--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক : ১৩ বছৰে আত্মগোপন কৰি আছিল দেশত। ১৩ বছৰে চুকত থাকি বুকুত কামোৰ মৰাৰ কাম কৰি আছিল নিৰ্বিঘ্নে। ভুৱা পৰিচয় আৰু প্ৰমাণপত্ৰৰে দিল্লীত বাস কৰি দেশবিৰোধী কাম-কাজ চলাই যোৱা এজন পাকিস্তানী সন্ত্ৰাসবাদী আৰক্ষীৰ জালত পৰাৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ। মহম্মদ আশ্ৰফ নামৰ ৪০বছৰীয়া সন্ত্ৰাসবাদীজনে ১৩ বছৰ পূ্ৰ্বেই বাংলাদেশ হৈ প্ৰৱেশ কৰিছিল ভাৰতত। পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ নিৰ্দেশক্ৰমে নতুন দিল্লীত ভুৱা পৰিচয় আৰু প্ৰমাণপত্ৰৰে আশ্ৰয় গ্ৰহণ কৰি থকা সন্ত্ৰাসবাদীজনে শ্লীপাৰ চেল হিচাপে কাম কৰি আছিল। সোমবাৰে এই সন্ত্ৰাসবাদীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দিল্লী আৰক্ষীৰ বিশেষ শাখাই।

দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ উপ অধীক্ষক প্ৰমোদ কুছৱাহাই এইকথা প্ৰকাশ কৰিছে। এই সন্ত্ৰাসবাদীজনৰ নেতৃত্বতে উৎসৱৰ বতৰত দেশত এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা ষড়যন্ত্ৰ কৰি থকা হৈছিল বুলি প্ৰকাশ কৰিছে কুছৱাহাই। আশ্ৰফক গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ পাছত তেওঁৰ জিম্মাৰপৰা এটা একে-৪৭ ৰাইফল, ৬০জাঁই গুলী, দুটা পিষ্টল, ৫০জাঁই পিষ্টলৰ গুলী আৰু হেণ্ড গ্ৰেণেড উদ্ধাৰ কৰিছে আৰক্ষীয়ে। যমুনা বেংক এলেকাৰ পৰা এই অস্ত্ৰ-শস্ত্ৰসমূহ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আৰক্ষী আয়ুক্ত ৰাকেশ আস্থানাৰ নেতৃত্বত এই বিশেষ শাখাৰ এই অভিযান চলিছিল।‘উৎসৱৰ বতৰত আৰক্ষীৰ বিশেষ শাখাৰ এয়া এক বৃহৎ সাফল্য। আমাৰ টীমে এটা ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকাক নিৰস্ত কৰিলে।’ আস্তানাই সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে আশ্ৰফ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ নাৰৱালৰ বাসিন্দা। তেওঁ দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছতে তেওঁ আইএছআইৰ সংস্পৰ্শলৈ আহিছিল আৰু আইএছআইৰ পৰিকল্পনা মতেই ভাৰতত ভৰি দিছিল। জম্মু-কাশ্মীৰত হোৱা ভালেমান সন্ত্ৰাসবাদী কাৰ্যকলাপতো আশ্ৰফৰ হাত আছিল।

লোকজনে ইয়াৰ পূ্ৰ্বে জম্মু-কাশ্মীৰ, আজমেৰ আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত বসবাস কৰিছিল। দিল্লীত শাস্ত্ৰী নগৰ আৰু লক্ষ্মী নগৰত তেওঁ বসবাস কৰিছিল আৰু তেওঁ আৰক্ষীৰ নজৰলৈ আহে। লক্ষ্মী নগৰৰ ৰমেশ পাৰ্ক এলেকাৰ এটা বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আশ্ৰফক। খোদ ৰাজধানী দিল্লীতে এনেদৰে পাকিস্তানী সন্ত্ৰাসবাদীয়ে বাহৰ পাতি দেশত সন্ত্ৰাস বিয়পোৱাৰ এনে ঘটনা দেশৰ সুৰক্ষাৰ বাবে ভয়ংকৰ প্ৰত্যাহ্বান বিবেচিত হৈছে


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক