--°C
Loading...
Listen to Article
2 min read
80%

কাইৰো : সমগ্ৰ বিশ্বই কামনা কৰিছিল আফগানিস্তানৰ ৰক্তক্ষয়ী যুদ্ধৰ অৱসান হওক। যুদ্ধজৰ্জৰ দেশখনৰ জনগণে শান্তিত উশাহ লওক। মূলতঃ মাৰ্কিন নীতিয়েই দেশখনৰ দ্ৰুত পৰিৱৰ্তিত পৰিস্থিতিৰ বাবে প্ৰধানকৈ জগৰীয়া বুলি চিহ্নিত হৈছে। যি কাৰণতেই নহওক আফগানিস্তানৰ ভাগ্যৰ এক অবাঞ্চিত পৰিৱৰ্তন ঘটিছে। আৰু তাৰ কুফল সমগ্ৰ বিশ্বতে হয়তো পৰিব পাৰে। সমগ্ৰ বিশ্বই কামনা কৰিছিল যে, আফগানিস্তানৰ যুদ্ধোন্মাদ পৰিস্থিতিৰ অৱসান হওক। সন্ত্ৰাসবাদ, যুদ্ধ শেষ হৈ দেশখনৰ যাত্ৰা আৰম্ভ হওক। এতিয়া দেশখনত যুদ্ধ অৱসানৰ কথা ঘোষণা কৰা হৈছে। কিন্তু দুৰ্ভাগ্যজনক কথাটো হৈছে যে, এই ঘোষণা কৰিছে মৌলবাদী তালিমান সন্ত্ৰাসবাদীয়ে।

যাৰ কৱলৰ পৰা মুক্তি বিচাৰি দেশখনে দীঘলীয়া ৰক্তক্ষয়ী সংগ্ৰাম চলাবলগীয়া হৈছিল তথা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বত কুৰি বছৰজোৰা সামৰিক অভিযান চলিছিল সেই তালিবানেই সমগ্ৰ দেশখন দখল কৰাৰ পাছত এতিয়া যুদ্ধৰ অৱসান ঘটাৰ কথা ঘোষণা কৰিছে। কাবুলৰ ৰাষ্ট্ৰপতি ভৱন দখল কৰাৰ পাছতে এই ঘোষণা কৰে তালিবানে। যুদ্ধৰ অৱসান ঘটাৰ এনে ঘোষণা আশা নিশ্চয় বিশ্বই কৰা নাছিল। তালিবানৰ কৱলত দেশখন এৰি দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ অৰ্থই হৈছে এক ভয়ংকৰ ভৱিষ্যতৰ আগজাননী। আমেৰিকাকে ধৰি বিভিন্ন দেশে নিজ দেশৰ নাগৰিকক আফগানিস্তানৰ পৰা আঁতৰাই নিবলৈ আৰম্ভ কৰিছে আৰু মাৰ্কিন সেনাই ইয়াত নেতৃত্ব দিছে। দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানীয়ে ইতিমধ্যে দেশ এৰি পলায়ন কৰিছে।

দেশ এৰিবলৈ তৎপৰ হৈ পৰা হৈ পৰা দেশখনৰ শ শ নাগৰিকে বিমানবন্দৰত ভিৰ কৰিছে। এয়াই হৈছে আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতি। দেশ দখলৰ পাছতে তালিবানে প্ৰকাশ কৰিছে প্ৰথম প্ৰতিক্ৰিয়া। মৌলবাদী সন্ত্ৰাসবাদী সংগঠনটোৰ মুখপাত্ৰ মহম্মদ নায়ামে প্ৰকাশ কৰিছে যে, ‘আফগানিস্তানৰ জনগণ আৰু মুজাহিদীনৰ বাবে আজিৰ দিনটো এটা বৃহৎ দিন। ২০ বছৰীয়া সংগ্ৰাম আৰু ত্যাগৰ ফলাফল তেওঁলোকে লাভ কৰিলে।’ কিন্তু এই কথা নিশ্চিত যে, সাধাৰণ আফগান জনগণৰ বাবে এই নতুন দিনবোৰ অধিক কণ্টকাকীৰ্ণ হৈ পৰাৰে সংশয় বেছি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ