--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক : ১৩ বছৰে আত্মগোপন কৰি আছিল দেশত। ১৩ বছৰে চুকত থাকি বুকুত কামোৰ মৰাৰ কাম কৰি আছিল নিৰ্বিঘ্নে। ভুৱা পৰিচয় আৰু প্ৰমাণপত্ৰৰে দিল্লীত বাস কৰি দেশবিৰোধী কাম-কাজ চলাই যোৱা এজন পাকিস্তানী সন্ত্ৰাসবাদী আৰক্ষীৰ জালত পৰাৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ। মহম্মদ আশ্ৰফ নামৰ ৪০বছৰীয়া সন্ত্ৰাসবাদীজনে ১৩ বছৰ পূ্ৰ্বেই বাংলাদেশ হৈ প্ৰৱেশ কৰিছিল ভাৰতত। পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ নিৰ্দেশক্ৰমে নতুন দিল্লীত ভুৱা পৰিচয় আৰু প্ৰমাণপত্ৰৰে আশ্ৰয় গ্ৰহণ কৰি থকা সন্ত্ৰাসবাদীজনে শ্লীপাৰ চেল হিচাপে কাম কৰি আছিল। সোমবাৰে এই সন্ত্ৰাসবাদীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দিল্লী আৰক্ষীৰ বিশেষ শাখাই।

দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ উপ অধীক্ষক প্ৰমোদ কুছৱাহাই এইকথা প্ৰকাশ কৰিছে। এই সন্ত্ৰাসবাদীজনৰ নেতৃত্বতে উৎসৱৰ বতৰত দেশত এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা ষড়যন্ত্ৰ কৰি থকা হৈছিল বুলি প্ৰকাশ কৰিছে কুছৱাহাই। আশ্ৰফক গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ পাছত তেওঁৰ জিম্মাৰপৰা এটা একে-৪৭ ৰাইফল, ৬০জাঁই গুলী, দুটা পিষ্টল, ৫০জাঁই পিষ্টলৰ গুলী আৰু হেণ্ড গ্ৰেণেড উদ্ধাৰ কৰিছে আৰক্ষীয়ে। যমুনা বেংক এলেকাৰ পৰা এই অস্ত্ৰ-শস্ত্ৰসমূহ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আৰক্ষী আয়ুক্ত ৰাকেশ আস্থানাৰ নেতৃত্বত এই বিশেষ শাখাৰ এই অভিযান চলিছিল।‘উৎসৱৰ বতৰত আৰক্ষীৰ বিশেষ শাখাৰ এয়া এক বৃহৎ সাফল্য। আমাৰ টীমে এটা ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকাক নিৰস্ত কৰিলে।’ আস্তানাই সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে আশ্ৰফ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ নাৰৱালৰ বাসিন্দা। তেওঁ দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছতে তেওঁ আইএছআইৰ সংস্পৰ্শলৈ আহিছিল আৰু আইএছআইৰ পৰিকল্পনা মতেই ভাৰতত ভৰি দিছিল। জম্মু-কাশ্মীৰত হোৱা ভালেমান সন্ত্ৰাসবাদী কাৰ্যকলাপতো আশ্ৰফৰ হাত আছিল।

লোকজনে ইয়াৰ পূ্ৰ্বে জম্মু-কাশ্মীৰ, আজমেৰ আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত বসবাস কৰিছিল। দিল্লীত শাস্ত্ৰী নগৰ আৰু লক্ষ্মী নগৰত তেওঁ বসবাস কৰিছিল আৰু তেওঁ আৰক্ষীৰ নজৰলৈ আহে। লক্ষ্মী নগৰৰ ৰমেশ পাৰ্ক এলেকাৰ এটা বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আশ্ৰফক। খোদ ৰাজধানী দিল্লীতে এনেদৰে পাকিস্তানী সন্ত্ৰাসবাদীয়ে বাহৰ পাতি দেশত সন্ত্ৰাস বিয়পোৱাৰ এনে ঘটনা দেশৰ সুৰক্ষাৰ বাবে ভয়ংকৰ প্ৰত্যাহ্বান বিবেচিত হৈছে


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা পৰি শুকাই গৈছে বিঘাই বিঘাই ধান খেতি, নলবাৰীত কৃষক ৰাইজৰ হাহাকাৰ
চন্দ্ৰযানে ধৰা পেলালে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ প্ৰভাৱ, ইছ'ৰৰ সফলতা অর্জন
'মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা মই জানো' - গৰিমা শইকীয়া গাৰ্গ
কাৰ বেংক একাউণ্টত সোমাই জুবিনৰ কামৰ টকা? CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী
সুৰৰ ভগৱানক সংগীতেৰে পূজা, সোণাপুৰৰ সমাধিস্থলীত নাম-প্ৰসংগ, বাঁহীৰ সুৰ, মায়াবিনীৰ মূর্ছনা
শিৱসাগৰত কালীপূজাৰ থলীত জুবিনদাৰ ছবি সম্বলিত স্কুল বেগ বিতৰণ চাফাই কৰ্মীৰ
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক