--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিষ্ঠ অভিনেতা মনোজ বাজপেয়ীয়ে শেহতীয়াকৈ ব্যক্তিগত জীৱনৰ সৈতে জড়িত এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে।  শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মনোজে কয় যে তেওঁ প্ৰায় ১৪ বছৰ ধৰি ৰাতিৰ আহাৰ খোৱা নাই। হয় ঠিকেই শুনিছে ১৪ বছৰ আগতে মনোজে ৰাতিৰ আহাৰ খোৱা বাদ দিছিল। 

তেওঁৰ কথা শুনি সকলো আচৰিত হৈ পৰিছে যে মনোজ বাজপেয়ীয়ে কিয় জীৱনত এই নিয়ম মানি চলিছে? যদি আপুনি ইয়াৰ কাৰণ জানে তেন্তে আপুনিও এই কথা অনুসৰণ কৰিবলৈ অণুপ্ৰাণিত হ’ব। মনোজে কয় যে তেওঁ নিজৰ স্বাস্থ্যৰ যত্ন ল’বলৈ ৰাতিৰ আহাৰ এৰি দিয়াৰ সিদ্ধান্ত লৈছিল। দুপৰীয়াৰ পাছত তেওঁৰ পাকঘৰ বন্ধ হৈ যায়।

মনোজ বাজপেয়ীয়ে কয় যে তেওঁ এই কথা তেওঁৰ ককাকৰ পৰা শিকিছে। স্বাস্থ্যৰ প্ৰতি তেওঁ অতি সজাগ আছিল আৰু ৰাতিৰ আহাৰ নাখাইছিল। কেতিয়াৰ পৰা ৰাতিৰ আহাৰ খোৱা নাই বুলি সোধাত মনোজে কয়, "প্ৰায় ১৪ বছৰ হ'ল... মই দেখিছিলো যে মোৰ ককা সদায় বহুত ফিট আছিল... গতিকে মই ভাবিলোঁ ময়ো একে কৌশল গ্ৰহণ কৰা উচিত। তাৰপাছত যেতিয়া মই সেইটো আৰম্ভ কৰিলোঁ, তেতিয়া মোৰ ওজন নিয়ন্ত্ৰণ হ’বলৈ ধৰিলে। মই বৰ শক্তিশালী আৰু সুস্থ অনুভৱ কৰিবলৈ ধৰিলোঁ। ভিতৰৰ পৰা ভাল লাগি আহিল আৰু এই অভ্যাসটো চিৰদিনৰ বাবে মোৰ জীৱনশৈলীত অন্তৰ্ভুক্ত কৰিলোঁ। মই এইটোত সামান্য পৰিৱৰ্তন কৰিলোঁ যে কেতিয়াবা ১২ ঘণ্টা, কেতিয়াবা ১৪ ঘণ্টা উপবাসে থাকো। লাহে লাহে ৰাতিৰ আহাৰ ৰুটিনৰ পৰা আঁতৰাবলৈ ধৰিলোঁ। এইদৰে দুপৰীয়াৰ পিছত আমাৰ পাকঘৰত কাম নাথাকে। ৰাতিৰ আহাৰ আমাৰ পাকঘৰত তেতিয়াহে ৰন্ধা হয় যেতিয়া আমাৰ ছোৱালীজনী হোষ্টেলৰ পৰা ঘৰলৈ আহে।"

মনোজে কয় যে আৰম্ভণিতে তেওঁৰ বাবে এই ৰুটিন মানি চলাটো অতি কঠিন আছিল। ভোক নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ প্ৰচুৰ পৰিমাণে পানী আৰু স্বাস্থ্যকৰ বিস্কুট খাইছিল। এই জীৱনশৈলীয়ে তেওঁৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে। ডায়েবেটিছ, কলেষ্টেৰল আৰু হৃদৰোগৰ পৰা তেওঁ নিৰাপদ দূৰত্বত আছে। 

কামৰ কথা ক’বলৈ গলে মনোজক অতি সোনকালে দেখা যাব ‘ছিৰ্ফ এক বাণ্ডা কাফি হে’ত। এই ছবিখন অহা ২৩ মে’ত ZEE5 ত মুক্তি পাব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?