--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : তালিবান অধ্যুষিত আফগানিস্তানত বিপদৰ সন্মুখীন হৈছে একাংশ ভাৰতীয় নাগৰিক। সহস্ৰাধিক ভাৰতীয় নাগৰিক আফগানিস্তানত আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। এইসকলৰ লোকক তাৰ পৰা দেশলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰি থকা হৈছে যদিও তালিবানৰ বাধাই এই প্ৰক্ৰিয়াত ব্যাঘাত জন্মাইছে। আজি পুৱাৰ ভাগত স্বদেশলৈ উভতিবলৈ কাবুল এয়াৰপ’ৰ্ট অভিমুখে আহি থকা অৱস্থাত ১৫০জনকৈ ভাৰতীয়ক আটক কৰে তালিবান সন্ত্ৰাসবাদীয়ে।

কাবুল বিমানবন্দৰত বিমানৰ বাবে অপেক্ষা কৰি থকা সময়ত তেওঁলোকক আটক কৰি থানালৈ লৈ যায় তালিবানে। তাতে তালিবানে তেওঁলোকক সোধা-পোচা কৰাৰ লগতে তেওঁলোকৰ ভ্ৰমণৰ নথি-পত্ৰও পৰীক্ষা কৰে। অৱশ্যে, ইয়াৰ পাছত তেওঁলোকক মুকলি কৰি দিয়া হয়। তেওঁলোকক তাৎক্ষণিকভাৱে বিমানেৰে দেশলৈ ঘূৰাই অনা হ’ব বুলি চৰকাৰৰ এটা সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে, বিভিন্ন চহৰত আবদ্ধ হৈ পৰা ভাৰতীয় নাগৰিকসকলক দেশলৈ সুকলমে ঘূৰাই অনাত প্ৰতিকূলতাৰ সৃষ্টি হৈছে। কাবুল এয়াৰপ’ৰ্টলৈ অহাৰ বাটত তালিবানে বিভিন্ন তালাচী চকী স্থাপন কৰি বিভিন্ন লোকক হাৰাশাস্তি কৰাৰ বাবে শংকাৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে অৱশ্যে ভাৰতৰ আবদ্ধ লোকক উদ্ধাৰ অভিযান চলি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ