--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটন : এটা ভয়াৱহ দুৰ্ঘটনাত যুৱকজনৰ মুখমণ্ডল অতি বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। দুয়োখন হাতো হেৰুৱাইছিল দুৰ্ঘটনাত। আমেৰিকাৰ নিউ জাৰ্ছীৰ এই ২২বছৰীয়া যুৱকজনৰ স্বাভাৱিক জীৱন যাপন একপ্ৰকাৰ অসম্ভৱ হৈ উঠিছিল। কিন্তু এদল চিকিৎসকৰ একধৰণৰ চমৎকাৰিত্বৰ জৰিয়তে যুৱকজনে তেওঁৰ জীৱনৰ নতুন সম্ভাৱনা ঘূৰাই পাবলৈ সক্ষম হৈছে। মুখমণ্ডল আৰু দুয়োখন হাত সফলভাৱে সংৰোপন কৰা বিশ্বৰ প্ৰথমজন লোকত পৰিণত হৈছে ২২বছৰীয়া যুৱকজন। তেওঁৰ স্বাস্থ্যৰ চোৱাচিতা কৰা চিকিৎসকৰ দলটোৱে কালি এই কথা ঘোষণা কৰে।

আৰু পঢ়িব পাৰিব : ‘এবাৰ কেঞ্চাৰ ৰোগ নিৰাময় হোৱাৰ পাছত আকৌ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে !’

জো ডিমেঅ’ নামৰ যুৱকজনে নিজৰ কৰ্মক্ষেত্ৰত নিশাৰ ভাগত দায়িত্ব পালন কৰি ঘৰলৈ উভতি অহাৰ সময়ত গাড়ী চলাই থাকোতেই টোপনি গৈছিল আৰু তেওঁৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু পিছত জ্বলি যায়। ২০১৮ চনৰ জুলাই মাহত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত তেওঁৰ জীৱন কোনোমতে ৰক্ষা পৰে যদিও তেওঁৰ শৰীৰ জ্বলি বিকৃত হৈ পৰে। মুখমণ্ডলত অতি বেয়াকৈ জ্বলি যায় যুৱকজনৰ।

তেওঁৰ ওঁঠ আৰু চকুৰ পতাও নষ্ট হৈ যায় দুৰ্ঘটনাৰ ফলত। ‘থাৰ্ড ডিগ্ৰী বাৰ্ন ইনজুৰী’ত ভোগা যুৱকজনক দেহৰ ৮০ শতাংশ অগ্নিদগ্ধ হৈ পৰিছিল। আঢ়ৈ মাহ কোমা অৱস্থাত চিকিৎসাধীন হৈ থকাৰ পাছত তেওঁ সজ্ঞান অৱস্থালৈ আহে যদিও তেওঁৰ স্বাভাৱিক জীৱনৰ বাবে অধিক দীঘলীয়া চিকিৎসাৰ প্ৰয়োজন হয়। শেহতীয়াকৈ তেওঁক নতুন জীৱন দিয়াৰ এক অসাধাৰণ চেষ্টাৰ জৰিয়তে তেওঁৰ মুখমণ্ডল আৰু দুয়োখন হাত সংৰোপন কৰা হয়।

আৰু পঢ়িব পাৰিব : বটদ্ৰৱা কাণ্ডৰ পুনৰাবৃত্তি! কবৰ খান্দি উলিয়ালে মৃত নাৱালিকাক

ডিমেঅ’ই এতিয়া কৈছে যে, জীৱনত এয়া দ্বিতীয়টো সুযোগ তেওঁ লাভ কৰিছে। অন্ধকাৰ সুৰংগৰ শেষত সদায়ে পোহৰৰ অৱস্থিতি থকা বুলি বিশ্বাস কৰি অহা ২২বছৰীয়া জো ডিমেঅ’ৰ এই অস্ত্ৰোপচাৰ সম্পূৰ্ণ সফল হোৱাৰ পাছত শেহতীয়াকৈ তেওঁ সংবাদ মাধ্যমৰ সন্মুখলৈ আহিছে। তেওঁৰ অস্ত্ৰোপটাৰ ২৩ঘণ্টাজুৰি চলিছিল। এন ৱাই ইউ লেংগনৰ মুখমণ্ডল সংৰোপন অভিযানৰ সঞ্চালত ডাঃ এডুৱাৰ্ডো ৰ’ড্ৰিগেজৰ নেতৃত্বত ৯৬জনীয়া স্বাস্থ্যকৰ্মীৰ দলে এই অস্ত্ৰোপচাৰত ভাগ লৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ