--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১০০ সংখ্যক টেষ্ট খেলি ৯টা উইকেট দখল কৰি দলটো জয় কৰে ৰবিচন্দ্ৰন অশ্বিনে। ভাৰতে ৪-১ গ’লত শৃংখলা জয় কৰাৰ পাছত  তেওঁ সুখী। অশ্বিনে ধাৰাবাহিকখনৰ পৰা দুটা মুহূৰ্ত চিনাক্ত কৰিলে যিবোৰ তেওঁ আটাইতকৈ ভাল পাইছিল।

১০০ সংখ্যক টেষ্ট সন্দৰ্ভত অশ্বিনে কয়, "বহুত সুখী। বৰ্তমান মোৰ মনত কি চলি আছে বুজাব পৰা নাই। ১০০ সংখ্যক টেষ্টৰ আগেয়ে বহু শুভেচ্ছা পালোঁ। এই ধাৰাবাহিকখনে বহুখিনিৰ মাজেৰে পাৰ হৈ গৈছে। বিভিন্ন বলিং একচন, গতি আৰু বল ৰিলিজৰ কথা ভাবিব লাগিব। ভাৰতৰ প্ৰতিটো খেলপথাৰতে নতুন নতুন প্ৰত্যাহ্বান। বলৰ আচৰণত সুখী। কিন্তু ধৰ্মশালাত আজিৰ প্ৰদৰ্শন আৰু ৰাঁচীত দ্বিতীয় ইনিংছৰ প্ৰদৰ্শন মোৰ প্ৰিয় আছিল।"

অশ্বিন টেষ্টত বহুমুখী ক্ষমতাৰ বাবে পৰিচিত। তেওঁ কেতিয়াও নিজকে কোনো কৌশলৰ মাজতে সীমাবদ্ধ নাৰাখে। তেওঁ বলটোৰ ভিন্নতা আনিবলৈ চেষ্টা কৰি বেটছমেনসকলক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰে। বলৰ ভিন্নতাৰ কথা কওঁতে অশ্বিনে কয়, ‘এতিয়া যেতিয়া সকলোৰে হাতৰ মুঠিত ভিডিঅ’ বিশ্লেষণ আৰু ফুটেজ আছে, তেতিয়া যিকোনো ব্যক্তিয়ে আপোনাৰ বলটো বুজিব পাৰিব। মই অস্বীকাৰ কৰা নাই যে এটা পথ অনুসৰণ কৰাটো ভাল। কিন্তু পৰীক্ষা-নিৰীক্ষা কৰিলে সদায় কাম হৈছে।"

যদি অশ্বিনে দ্বিতীয় ইনিংছত ইংলেণ্ডক বিপদত পেলায়, তেন্তে কুলদীপ যাদৱেও প্ৰথম ইনিংছত একেদৰেই কৰিছিল। সতীৰ্থ বলাৰক প্ৰশংসা কৰিবলৈ নাপাহৰিলে অশ্বিনে। ক’লে, “আজি পিটচৰ পৰা বাউন্স পাইছো। প্ৰথম ইনিংছত কুলদীপে লাভ কৰে। কুলদীপৰ হাতৰ পৰা অবিশ্বাস্য বল ওলাই আহিছিল। যোৱা ১০ মাহত কুলদীপে ৰিষ্ট স্পিনাৰ হিচাপে যিদৰে আত্মপ্ৰকাশ কৰিছে সেয়া প্ৰশংসনীয়।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু