--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিষ্ঠ অভিনেতা মনোজ বাজপেয়ীয়ে শেহতীয়াকৈ ব্যক্তিগত জীৱনৰ সৈতে জড়িত এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে।  শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মনোজে কয় যে তেওঁ প্ৰায় ১৪ বছৰ ধৰি ৰাতিৰ আহাৰ খোৱা নাই। হয় ঠিকেই শুনিছে ১৪ বছৰ আগতে মনোজে ৰাতিৰ আহাৰ খোৱা বাদ দিছিল। 

তেওঁৰ কথা শুনি সকলো আচৰিত হৈ পৰিছে যে মনোজ বাজপেয়ীয়ে কিয় জীৱনত এই নিয়ম মানি চলিছে? যদি আপুনি ইয়াৰ কাৰণ জানে তেন্তে আপুনিও এই কথা অনুসৰণ কৰিবলৈ অণুপ্ৰাণিত হ’ব। মনোজে কয় যে তেওঁ নিজৰ স্বাস্থ্যৰ যত্ন ল’বলৈ ৰাতিৰ আহাৰ এৰি দিয়াৰ সিদ্ধান্ত লৈছিল। দুপৰীয়াৰ পাছত তেওঁৰ পাকঘৰ বন্ধ হৈ যায়।

মনোজ বাজপেয়ীয়ে কয় যে তেওঁ এই কথা তেওঁৰ ককাকৰ পৰা শিকিছে। স্বাস্থ্যৰ প্ৰতি তেওঁ অতি সজাগ আছিল আৰু ৰাতিৰ আহাৰ নাখাইছিল। কেতিয়াৰ পৰা ৰাতিৰ আহাৰ খোৱা নাই বুলি সোধাত মনোজে কয়, "প্ৰায় ১৪ বছৰ হ'ল... মই দেখিছিলো যে মোৰ ককা সদায় বহুত ফিট আছিল... গতিকে মই ভাবিলোঁ ময়ো একে কৌশল গ্ৰহণ কৰা উচিত। তাৰপাছত যেতিয়া মই সেইটো আৰম্ভ কৰিলোঁ, তেতিয়া মোৰ ওজন নিয়ন্ত্ৰণ হ’বলৈ ধৰিলে। মই বৰ শক্তিশালী আৰু সুস্থ অনুভৱ কৰিবলৈ ধৰিলোঁ। ভিতৰৰ পৰা ভাল লাগি আহিল আৰু এই অভ্যাসটো চিৰদিনৰ বাবে মোৰ জীৱনশৈলীত অন্তৰ্ভুক্ত কৰিলোঁ। মই এইটোত সামান্য পৰিৱৰ্তন কৰিলোঁ যে কেতিয়াবা ১২ ঘণ্টা, কেতিয়াবা ১৪ ঘণ্টা উপবাসে থাকো। লাহে লাহে ৰাতিৰ আহাৰ ৰুটিনৰ পৰা আঁতৰাবলৈ ধৰিলোঁ। এইদৰে দুপৰীয়াৰ পিছত আমাৰ পাকঘৰত কাম নাথাকে। ৰাতিৰ আহাৰ আমাৰ পাকঘৰত তেতিয়াহে ৰন্ধা হয় যেতিয়া আমাৰ ছোৱালীজনী হোষ্টেলৰ পৰা ঘৰলৈ আহে।"

মনোজে কয় যে আৰম্ভণিতে তেওঁৰ বাবে এই ৰুটিন মানি চলাটো অতি কঠিন আছিল। ভোক নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ প্ৰচুৰ পৰিমাণে পানী আৰু স্বাস্থ্যকৰ বিস্কুট খাইছিল। এই জীৱনশৈলীয়ে তেওঁৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে। ডায়েবেটিছ, কলেষ্টেৰল আৰু হৃদৰোগৰ পৰা তেওঁ নিৰাপদ দূৰত্বত আছে। 

কামৰ কথা ক’বলৈ গলে মনোজক অতি সোনকালে দেখা যাব ‘ছিৰ্ফ এক বাণ্ডা কাফি হে’ত। এই ছবিখন অহা ২৩ মে’ত ZEE5 ত মুক্তি পাব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে