--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শ্বাহৰুখ তনয় আৰিয়ান খানক ড্ৰাগছ কাণ্ডৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা এটা নাম চৰ্চাত আছে। সমীৰ ৱাংখেৰে। মু্ম্বাই এনচিবিৰ জ’নেল ডাইৰেক্টৰ সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে এতিয়া ইটোৰ পাছত সিটো বিস্ফোৰক অভিযোগ উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। প্ৰথমে মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা এনচিপিৰ নেতা নৱাব মালিকে সমীৰ ৱাংখেৰেই ধন দাবী কৰা তথা ভুৱা গোচৰ তথা পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰেৰে আৰিয়ানকে ধৰি বিভিন্ন চেলিব্ৰিটিক ফচোৱাৰ অভিযোগ তুলিছিল। মুম্বাইৰ প্ৰমোদ তৰীৰ অভিযান চলোৱাৰ সময়ত এনচিবিৰ দলৰ সৈতে বিজেপি নেতা তথা পলাতক অপৰাধী থকাৰ কথা পোহৰলৈ অহাৰ পাছতে সন্দেহৰ আৱৰ্তলৈ আহিছিল সংস্থাটোৰ ভূমিকা। কিন্তু এইবাৰ তাতোকৈ বিস্ফোৰক অভিযোগ উঠিছে সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে।

এনচিবিয়ে আৰিয়ান কাণ্ডৰ সাক্ষী হিচাপে উপস্থাপন কৰা এজন লোকে তেওঁক জীৱনৰ ভয় দেখুৱাই উকা কাগজত চহী কৰোঁৱা বুলি অভিযোগ কৰিছে। এই সাক্ষীজন হৈছে প্ৰভাকৰ ছেইল। প্ৰভাকৰ হৈছে কে পি গোছাৱী নামৰ বিতৰ্কিত লোকজনক সহযোগী। এইজন কে পি গোছাৱীয়েই প্ৰৱঞ্চনাৰ গোচৰত পলাতক হৈ আছে। আৰিয়ানক আটক কৰাৰ পাছতে আৰিয়ানৰ সৈতে তেওঁ এখন ছেলফী ভাইৰেল হৈ পৰিছিল। গোছাৱীও এই গোচৰৰ এজন সাক্ষী বুলি এনচিবি-এ উপস্থাপন কৰিছিল যদিও তেওঁ নিজেই এতিয়া পলাই ফুৰিছে। এনে ঘটনাক্ৰমে সমীৰ ৱাংখেৰে আৰু এনচিবিৰ ওপৰত সন্দেহ গাঢ় কৰি তুলিছে। কে পি গোছাৱী সন্দেহজনকভাৱে নিৰুদ্দেশ হৈ পৰাৰ পাছতে সমীৰ ৱাংখেৰেই প্ৰভাকৰ ছেইলক মৃত্যুৰ ভাবুকি দিছিল। প্ৰভাকৰ আছিল গোছাৱীৰ বডীগাৰ্ড। এখন নোটাৰীকৃত শপতনামা সংবাদ মাধ্যমক প্ৰদান কৰি এনে বিস্ফোৰক অভিযোগ আনিছে প্ৰভাকৰে। তেওঁ লগতে সদৰি কৰিছে যে, জাহাজখনত এনচিবি-এ অভিযান চলোৱাৰ সময়ত কে পি গোছাৱীৰ লগতে তেৱোঁ উপস্থিত আছিল কিন্তু তেওঁ এই ড্ৰাগছৰ ধৰা সম্পৰ্কত অৱগত নাছিল যদিও তেওঁক জীৱনৰ ভয় দেখুৱাই তেওঁৰ পৰা উকা কাগজত চহী লোৱা হৈছিল।

সমীৰ ৱাংখেৰেই এই অভিযোগ নস্যাত কৰিছে আৰু ইয়াৰ শক্তিশালী প্ৰত্যুত্তৰ দিয়া হ’ব বুলি প্ৰকাশ কৰিছে যদিও প্ৰভাকৰৰ দাবীৰ পাছতে এতিয়া ভালেমান প্ৰশ্নৰ উদয় হৈছে। তাৰ ভিতৰত,
(১) এনচিবি-এ দাবী কৰিছে যে, কে পি গোছাৱী আছিল এজন স্বতন্ত্ৰ সাক্ষী। কিন্তু এজন সাক্ষীয়ে কিদৰে অভিযানত চামিল হ’বলৈ পালে?
(২) প্ৰভাকৰে দাবী কৰাৰ দৰে কিয় উকা কাগজত চহী লৈ সাক্ষীৰ শপতনামা প্ৰস্তুত কৰা হৈছিল?
(৩) আৰিয়ান খানক গোছাৱীৰ ফোনৰ পৰা কাৰ লগত কথা পাতিবলৈ দিয়া হৈছিল? কি কথা পতা হৈছিল?
(৪) ছেম কোন?

ছেমৰ প্ৰসংগও প্ৰভাকৰে তেওঁৰ শপতনামাত উল্লেখ কৰিছে। এই ছেম ডিছুজা নামৰ লোকজনৰ সৈতেই কে পি গোছাৱীয়ে ১৮ কোটি টকাৰ বন্দৱস্ত কৰাৰ কথা তেওঁ শুনিছিল বুলি দাবী কৰিছে। এই ১৮কোটি টকাৰ ৮ কোটি দিবলগীয়া আছিল সমীৰ ৱাংখেৰেক। প্ৰথমে ২৫ কোটি টকা দাবী কৰা হৈছিল আৰু ১৮ কোটিত ডীল ফাইনেল হৈছিল বুলি দাবী কৰিছে প্ৰভাকৰে। প্ৰভাৱকৰে কে পি ডিছুজাৰ পৰা টকা লৈ ছেম ডিছুজাক দিয়া বুলিও দাবী কৰিছে। প্ৰভাকৰে তেওঁৰ লগতে পৰিয়ালৰ নিৰাপত্তাৰ প্ৰতি সংশয় অহা বাবেই এই শপতনামা প্ৰস্তুত কৰা বুলি উল্লেখ কৰিছে। এই বিস্ফোৰক অভিযোগ আৰু শপতনামাই এতিয়া সমগ্ৰ ঘটনা ক্ৰমক লৈ সৃষ্টি হোৱা সন্দেহ অধিক ঘণীভূত কৰি তুলিছে। আৰিয়ান খানক গ্ৰেপ্তাৰৰ আঁৰত থকা ষড়যন্ত্ৰও এতিয়া ফাদিল হ’বলৈ আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি