গুচি গ'ল জুবিন।

ডিজিটেল ডেস্কঃ কোনেনো দিব মচি মোৰ চকুপানী/ কোনেনো ক'বহি তেজীমলাৰ কাহিনী/ মোৰ ভোক লগা নাই অ' মা, তুমি আহি খুৱাই দিয়ানা/ অ' মা, অ' মা.... 


চকুপানী মচি দিবলৈ, তেজীমলাৰ সাধু শুনিবলৈ, বিষে জৰ্জৰিত কৰা বুকুখন জুৰ পেলাবলৈ মাকক বিচাৰি আজি অজান দেশলৈ গুচি গ'ল জুবিন। কাৰো ওপৰত একো অভিযোেগ নৰখাকৈ, কাৰো প্ৰতি একো অভিমান নৰখাকৈ শিশুৰ দৰেই গুচি গ'ল অসমৰ হার্টথ্র'ব, কোটি কোটি অসমীয়াৰ নয়নৰ মণি হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ। 


শোকত ভাগি পৰা, চকুৰ পানীৰে বাট নেদেখা হোৱা কোটি কোটি অনুৰাগীয়ে এতিয়াও আশা কৰি আছে যেন মৰমৰ জুবিন আকৌ ঘূৰি আহিব, ঘুৰি আহি সেই নিষ্পাপ হাঁহিটো মাৰি বেপৰোৱা ভংগীত ক'বহি- ঘেণ্টা মৃত্যু! মই অসমতহে মৰিম মৰিলে। ছিংগাপুৰৰ সাগৰ তলিত এনেই এবাৰ শুইহে আহিলোঁ। কিন্তু নাহে। 


মৰমৰ জুবিন আকৌ কেতিয়াও অসমবাসীৰ মাজলৈ ঘুৰি নহাৰ বাটেৰে গুচি গ'ল অজান ঠিকনাৰে তৰাৰ দেশলৈ। ছিংগাপুৰৰ সাগৰত মাত্র ৫২ বছৰ বয়সত প্ৰাণ হেৰুওৱা জুবিন গাৰ্গক হেৰুওৱা অনুৰাগীয়ে কৈ উঠিছে- ব্রহ্মপুত্র হোৱা হ'লে জুবিনক ঘূৰাই দিলেহেঁতেন, কিন্তু ছিংগাপুৰৰ সাগৰেতো বুজি নাপায় সেই শিল্পীৰ হৃদয়ৰ গভীৰতা। 


এটা যুগৰ অন্ত পেলাই দেশ-বিদেশৰ কোটি কোটি অনুৰাগীক শোকৰ সাগৰত পেলাই আকাশক গাত লৈ সাগৰ তলিত নীৰৱে শুই পৰিল বিস্ময়কৰ প্ৰতিভা, অবিশ্বাস্য কণ্ঠৰ খেয়ালি অসমীয়াজন। অসম আৰু অসমীয়াক নিষ্পাপ হৃদয়েৰে ভালপোৱা, প্ৰচুৰ বিতৰ্কৰ সৃষ্টি হ'লেও কাৰো হৃদয়ত ঘৃণাৰ সামান্য টোপাল এটাও এৰি নোযোৱা জুবিনৰ অভাৱ এতিয়া অসমে প্রতিদিনে উপলব্ধি কৰিব, ভীষণ উপলব্ধি কৰিব। 


বিহুৰ অনুষ্ঠানত, কোনো প্রতিবাদী কাৰ্যসূচীত নিজৰ যাদুকৰী কণ্ঠ আৰু বেপৰোৱা ষ্টাইলেৰে মানুহক এতিয়াৰে পৰা মন্ত্রমুগ্ধ কৰি নাৰাখে জুবিনে, কেতিয়াও আৰু নকয়- ঘেণ্টা! মই কাকো কেয়াৰ নকৰোঁ। কিন্তু জুবিনে খাতিৰ নকৰিলেও আজি অসমে কেয়াৰ কৰিছে হিয়াৰ আমঠুক! উল্লেখযোগ্য যে ছিংগাপুৰত অনুষ্ঠিত নর্থ-ইষ্ট ফেষ্টিভেলত অংশগ্রহণ কৰিবলৈ যোৱা জুবিন গার্গে কালি ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ একাংশ বিষয়ববীয়া আৰু নিজৰ দুই ঘনিষ্ঠ সংগী সিদ্ধার্থ আৰু শিখৰসহ এখন নাৱত সাগৰেদি যাত্ৰা আৰম্ভ কৰি এটা দ্বীপলৈ ফুৰিবলৈ গৈছিল। 


গৈ থকা অৱস্থাত জুবিন আৰু তেওঁৰ সংগীসকলে সাগৰত সাঁতুৰিছিল আৰু সাঁতুৰি উঠি পুনৰ দ্বীপটোলৈ যাত্ৰা কৰে। দ্বীপটোত উপস্থিত হৈ লাইফ জেকেট পিন্ধি থকা অৱস্থাতে জুবিনে পুনৰ সাঁতুৰিবলৈ বিচাৰে আৰু তেতিয়াই সংগীসকলে লক্ষ্য কৰে যে জুবিনৰ শৰীৰটো থৰ হৈ গৈছে আৰু মুখেৰে ফেন ওলাবলৈ আৰম্ভ কৰিছে। হৃদস্পন্দন লাহে লাহে কমি অহা জুবিনক লগে লগে ছিংগাপুৰ জেনেৰেল হস্পিটেললৈ লৈ যোৱা হয় আৰু হস্পিটেলৰ আই চি ইউত ৰাখি প্রায় দুঘণ্টা সময় তেওঁৰ প্ৰাণ ঘূৰাই আনিবলৈ আপ্রাণ চেষ্টা চলোৱা হয়। 


লাহে লাহে অধিক হৃদস্পন্দন কমি অহা জুবিনৰ হয়তো সেই সময়তে বুকুখন বেছিকৈ বিষাই গৈছিল আৰু সেইবাবেই হয়তো জিৰণি বিচাৰি জুবিন গুচি গ'ল মাক আৰু মৰমৰ ভনীয়েক জংকীৰ কাষলৈ। 


'যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে/ যদি আশাৰ চাকিটি উমি উমি জ্বলে/ তথাপি বন্ধু আগুৱাই যাবা/ পিছলৈ ঘূৰি নাচাবা' বুলি কেতিয়াবাই কৈ যোৱা জুবিন নামৰ সত্তাটো এতিয়া নিথৰ হৈ পৰি আছে ছিংগাপুৰ জেনেৰেল হস্পিটেলত। অনুৰাগীৰ এটাই ক্ষোভ থাকি গ'ল জুবিনে কিয় নুবুজিলে যে তেওঁ নোহোৱাকৈ আগুৱাই যাবলৈ অসম আৰু অসমীয়াৰ কিমান কষ্ট হ'ব।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ