--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : তালিবানী ত্ৰাসে জৰ্জৰিত কৰা আফগানিস্তানৰ পৰা উভতিল ৮৫ ভাৰতীয়। ভাৰতীয় বায়ুসেনাৰ এখন বিমানেৰে এইসকল লোকক দেশৰ মাটিলৈ ঘূৰাই অনা হ’ল। শনিবাৰে পুৱা বায়ুসেনাৰ চি-১৩০জে যাত্ৰাবাহী বিমানখনেৰে এইসকল লোকক সন্ত্ৰাসৰ ভূমিৰ পৰা লৈ অহা হ’ল দেশৰ মাটিলৈ। চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে যে, আফগানিস্তানত আবদ্ধ হৈ থকা ভাৰতীয়সকলক দেশলৈ ঘূৰাই অনা এনে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। কাবুলৰ পৰা উৰা মৰা বিমানখনে ইন্ধন ভৰোৱাৰ বাবে তাজিকিস্তানৰ ডুশ্বানবিত সুকলমে অৱতৰণ কৰা বুলি জানিব পৰা গৈছে।

ভাৰতে আফগানিস্তানৰ পৰা সকলো কূটনীতিককে দেশলৈ ঘূৰাই আনিছে যদিও তালিবানী সন্ত্ৰাসে জৰ্জৰিত কৰা দেশখনৰ বিভিন্ন চহৰত এতিয়া সহস্ৰাধিক ভাৰতীয় আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। তেওঁলোকৰ সকলোৱে দূতাবাসত নিজৰ নাম পঞ্জীয়ন নকৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ অৱস্থান আৰু কি পৰিস্থিতিত তেওঁলোক আছে সেয়া নিশ্চিত কৰাটো প্ৰত্যাহ্বানৰ বিষয় হৈ পৰিছে বুলি প্ৰকাশ কৰিছে গৃহ মন্ত্ৰণালয়ে।

ইফালে, কাবুলৰ পৰা আন ২৫০জন ভাৰতীয়ক দেশলৈ ঘূৰাই অনাৰ বাবে বায়ুসেনাৰ আন এখন বিমান সাজু হৈ আছে। যিমান সোনকালে ভাৰতীয় নাগৰিকসকল বিমানবন্দৰত উপস্থিত হ’ব পাৰে, সিমান সোনকালেই বিমানখনে দেশলৈ উৰা মৰাৰ সম্ভাৱনা আছে। তালিবানে বিমানবন্দৰলৈ যোৱা পথ বন্ধ কৰি দিয়াৰ বাবে এই প্ৰত্যাৱৰ্তন যাত্ৰা কষ্টকৰ হোৱাৰ আশংকাই দেখা দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ