--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ল। অৱশেষত ১৪বছৰৰ পাছত লেবাৰ পাৰ্টিৰ শাসনলৈ আহিল ব্ৰিটেইন। ৬৫০খন আসনৰ ৪০৯ আসনতেই জয়লাভ কৰিছে লেবাৰ পাৰ্টিয়ে। কেইৰ ষ্টাৰমাৰ হ'ব ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী। বৃহস্পতিবাৰে অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত কনজাৰ্ভেটিভ পাৰ্টিৰ প্ৰাৰ্থী তথা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে পৰাজয় স্বীকাৰ কৰে।

এই নিৰ্বাচনত ইতিমধ্যে বিৰোধী লেবাৰ পাৰ্টিয়ে নিৰংকুশ বিজয় নিশ্চিত কৰিছে। আনহাতে, বৰ্তমানৰ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ দল কনজাৰ্ভেটিভ পাৰ্টি নিৰ্বাচনত পৰাস্ত হৈছে।

ব্ৰিটেইনৰ নিৰ্বাচনী পৰম্পৰা অনুসৰি, এটা দলে মুঠ ৬৫০ খন আসনৰ ভিতৰত ৩২৬ খন আসনত জয় লাভ কৰিলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰে আৰু সেই দলৰ মুৰব্বীয়ে প্ৰধানমন্ত্ৰী হিচাপে চৰকাৰ গঠন কৰিব পাৰে। সেই অনুসৰি বিট্ৰেইনত এইবাৰ চৰকাৰ গঠন কৰিব লেবাৰ পাৰ্টিয়ে। এইবাৰ নিৰ্বাচনত সৰ্বাধিক ৯৮ টা দলে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছে ৪ হাজাৰ ৫১৫গৰাকী।

উল্লেখ্য যে ঋষি চুনাক ব্ৰিটেইনৰ প্ৰথমগৰাকী ভাৰতীয়মূলৰ প্ৰধানমন্ত্ৰী আছিল। অৱশ্যে কেন্দ্ৰ-বাওঁপন্থী লেবাৰ পাৰ্টীৰ বিপুল জয়ে কনজাৰ্ভেটিভ পাৰ্টীৰ ১৪ বছৰীয়া ৰাজত্বৰ সমাপ্তি ঘটায় আৰু এতিয়া শ্ৰমিক নেতা কেইৰ ষ্টাৰমাৰে প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'ব। ষ্টাৰমাৰ এগৰাকী প্ৰাক্তন বেৰিষ্টাৰ যি ২০১৫ চনত সংসদত প্ৰৱেশ কৰিছিল আৰু ২০২০ চনত শ্ৰমিকৰ নেতৃত্ব গ্ৰহণ কৰিছিল। যাৰ দ্বাৰা তেওঁ তেওঁৰ দলক ৰাজনৈতিক কেন্দ্ৰৰ ফালে লৈ গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক