--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ বিৰোধী নেতা আলেক্সেই নাভালনিৰ বিধৱা ইউলিয়া নাভালনায়াই সোমবাৰে কয় যে তেওঁ স্বামীৰ যুঁজখন চলাই নিব। নাভালনিৰ সমৰ্থকসকলক ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিৰুদ্ধে পূৰ্বতকৈ অধিক ক্ৰোধেৰে যুঁজিবলৈ আহ্বান জনায় তেওঁ।

 ৯ মিনিটৰ ভিডিঅ’ বাৰ্তাত ৪৭ বছৰীয়া নাভালনায়াই কয় যে পুটিনে তেওঁৰ স্বামী আৰু দুটা সন্তানৰ পিতৃক হত্যা কৰিছে। কিন্তু এনে অপৰাধৰ একমাত্ৰ উত্তৰ হ’ল মুক্ত আৰু সমৃদ্ধিশালী ৰাছিয়াৰ বাবে প্ৰয়াত স্বামীৰ যুঁজখন অব্যাহত ৰখা বুলি তেওঁ কয়। 

''আলেক্সেই নাভালনিৰ আদৰ্শ অব্যাহত ৰাখিম’’- ভিডিঅ’ বাৰ্তাটোত নাভালনায়াই কয়- ''মই এখন মুক্ত ৰাছিয়াত জীয়াই থাকিব বিচাৰো, মই এখন মুক্ত ৰাছিয়া গঢ়ি তুলিব বিচাৰো।’’

"মই আপোনালোকক মোৰ কাষত থিয় হ'বলৈ আহ্বান জনাইছো"- তেওঁ কয়- "মই আপোনাক অনুৰোধ কৰিছো যে মোৰ লগত ক্ৰোধৰ স’তে ভাগ লওক। আমাৰ ভৱিষ্যতক হত্যা কৰিবলৈ সাহস কৰাসকলৰ প্ৰতি ক্ৰোধ, খং, ঘৃণা। আমি প্ৰতিটো সুযোগৰ ব্যৱহাৰ কৰিব লাগিব। যুদ্ধৰ বিৰুদ্ধে, দুৰ্নীতিৰ বিৰুদ্ধে, অন্যায়ৰ বিৰুদ্ধে যুঁজিব লাগিব। ন্যায্য নিৰ্বাচন আৰু বাক স্বাধীনতাৰ বাবে যুঁজিব লাগিব। আমাৰ দেশক ঘূৰাই পাবলৈ যুঁজিব লাগিব।"

নাভালনায়াই ৰাছিয়া কৰ্তৃপক্ষই নাভালনিৰ মৃতদেহ লুকুৱাই ৰখাৰ লগতে তেওঁৰ শৰীৰৰ পৰা নভিচক নাৰ্ভ এজেণ্টৰ লেখ-জোখ নোহোৱা হোৱালৈ অপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰে। নাভালনায়াই কয় যে ভ্লাদিমিৰ পুটিনে মোৰ স্বামীক হত্যা কৰিছিল। 'আলেক্সেইক হত্যা কৰি পুটিনে মোৰ আধা অংশ হত্যা কৰিলে — মোৰ আধা হৃদয় আৰু আধা আত্মা।  মই আলেক্সেই নাভালনিৰ কাম অব্যাহত ৰাখিম, আমাৰ দেশৰ বাবে যুঁজি যাম ।"’’

উল্লেখ্য যে নাভালনীৰ মৃত্যুৰ সৈতে জড়িত থকাৰ কথা অস্বীকাৰ কৰি ক্ৰেমলিনে কয় যে এই মৃত্যুৰ বাবে পুটিন দায়ী বুলি পশ্চিমীয়াসকলে কৰা দাবী গ্ৰহণযোগ্য নহয়। ৰাছিয়াৰ নিৰ্বাচনত বিদেশী শক্তিসমূহে হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিলে ইয়াৰ তীব্ৰ সঁহাৰি হ’ব বুলি সকীয়াই দিছে পুটিনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন