--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শ্বাহৰুখ তনয় আৰিয়ান খানক ড্ৰাগছ কাণ্ডৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা এটা নাম চৰ্চাত আছে। সমীৰ ৱাংখেৰে। মু্ম্বাই এনচিবিৰ জ’নেল ডাইৰেক্টৰ সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে এতিয়া ইটোৰ পাছত সিটো বিস্ফোৰক অভিযোগ উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। প্ৰথমে মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা এনচিপিৰ নেতা নৱাব মালিকে সমীৰ ৱাংখেৰেই ধন দাবী কৰা তথা ভুৱা গোচৰ তথা পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰেৰে আৰিয়ানকে ধৰি বিভিন্ন চেলিব্ৰিটিক ফচোৱাৰ অভিযোগ তুলিছিল। মুম্বাইৰ প্ৰমোদ তৰীৰ অভিযান চলোৱাৰ সময়ত এনচিবিৰ দলৰ সৈতে বিজেপি নেতা তথা পলাতক অপৰাধী থকাৰ কথা পোহৰলৈ অহাৰ পাছতে সন্দেহৰ আৱৰ্তলৈ আহিছিল সংস্থাটোৰ ভূমিকা। কিন্তু এইবাৰ তাতোকৈ বিস্ফোৰক অভিযোগ উঠিছে সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে।

এনচিবিয়ে আৰিয়ান কাণ্ডৰ সাক্ষী হিচাপে উপস্থাপন কৰা এজন লোকে তেওঁক জীৱনৰ ভয় দেখুৱাই উকা কাগজত চহী কৰোঁৱা বুলি অভিযোগ কৰিছে। এই সাক্ষীজন হৈছে প্ৰভাকৰ ছেইল। প্ৰভাকৰ হৈছে কে পি গোছাৱী নামৰ বিতৰ্কিত লোকজনক সহযোগী। এইজন কে পি গোছাৱীয়েই প্ৰৱঞ্চনাৰ গোচৰত পলাতক হৈ আছে। আৰিয়ানক আটক কৰাৰ পাছতে আৰিয়ানৰ সৈতে তেওঁ এখন ছেলফী ভাইৰেল হৈ পৰিছিল। গোছাৱীও এই গোচৰৰ এজন সাক্ষী বুলি এনচিবি-এ উপস্থাপন কৰিছিল যদিও তেওঁ নিজেই এতিয়া পলাই ফুৰিছে। এনে ঘটনাক্ৰমে সমীৰ ৱাংখেৰে আৰু এনচিবিৰ ওপৰত সন্দেহ গাঢ় কৰি তুলিছে। কে পি গোছাৱী সন্দেহজনকভাৱে নিৰুদ্দেশ হৈ পৰাৰ পাছতে সমীৰ ৱাংখেৰেই প্ৰভাকৰ ছেইলক মৃত্যুৰ ভাবুকি দিছিল। প্ৰভাকৰ আছিল গোছাৱীৰ বডীগাৰ্ড। এখন নোটাৰীকৃত শপতনামা সংবাদ মাধ্যমক প্ৰদান কৰি এনে বিস্ফোৰক অভিযোগ আনিছে প্ৰভাকৰে। তেওঁ লগতে সদৰি কৰিছে যে, জাহাজখনত এনচিবি-এ অভিযান চলোৱাৰ সময়ত কে পি গোছাৱীৰ লগতে তেৱোঁ উপস্থিত আছিল কিন্তু তেওঁ এই ড্ৰাগছৰ ধৰা সম্পৰ্কত অৱগত নাছিল যদিও তেওঁক জীৱনৰ ভয় দেখুৱাই তেওঁৰ পৰা উকা কাগজত চহী লোৱা হৈছিল।

সমীৰ ৱাংখেৰেই এই অভিযোগ নস্যাত কৰিছে আৰু ইয়াৰ শক্তিশালী প্ৰত্যুত্তৰ দিয়া হ’ব বুলি প্ৰকাশ কৰিছে যদিও প্ৰভাকৰৰ দাবীৰ পাছতে এতিয়া ভালেমান প্ৰশ্নৰ উদয় হৈছে। তাৰ ভিতৰত,
(১) এনচিবি-এ দাবী কৰিছে যে, কে পি গোছাৱী আছিল এজন স্বতন্ত্ৰ সাক্ষী। কিন্তু এজন সাক্ষীয়ে কিদৰে অভিযানত চামিল হ’বলৈ পালে?
(২) প্ৰভাকৰে দাবী কৰাৰ দৰে কিয় উকা কাগজত চহী লৈ সাক্ষীৰ শপতনামা প্ৰস্তুত কৰা হৈছিল?
(৩) আৰিয়ান খানক গোছাৱীৰ ফোনৰ পৰা কাৰ লগত কথা পাতিবলৈ দিয়া হৈছিল? কি কথা পতা হৈছিল?
(৪) ছেম কোন?

ছেমৰ প্ৰসংগও প্ৰভাকৰে তেওঁৰ শপতনামাত উল্লেখ কৰিছে। এই ছেম ডিছুজা নামৰ লোকজনৰ সৈতেই কে পি গোছাৱীয়ে ১৮ কোটি টকাৰ বন্দৱস্ত কৰাৰ কথা তেওঁ শুনিছিল বুলি দাবী কৰিছে। এই ১৮কোটি টকাৰ ৮ কোটি দিবলগীয়া আছিল সমীৰ ৱাংখেৰেক। প্ৰথমে ২৫ কোটি টকা দাবী কৰা হৈছিল আৰু ১৮ কোটিত ডীল ফাইনেল হৈছিল বুলি দাবী কৰিছে প্ৰভাকৰে। প্ৰভাৱকৰে কে পি ডিছুজাৰ পৰা টকা লৈ ছেম ডিছুজাক দিয়া বুলিও দাবী কৰিছে। প্ৰভাকৰে তেওঁৰ লগতে পৰিয়ালৰ নিৰাপত্তাৰ প্ৰতি সংশয় অহা বাবেই এই শপতনামা প্ৰস্তুত কৰা বুলি উল্লেখ কৰিছে। এই বিস্ফোৰক অভিযোগ আৰু শপতনামাই এতিয়া সমগ্ৰ ঘটনা ক্ৰমক লৈ সৃষ্টি হোৱা সন্দেহ অধিক ঘণীভূত কৰি তুলিছে। আৰিয়ান খানক গ্ৰেপ্তাৰৰ আঁৰত থকা ষড়যন্ত্ৰও এতিয়া ফাদিল হ’বলৈ আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী