--°C
Loading...
Listen to Article
2 min read
80%

কাইৰো : সমগ্ৰ বিশ্বই কামনা কৰিছিল আফগানিস্তানৰ ৰক্তক্ষয়ী যুদ্ধৰ অৱসান হওক। যুদ্ধজৰ্জৰ দেশখনৰ জনগণে শান্তিত উশাহ লওক। মূলতঃ মাৰ্কিন নীতিয়েই দেশখনৰ দ্ৰুত পৰিৱৰ্তিত পৰিস্থিতিৰ বাবে প্ৰধানকৈ জগৰীয়া বুলি চিহ্নিত হৈছে। যি কাৰণতেই নহওক আফগানিস্তানৰ ভাগ্যৰ এক অবাঞ্চিত পৰিৱৰ্তন ঘটিছে। আৰু তাৰ কুফল সমগ্ৰ বিশ্বতে হয়তো পৰিব পাৰে। সমগ্ৰ বিশ্বই কামনা কৰিছিল যে, আফগানিস্তানৰ যুদ্ধোন্মাদ পৰিস্থিতিৰ অৱসান হওক। সন্ত্ৰাসবাদ, যুদ্ধ শেষ হৈ দেশখনৰ যাত্ৰা আৰম্ভ হওক। এতিয়া দেশখনত যুদ্ধ অৱসানৰ কথা ঘোষণা কৰা হৈছে। কিন্তু দুৰ্ভাগ্যজনক কথাটো হৈছে যে, এই ঘোষণা কৰিছে মৌলবাদী তালিমান সন্ত্ৰাসবাদীয়ে।

যাৰ কৱলৰ পৰা মুক্তি বিচাৰি দেশখনে দীঘলীয়া ৰক্তক্ষয়ী সংগ্ৰাম চলাবলগীয়া হৈছিল তথা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বত কুৰি বছৰজোৰা সামৰিক অভিযান চলিছিল সেই তালিবানেই সমগ্ৰ দেশখন দখল কৰাৰ পাছত এতিয়া যুদ্ধৰ অৱসান ঘটাৰ কথা ঘোষণা কৰিছে। কাবুলৰ ৰাষ্ট্ৰপতি ভৱন দখল কৰাৰ পাছতে এই ঘোষণা কৰে তালিবানে। যুদ্ধৰ অৱসান ঘটাৰ এনে ঘোষণা আশা নিশ্চয় বিশ্বই কৰা নাছিল। তালিবানৰ কৱলত দেশখন এৰি দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ অৰ্থই হৈছে এক ভয়ংকৰ ভৱিষ্যতৰ আগজাননী। আমেৰিকাকে ধৰি বিভিন্ন দেশে নিজ দেশৰ নাগৰিকক আফগানিস্তানৰ পৰা আঁতৰাই নিবলৈ আৰম্ভ কৰিছে আৰু মাৰ্কিন সেনাই ইয়াত নেতৃত্ব দিছে। দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানীয়ে ইতিমধ্যে দেশ এৰি পলায়ন কৰিছে।

দেশ এৰিবলৈ তৎপৰ হৈ পৰা হৈ পৰা দেশখনৰ শ শ নাগৰিকে বিমানবন্দৰত ভিৰ কৰিছে। এয়াই হৈছে আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতি। দেশ দখলৰ পাছতে তালিবানে প্ৰকাশ কৰিছে প্ৰথম প্ৰতিক্ৰিয়া। মৌলবাদী সন্ত্ৰাসবাদী সংগঠনটোৰ মুখপাত্ৰ মহম্মদ নায়ামে প্ৰকাশ কৰিছে যে, ‘আফগানিস্তানৰ জনগণ আৰু মুজাহিদীনৰ বাবে আজিৰ দিনটো এটা বৃহৎ দিন। ২০ বছৰীয়া সংগ্ৰাম আৰু ত্যাগৰ ফলাফল তেওঁলোকে লাভ কৰিলে।’ কিন্তু এই কথা নিশ্চিত যে, সাধাৰণ আফগান জনগণৰ বাবে এই নতুন দিনবোৰ অধিক কণ্টকাকীৰ্ণ হৈ পৰাৰে সংশয় বেছি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু