--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মহাতাৰকাসকলক লৈ অনুৰাগীৰ কৌতুহল থকাটো স্বাভাৱিক। সেই তালিকাৰ অন্যতম নাম অমিতাভ বচ্চন আৰু জয়া বচ্চন। শেহতীয়াকৈ জয়া বচ্চনে সমাজবাদী পাৰ্টীৰ সদস্য হিচাপে পঞ্চমবাৰৰ বাবে ৰাজ্যসভাৰ টিকট লাভ কৰিছে। মঙলবাৰে জয়া বচ্চনে মনোনয়ন পত্ৰ দাখিল কৰে। স্বামীৰ সৈতে যৌথ সম্পত্তিৰ পৰিমাণো ঘোষণা কৰিছে প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে, যিটো জানি বহুজন হয়তো স্তম্ভিত হ’ব।

২০০৪ চনত জয়াই সমাজবাদী পাৰ্টীত যোগদান কৰে। ৰাজ্যসভাৰ সদস্য হিচাপে নিজৰ নাম ঘোষণা কৰাৰ পাছত জয়াই ঘোষণা কৰে যে অমিতাভ আৰু তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৫৭৮ কোটি টকা। অমিতাভ আৰু জয়াৰ শপতনামা অনুসৰি দুয়োৰে স্থাৱৰ সম্পত্তি প্ৰায় ৮৫০ কোটি টকা। আনহাতে, তেওঁলোকৰ চলনশীল সম্পত্তিৰ পৰিমাণ ৭২৯ কোটি ৭৭ লাখ টকা। জয়াৰ বেংক একাউণ্টত জমা আছম ১০ কোটিৰো অধিক টকা। আনহাতে অমিতাভৰ ক্ষেত্ৰত এই ধনৰাশি ১২০ কোটি ৪৫ লাখ ৬২ হাজাৰ ৮৩ টকা।

বচ্চন পৰিয়ালৰ আড়ম্বৰপূৰ্ণ জীৱনশৈলী কাৰো বাবে অচিনাকি নহয়।জয়া বচ্চনৰ ব্যক্তিগত গহনাসমূহৰ মূল্য ৪০ কোটি ৯৭ লাখ টকা। ইয়াৰ বাহিৰেও তেওঁৰ এখন গাড়ী আছে যাৰ মূল্য ৯ লাখ ৮২ হাজাৰ টকা। আনহাতে অমিতাভৰ অলংকাৰৰ মুঠ মূল্য ৫৪ কোটি ৭৭ লাখ টকা। ইয়াৰ লগে লগে অমিতাভৰ ব্যক্তিগত সংগ্ৰহত মুঠ ১৬খন গাড়ী আছে। ইয়াৰ ভিতৰত দুখন মাৰ্চিডিজ আৰু এখন ৰ’লছ ৰয়েচ গাড়ীৰ মুঠ বজাৰ মূল্য ১৭ কোটি ৬৬ লাখ টকা।


উল্লেখ্য যে ২৭ ফেব্ৰুৱাৰীত ৰাজ্যসভাৰ নিৰ্বাচন। য'ত ১৫ খন ৰাজ্যৰ বাবে ৫৬ খন আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব।সমাজবাদী পাৰ্টীয়ে জয়া বচ্চনৰ উপৰিও ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাক্তন সাংসদ ৰামজীলাল সুমন আৰু অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া আলোক ৰঞ্জনৰ নাম ঘোষণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী