--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মহাতাৰকাসকলক লৈ অনুৰাগীৰ কৌতুহল থকাটো স্বাভাৱিক। সেই তালিকাৰ অন্যতম নাম অমিতাভ বচ্চন আৰু জয়া বচ্চন। শেহতীয়াকৈ জয়া বচ্চনে সমাজবাদী পাৰ্টীৰ সদস্য হিচাপে পঞ্চমবাৰৰ বাবে ৰাজ্যসভাৰ টিকট লাভ কৰিছে। মঙলবাৰে জয়া বচ্চনে মনোনয়ন পত্ৰ দাখিল কৰে। স্বামীৰ সৈতে যৌথ সম্পত্তিৰ পৰিমাণো ঘোষণা কৰিছে প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে, যিটো জানি বহুজন হয়তো স্তম্ভিত হ’ব।

২০০৪ চনত জয়াই সমাজবাদী পাৰ্টীত যোগদান কৰে। ৰাজ্যসভাৰ সদস্য হিচাপে নিজৰ নাম ঘোষণা কৰাৰ পাছত জয়াই ঘোষণা কৰে যে অমিতাভ আৰু তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৫৭৮ কোটি টকা। অমিতাভ আৰু জয়াৰ শপতনামা অনুসৰি দুয়োৰে স্থাৱৰ সম্পত্তি প্ৰায় ৮৫০ কোটি টকা। আনহাতে, তেওঁলোকৰ চলনশীল সম্পত্তিৰ পৰিমাণ ৭২৯ কোটি ৭৭ লাখ টকা। জয়াৰ বেংক একাউণ্টত জমা আছম ১০ কোটিৰো অধিক টকা। আনহাতে অমিতাভৰ ক্ষেত্ৰত এই ধনৰাশি ১২০ কোটি ৪৫ লাখ ৬২ হাজাৰ ৮৩ টকা।

বচ্চন পৰিয়ালৰ আড়ম্বৰপূৰ্ণ জীৱনশৈলী কাৰো বাবে অচিনাকি নহয়।জয়া বচ্চনৰ ব্যক্তিগত গহনাসমূহৰ মূল্য ৪০ কোটি ৯৭ লাখ টকা। ইয়াৰ বাহিৰেও তেওঁৰ এখন গাড়ী আছে যাৰ মূল্য ৯ লাখ ৮২ হাজাৰ টকা। আনহাতে অমিতাভৰ অলংকাৰৰ মুঠ মূল্য ৫৪ কোটি ৭৭ লাখ টকা। ইয়াৰ লগে লগে অমিতাভৰ ব্যক্তিগত সংগ্ৰহত মুঠ ১৬খন গাড়ী আছে। ইয়াৰ ভিতৰত দুখন মাৰ্চিডিজ আৰু এখন ৰ’লছ ৰয়েচ গাড়ীৰ মুঠ বজাৰ মূল্য ১৭ কোটি ৬৬ লাখ টকা।


উল্লেখ্য যে ২৭ ফেব্ৰুৱাৰীত ৰাজ্যসভাৰ নিৰ্বাচন। য'ত ১৫ খন ৰাজ্যৰ বাবে ৫৬ খন আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব।সমাজবাদী পাৰ্টীয়ে জয়া বচ্চনৰ উপৰিও ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাক্তন সাংসদ ৰামজীলাল সুমন আৰু অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া আলোক ৰঞ্জনৰ নাম ঘোষণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু