--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ বিৰোধী নেতা আলেক্সেই নাভালনিৰ বিধৱা ইউলিয়া নাভালনায়াই সোমবাৰে কয় যে তেওঁ স্বামীৰ যুঁজখন চলাই নিব। নাভালনিৰ সমৰ্থকসকলক ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিৰুদ্ধে পূৰ্বতকৈ অধিক ক্ৰোধেৰে যুঁজিবলৈ আহ্বান জনায় তেওঁ।

 ৯ মিনিটৰ ভিডিঅ’ বাৰ্তাত ৪৭ বছৰীয়া নাভালনায়াই কয় যে পুটিনে তেওঁৰ স্বামী আৰু দুটা সন্তানৰ পিতৃক হত্যা কৰিছে। কিন্তু এনে অপৰাধৰ একমাত্ৰ উত্তৰ হ’ল মুক্ত আৰু সমৃদ্ধিশালী ৰাছিয়াৰ বাবে প্ৰয়াত স্বামীৰ যুঁজখন অব্যাহত ৰখা বুলি তেওঁ কয়। 

''আলেক্সেই নাভালনিৰ আদৰ্শ অব্যাহত ৰাখিম’’- ভিডিঅ’ বাৰ্তাটোত নাভালনায়াই কয়- ''মই এখন মুক্ত ৰাছিয়াত জীয়াই থাকিব বিচাৰো, মই এখন মুক্ত ৰাছিয়া গঢ়ি তুলিব বিচাৰো।’’

"মই আপোনালোকক মোৰ কাষত থিয় হ'বলৈ আহ্বান জনাইছো"- তেওঁ কয়- "মই আপোনাক অনুৰোধ কৰিছো যে মোৰ লগত ক্ৰোধৰ স’তে ভাগ লওক। আমাৰ ভৱিষ্যতক হত্যা কৰিবলৈ সাহস কৰাসকলৰ প্ৰতি ক্ৰোধ, খং, ঘৃণা। আমি প্ৰতিটো সুযোগৰ ব্যৱহাৰ কৰিব লাগিব। যুদ্ধৰ বিৰুদ্ধে, দুৰ্নীতিৰ বিৰুদ্ধে, অন্যায়ৰ বিৰুদ্ধে যুঁজিব লাগিব। ন্যায্য নিৰ্বাচন আৰু বাক স্বাধীনতাৰ বাবে যুঁজিব লাগিব। আমাৰ দেশক ঘূৰাই পাবলৈ যুঁজিব লাগিব।"

নাভালনায়াই ৰাছিয়া কৰ্তৃপক্ষই নাভালনিৰ মৃতদেহ লুকুৱাই ৰখাৰ লগতে তেওঁৰ শৰীৰৰ পৰা নভিচক নাৰ্ভ এজেণ্টৰ লেখ-জোখ নোহোৱা হোৱালৈ অপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰে। নাভালনায়াই কয় যে ভ্লাদিমিৰ পুটিনে মোৰ স্বামীক হত্যা কৰিছিল। 'আলেক্সেইক হত্যা কৰি পুটিনে মোৰ আধা অংশ হত্যা কৰিলে — মোৰ আধা হৃদয় আৰু আধা আত্মা।  মই আলেক্সেই নাভালনিৰ কাম অব্যাহত ৰাখিম, আমাৰ দেশৰ বাবে যুঁজি যাম ।"’’

উল্লেখ্য যে নাভালনীৰ মৃত্যুৰ সৈতে জড়িত থকাৰ কথা অস্বীকাৰ কৰি ক্ৰেমলিনে কয় যে এই মৃত্যুৰ বাবে পুটিন দায়ী বুলি পশ্চিমীয়াসকলে কৰা দাবী গ্ৰহণযোগ্য নহয়। ৰাছিয়াৰ নিৰ্বাচনত বিদেশী শক্তিসমূহে হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিলে ইয়াৰ তীব্ৰ সঁহাৰি হ’ব বুলি সকীয়াই দিছে পুটিনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ