--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১০০ সংখ্যক টেষ্ট খেলি ৯টা উইকেট দখল কৰি দলটো জয় কৰে ৰবিচন্দ্ৰন অশ্বিনে। ভাৰতে ৪-১ গ’লত শৃংখলা জয় কৰাৰ পাছত  তেওঁ সুখী। অশ্বিনে ধাৰাবাহিকখনৰ পৰা দুটা মুহূৰ্ত চিনাক্ত কৰিলে যিবোৰ তেওঁ আটাইতকৈ ভাল পাইছিল।

১০০ সংখ্যক টেষ্ট সন্দৰ্ভত অশ্বিনে কয়, "বহুত সুখী। বৰ্তমান মোৰ মনত কি চলি আছে বুজাব পৰা নাই। ১০০ সংখ্যক টেষ্টৰ আগেয়ে বহু শুভেচ্ছা পালোঁ। এই ধাৰাবাহিকখনে বহুখিনিৰ মাজেৰে পাৰ হৈ গৈছে। বিভিন্ন বলিং একচন, গতি আৰু বল ৰিলিজৰ কথা ভাবিব লাগিব। ভাৰতৰ প্ৰতিটো খেলপথাৰতে নতুন নতুন প্ৰত্যাহ্বান। বলৰ আচৰণত সুখী। কিন্তু ধৰ্মশালাত আজিৰ প্ৰদৰ্শন আৰু ৰাঁচীত দ্বিতীয় ইনিংছৰ প্ৰদৰ্শন মোৰ প্ৰিয় আছিল।"

অশ্বিন টেষ্টত বহুমুখী ক্ষমতাৰ বাবে পৰিচিত। তেওঁ কেতিয়াও নিজকে কোনো কৌশলৰ মাজতে সীমাবদ্ধ নাৰাখে। তেওঁ বলটোৰ ভিন্নতা আনিবলৈ চেষ্টা কৰি বেটছমেনসকলক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰে। বলৰ ভিন্নতাৰ কথা কওঁতে অশ্বিনে কয়, ‘এতিয়া যেতিয়া সকলোৰে হাতৰ মুঠিত ভিডিঅ’ বিশ্লেষণ আৰু ফুটেজ আছে, তেতিয়া যিকোনো ব্যক্তিয়ে আপোনাৰ বলটো বুজিব পাৰিব। মই অস্বীকাৰ কৰা নাই যে এটা পথ অনুসৰণ কৰাটো ভাল। কিন্তু পৰীক্ষা-নিৰীক্ষা কৰিলে সদায় কাম হৈছে।"

যদি অশ্বিনে দ্বিতীয় ইনিংছত ইংলেণ্ডক বিপদত পেলায়, তেন্তে কুলদীপ যাদৱেও প্ৰথম ইনিংছত একেদৰেই কৰিছিল। সতীৰ্থ বলাৰক প্ৰশংসা কৰিবলৈ নাপাহৰিলে অশ্বিনে। ক’লে, “আজি পিটচৰ পৰা বাউন্স পাইছো। প্ৰথম ইনিংছত কুলদীপে লাভ কৰে। কুলদীপৰ হাতৰ পৰা অবিশ্বাস্য বল ওলাই আহিছিল। যোৱা ১০ মাহত কুলদীপে ৰিষ্ট স্পিনাৰ হিচাপে যিদৰে আত্মপ্ৰকাশ কৰিছে সেয়া প্ৰশংসনীয়।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ