--°C
Loading...
Listen to Article
2 min read
80%

ৰিয়াধ : ১০০১ টা দিন কাৰাৰুদ্ধ জীৱন কটোৱাৰ পাছত মুক্তি লাভ কৰিলে ছৌডি আৰৱৰ প্ৰখ্যাত মানৱ অধিকাৰ কৰ্মী, নাৰী অধিকাৰৰ হকে সংগ্ৰাম কৰোঁতা লউজেন আল হাথলউলে। কালি দেশখনৰ প্ৰশাসনে প্ৰায় তিনি বছৰীয়া কাৰাবন্দীত্বৰ পৰা তেওঁক মুকলি কৰি দিয়া বুলি লউজেনৰ পৰিয়ালৰ লোকে সদৰি কৰিছে। দেশখনত মানৱ অধিকাৰৰ বিষয়ত আমেৰিকাৰ হেঁচা বৃদ্ধি হোৱাৰ পাছতে দেশখনে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি ভবা হৈছে। ৩১বছৰীয়া সমাজকৰ্মীগৰাকীক ২০১৮চনৰ মে’ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰু পঢ়িব পাৰিব : অমানুষিক : গৌৰীপুৰত বিদ্যুতৰ খুটাত বান্ধি যুৱতীক নিৰ্যাতন

দেশখনত মহিলা গাড়ীচালকৰ ওপৰত আৰোপিত কেইবাদশক পুৰণি নিষেধাজ্ঞা প্ৰত্যাহাৰৰ কিছুদিনৰ পূৰ্বে আন ভালেমান মহিলা সমাজকৰ্মীৰ সৈতে তেওঁ গ্ৰেপ্তাৰ হৈছিল। এই নিষেধাজ্ঞা প্ৰত্যাহাৰৰ বাবে এইসকল সংগ্ৰামীয়ে দীঘলীয়া সংগ্ৰাম কৰি আহিছিল। কাৰাগাৰৰ পৰা মুকলি হ’লেও তেওঁ বিচাৰাধীন হৈ থকাৰ লগতে ছৌডি এৰাৰ পৰাও তেওঁক বাৰণ কৰি ৰখা হৈছে। লউজেনৰ মুক্তিৰ বাতৰি প্ৰকাশ কৰি তেওঁৰ ভগ্নী লিনা আল হাথলউলে টুইটাৰত লিখিছে, ‘লউজেন এতিয়া ঘৰত। ১০০১টা দিন কাৰাগাৰত কটোৱাৰ পাছত তেওঁ ঘৰত। তেওঁ ঘৰলৈ উভতিছে যদিও মুক্ত নহয়।’ তেওঁ জ্যেষ্ঠ ভগ্নীৰ ছবিও টুইটাৰযোগে প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব : পশ্চিমবংগত অমিত শ্বাহ, আৰম্ভ ‘জয় শ্ৰীৰাম’ৰ ৰাজনীতি

আমেৰিকাৰ নৱ অভিষিক্ত ৰাষ্ট্ৰপতি জো বাইডেনে দেশখনৰ এই পদক্ষেপক আদৰণি জানাইছে। উল্লেখ্য যে, আমেৰিকাই ছৌডি আৰৱৰ ক্ৰাউন ৰাজকুমাৰ মহম্মদ বিন ছলমানৰ মানৱ অধিকাৰ সম্পৰ্কীয় তথ্যৰ ওপৰত চোকা নজৰ দিবলৈ আৰম্ভ কৰিছিল। বাইডেনে সংগ্ৰামীগৰাকীক মুকলি কৰি দিয়াৰ সিদ্ধান্তক সঠিক সিদ্ধান্ত বুলি অভিহিত কৰিছে। আমেৰিকাৰ গৃহ বিভাগে মন্তব্য কৰে যে, তেওঁ কেতিয়াও কাৰাৰুদ্ধ হোৱা উচিত নাছিল। ‘নাৰীৰ অধিকাৰ আৰু অন্যান্য মানৱ অধিকাৰৰ হকে মাত মতা তথা ইয়াৰ প্ৰচাৰ কৰাটোক কেতিয়াও অপৰাধীকৰণ কৰা উচিত নহয়।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement