--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ শ্বাহৰূখৰ দুঃসময়... কোনে কয়, বলীউড ইণ্ডাষ্ট্ৰীট কোনো কাৰো বন্ধু নহয়? সকলোৱে কেৱল নিজৰ লাভ-লোকচানকে প্ৰাধান্য দিয়ে? প্ৰযোজক-অভিনেতা নিখিল দ্বিবেদীয়ে বলীউড সম্পৰ্কে থকা এই পৰম্পৰাগত ধাৰণা শেহতীয়াকৈ ভংগ কৰিছে। বন্ধুৰ প্ৰতি থকা অপাৰ আনুগত্যৰ বহিঃপ্ৰকাশ দেখা পাই নিখিলৰ প্ৰশংসাত গদ গদ হৈ পৰিছে অনুৰাগী। বিষয়টোৱে দৃষ্টিআকৰ্ষণ কৰিছে সহস্ৰজনৰ।

পৰম বন্ধু শ্বাহৰূখৰ শেহতীয়া পৰিস্থিতিৰ বাবে নতুন ছবিৰ পোষ্টাৰ মুকলিৰ পৰা বিৰত থাকিল নিখল দ্বিবেদী। উল্লেখ্য যে, অনুৰাগ কাশ্যপ আৰু নিখিল দ্বিবেদীৰ প্ৰযোজনাৰে মুক্তি পাব নতুন ছবিখন। মুখ্য চৰিত্ৰত অভিনয় কৰিব কৃতি চেননে। কুইণ্টিন টাৰেণ্টিনোৰ পৰিচালিত, ঊমা থাৰ্মান অভিনীত হলীউড ছবি ‘কিল বিল’ৰ কাহিনীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ছবিখন।

জানিবলৈ পোৱা মতে, খান পৰিয়ালৰ এই সংকটৰ সময়ত নিখিল দ্বিবেদীয়ে নতুন ছবিখনৰ পোষ্টাৰ উন্মোচন নকৰে। ড্ৰাগছৰ গোচৰত অভিযুক্ত আৰিয়ান গ্ৰেপ্তাৰ হোৱাৰ পাছৰেপৰা দুঃচিন্তাৰ ছাঁ পৰিছে শ্বাহৰূখৰ গাটো। ইফালে, আৰিয়ানৰ জামিনৰ আবেদনো একাধিকবাৰ খাৰিজ কৰা হৈছে। কাৰাগাৰৰ বন্ধ কোঠাত দিন কটাইছে শ্বাহৰূখ তনয় আৰিয়ানে। বন্ধুৰ এনে কঠিন সময়ত ব্যক্তিগত লাভ-লোকচানৰ কথালৈ কাণসৰালি দিছে নিখিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক