--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চকুপানী মচি দিবলৈ, তেজীমলাৰ সাধু শুনিবলৈ, বিষে জৰ্জৰিত কৰা বুকুখন জুৰ পেলাবলৈ মাকক বিচাৰি আজি অজান দেশলৈ গুচি গ'ল জুবিন।

ডিজিটেল ডেস্কঃ কোনেনো দিব মচি মোৰ চকুপানী/ কোনেনো ক'বহি তেজীমলাৰ কাহিনী/ মোৰ ভোক লগা নাই অ' মা, তুমি আহি খুৱাই দিয়ানা/ অ' মা, অ' মা.... 


চকুপানী মচি দিবলৈ, তেজীমলাৰ সাধু শুনিবলৈ, বিষে জৰ্জৰিত কৰা বুকুখন জুৰ পেলাবলৈ মাকক বিচাৰি আজি অজান দেশলৈ গুচি গ'ল জুবিন। কাৰো ওপৰত একো অভিযোেগ নৰখাকৈ, কাৰো প্ৰতি একো অভিমান নৰখাকৈ শিশুৰ দৰেই গুচি গ'ল অসমৰ হার্টথ্র'ব, কোটি কোটি অসমীয়াৰ নয়নৰ মণি হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ। 


শোকত ভাগি পৰা, চকুৰ পানীৰে বাট নেদেখা হোৱা কোটি কোটি অনুৰাগীয়ে এতিয়াও আশা কৰি আছে যেন মৰমৰ জুবিন আকৌ ঘূৰি আহিব, ঘুৰি আহি সেই নিষ্পাপ হাঁহিটো মাৰি বেপৰোৱা ভংগীত ক'বহি- ঘেণ্টা মৃত্যু! মই অসমতহে মৰিম মৰিলে। ছিংগাপুৰৰ সাগৰ তলিত এনেই এবাৰ শুইহে আহিলোঁ। কিন্তু নাহে। 


মৰমৰ জুবিন আকৌ কেতিয়াও অসমবাসীৰ মাজলৈ ঘুৰি নহাৰ বাটেৰে গুচি গ'ল অজান ঠিকনাৰে তৰাৰ দেশলৈ। ছিংগাপুৰৰ সাগৰত মাত্র ৫২ বছৰ বয়সত প্ৰাণ হেৰুওৱা জুবিন গাৰ্গক হেৰুওৱা অনুৰাগীয়ে কৈ উঠিছে- ব্রহ্মপুত্র হোৱা হ'লে জুবিনক ঘূৰাই দিলেহেঁতেন, কিন্তু ছিংগাপুৰৰ সাগৰেতো বুজি নাপায় সেই শিল্পীৰ হৃদয়ৰ গভীৰতা। 


এটা যুগৰ অন্ত পেলাই দেশ-বিদেশৰ কোটি কোটি অনুৰাগীক শোকৰ সাগৰত পেলাই আকাশক গাত লৈ সাগৰ তলিত নীৰৱে শুই পৰিল বিস্ময়কৰ প্ৰতিভা, অবিশ্বাস্য কণ্ঠৰ খেয়ালি অসমীয়াজন। অসম আৰু অসমীয়াক নিষ্পাপ হৃদয়েৰে ভালপোৱা, প্ৰচুৰ বিতৰ্কৰ সৃষ্টি হ'লেও কাৰো হৃদয়ত ঘৃণাৰ সামান্য টোপাল এটাও এৰি নোযোৱা জুবিনৰ অভাৱ এতিয়া অসমে প্রতিদিনে উপলব্ধি কৰিব, ভীষণ উপলব্ধি কৰিব। 


বিহুৰ অনুষ্ঠানত, কোনো প্রতিবাদী কাৰ্যসূচীত নিজৰ যাদুকৰী কণ্ঠ আৰু বেপৰোৱা ষ্টাইলেৰে মানুহক এতিয়াৰে পৰা মন্ত্রমুগ্ধ কৰি নাৰাখে জুবিনে, কেতিয়াও আৰু নকয়- ঘেণ্টা! মই কাকো কেয়াৰ নকৰোঁ। কিন্তু জুবিনে খাতিৰ নকৰিলেও আজি অসমে কেয়াৰ কৰিছে হিয়াৰ আমঠুক! উল্লেখযোগ্য যে ছিংগাপুৰত অনুষ্ঠিত নর্থ-ইষ্ট ফেষ্টিভেলত অংশগ্রহণ কৰিবলৈ যোৱা জুবিন গার্গে কালি ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ একাংশ বিষয়ববীয়া আৰু নিজৰ দুই ঘনিষ্ঠ সংগী সিদ্ধার্থ আৰু শিখৰসহ এখন নাৱত সাগৰেদি যাত্ৰা আৰম্ভ কৰি এটা দ্বীপলৈ ফুৰিবলৈ গৈছিল। 


গৈ থকা অৱস্থাত জুবিন আৰু তেওঁৰ সংগীসকলে সাগৰত সাঁতুৰিছিল আৰু সাঁতুৰি উঠি পুনৰ দ্বীপটোলৈ যাত্ৰা কৰে। দ্বীপটোত উপস্থিত হৈ লাইফ জেকেট পিন্ধি থকা অৱস্থাতে জুবিনে পুনৰ সাঁতুৰিবলৈ বিচাৰে আৰু তেতিয়াই সংগীসকলে লক্ষ্য কৰে যে জুবিনৰ শৰীৰটো থৰ হৈ গৈছে আৰু মুখেৰে ফেন ওলাবলৈ আৰম্ভ কৰিছে। হৃদস্পন্দন লাহে লাহে কমি অহা জুবিনক লগে লগে ছিংগাপুৰ জেনেৰেল হস্পিটেললৈ লৈ যোৱা হয় আৰু হস্পিটেলৰ আই চি ইউত ৰাখি প্রায় দুঘণ্টা সময় তেওঁৰ প্ৰাণ ঘূৰাই আনিবলৈ আপ্রাণ চেষ্টা চলোৱা হয়। 


লাহে লাহে অধিক হৃদস্পন্দন কমি অহা জুবিনৰ হয়তো সেই সময়তে বুকুখন বেছিকৈ বিষাই গৈছিল আৰু সেইবাবেই হয়তো জিৰণি বিচাৰি জুবিন গুচি গ'ল মাক আৰু মৰমৰ ভনীয়েক জংকীৰ কাষলৈ। 


'যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে/ যদি আশাৰ চাকিটি উমি উমি জ্বলে/ তথাপি বন্ধু আগুৱাই যাবা/ পিছলৈ ঘূৰি নাচাবা' বুলি কেতিয়াবাই কৈ যোৱা জুবিন নামৰ সত্তাটো এতিয়া নিথৰ হৈ পৰি আছে ছিংগাপুৰ জেনেৰেল হস্পিটেলত। অনুৰাগীৰ এটাই ক্ষোভ থাকি গ'ল জুবিনে কিয় নুবুজিলে যে তেওঁ নোহোৱাকৈ আগুৱাই যাবলৈ অসম আৰু অসমীয়াৰ কিমান কষ্ট হ'ব।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ