--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ দুজন মহিলা কনিষ্টবলে দিল্লী উচ্চ ন্যায়ালয়ৰ বিৰুদ্ধে আফগানিস্তানলৈ স্থানান্তৰ বিচাৰি আবেদন কৰিছে। কিন্তু আদালতে গোচৰটো খাৰিজ কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজীৱ সহায় আৰু ন্যায়াধীশ অমিত বনচালে এনেধৰণৰ গোচৰৰ আবেদনত আচৰ্য প্ৰকাশ কৰিছে।


গোচৰটো খাৰিজ কৰি আদালতে সদৰী কৰিছে যে, ‘সশস্ত্ৰ বাহিনীৰ সদস্য হিচাপে যিকোনো স্থানতে ইণ্ডো-টিবেটান সীমান্ত আৰক্ষীৰ (আইটিবিপি) সদস্যসকলক নিয়োগ কৰিব পাৰি। কিন্তু প্ৰয়োজন অনুসৰিহে এই স্থানান্তৰকৰণৰ ব্যৱস্থা হাতত লোৱা হয়। তেওঁলোকৰ আফগানিস্তানত বিশেষভাৱে নিযুক্তি বিচৰাৰ কোনো অধিকাৰ নাই। কিন্তু আমি আচৰিত যে তেওঁলোকে নিজেই এই ভয়ানক পৰিস্থিতিত আফগানিস্তানত নিয়োজিত হোৱাৰ বাবে আবেদন কৰিছে।’


ইফালে, আবেদনকাৰী কনিষ্টবল দুজনৰ দাবী, তেওঁলোকক বিগত বৰ্ষৰ আগষ্টত দুবছৰৰ বাবে কাবুলৰ দূতাবাসত নিযুক্তি দিয়া হৈছিল। কিন্তু তেওঁলোকক চলিত বৰ্ষৰ জুন মাহত আকৌ এবাৰ ভাৰতলৈ স্থানান্তৰ কৰা হৈছিল। কাবুলত দুবছৰ থকাটো তেওঁলোকৰ অধিকাৰৰ ভিতৰত পৰে বুলি প্ৰবল যুক্তি প্ৰকাশ কৰিছে দুয়োগৰাকী কনিষ্টবলে। জানিবলৈ পোৱা মতে, ইণ্ডো-টিবেটান সীমান্ত আৰক্ষীয়ে (আইটিবিপি) সেই সময়ত কাবুলত ৩গৰাকী মহিলা কনিষ্টবল মোতায়েন কৰা হৈছিল। আদালতে তেতিয়া কৈছিল যে কনিষ্টবলসকলে তেওঁলোকক ক'ত নিয়োজিত কৰা হ’ব সেইটো নিজৰ পৰা বাছনি কৰিব নোৱাৰে। উল্লেখ্য যে ১৫ আগষ্টৰ পৰা আইটিবিপিৰ ৯৯ জন সদস্য আৰু দুটা স্নিফাৰ কুকুৰ আফগানিস্তানৰ পৰা ভাৰতলৈ ঘূৰাই অনা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ