--°C
Loading...
Listen to Article
2 min read
80%

ৰিয়াধ : ১০০১ টা দিন কাৰাৰুদ্ধ জীৱন কটোৱাৰ পাছত মুক্তি লাভ কৰিলে ছৌডি আৰৱৰ প্ৰখ্যাত মানৱ অধিকাৰ কৰ্মী, নাৰী অধিকাৰৰ হকে সংগ্ৰাম কৰোঁতা লউজেন আল হাথলউলে। কালি দেশখনৰ প্ৰশাসনে প্ৰায় তিনি বছৰীয়া কাৰাবন্দীত্বৰ পৰা তেওঁক মুকলি কৰি দিয়া বুলি লউজেনৰ পৰিয়ালৰ লোকে সদৰি কৰিছে। দেশখনত মানৱ অধিকাৰৰ বিষয়ত আমেৰিকাৰ হেঁচা বৃদ্ধি হোৱাৰ পাছতে দেশখনে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি ভবা হৈছে। ৩১বছৰীয়া সমাজকৰ্মীগৰাকীক ২০১৮চনৰ মে’ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰু পঢ়িব পাৰিব : অমানুষিক : গৌৰীপুৰত বিদ্যুতৰ খুটাত বান্ধি যুৱতীক নিৰ্যাতন

দেশখনত মহিলা গাড়ীচালকৰ ওপৰত আৰোপিত কেইবাদশক পুৰণি নিষেধাজ্ঞা প্ৰত্যাহাৰৰ কিছুদিনৰ পূৰ্বে আন ভালেমান মহিলা সমাজকৰ্মীৰ সৈতে তেওঁ গ্ৰেপ্তাৰ হৈছিল। এই নিষেধাজ্ঞা প্ৰত্যাহাৰৰ বাবে এইসকল সংগ্ৰামীয়ে দীঘলীয়া সংগ্ৰাম কৰি আহিছিল। কাৰাগাৰৰ পৰা মুকলি হ’লেও তেওঁ বিচাৰাধীন হৈ থকাৰ লগতে ছৌডি এৰাৰ পৰাও তেওঁক বাৰণ কৰি ৰখা হৈছে। লউজেনৰ মুক্তিৰ বাতৰি প্ৰকাশ কৰি তেওঁৰ ভগ্নী লিনা আল হাথলউলে টুইটাৰত লিখিছে, ‘লউজেন এতিয়া ঘৰত। ১০০১টা দিন কাৰাগাৰত কটোৱাৰ পাছত তেওঁ ঘৰত। তেওঁ ঘৰলৈ উভতিছে যদিও মুক্ত নহয়।’ তেওঁ জ্যেষ্ঠ ভগ্নীৰ ছবিও টুইটাৰযোগে প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব : পশ্চিমবংগত অমিত শ্বাহ, আৰম্ভ ‘জয় শ্ৰীৰাম’ৰ ৰাজনীতি

আমেৰিকাৰ নৱ অভিষিক্ত ৰাষ্ট্ৰপতি জো বাইডেনে দেশখনৰ এই পদক্ষেপক আদৰণি জানাইছে। উল্লেখ্য যে, আমেৰিকাই ছৌডি আৰৱৰ ক্ৰাউন ৰাজকুমাৰ মহম্মদ বিন ছলমানৰ মানৱ অধিকাৰ সম্পৰ্কীয় তথ্যৰ ওপৰত চোকা নজৰ দিবলৈ আৰম্ভ কৰিছিল। বাইডেনে সংগ্ৰামীগৰাকীক মুকলি কৰি দিয়াৰ সিদ্ধান্তক সঠিক সিদ্ধান্ত বুলি অভিহিত কৰিছে। আমেৰিকাৰ গৃহ বিভাগে মন্তব্য কৰে যে, তেওঁ কেতিয়াও কাৰাৰুদ্ধ হোৱা উচিত নাছিল। ‘নাৰীৰ অধিকাৰ আৰু অন্যান্য মানৱ অধিকাৰৰ হকে মাত মতা তথা ইয়াৰ প্ৰচাৰ কৰাটোক কেতিয়াও অপৰাধীকৰণ কৰা উচিত নহয়।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু