--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চি জে পিৰ নেতৃত্বত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে সংসদলৈ পদযাত্রা কৰাৰ সময়ত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল। আৰক্ষীয়ে চলোৱা নিৰ্মম অত্যাচাৰত ভালেমান প্রতিবাদকাৰী ছাত্র-ছাত্রী আহত হয়।

ডিজিটেল ডেস্ক: ৰাজধানী দিল্লীত ককৰ'চ জনতা পাৰ্টিৰ (চি জে পি) ধর্ণা কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছে। কালি প্রশাসনে সতর্কতামূলৰ ব্যৱস্থা হিচাপে দিল্লীৰ ১৬টা মেট্ৰ ৰে'ল ষ্টেছন বন্ধ কৰি ৰখাৰ সিদ্ধান্ত লয়।


দিল্লী মেট্ৰ' ৰে'ল কৰ্প'ৰেশ্যনৰ মতে কালি নিৰাপত্তাজনিত কাৰণত জনপথ, ৰাজীৱ চ'ক, পেটেল চ'ক আৰু চেন্ট্রেল ছেক্রেটেৰিয়েট মেট্র' ষ্টেছনসহ ১৬টা মেট্র ষ্টেছনত প্ৰৱেশ আৰু প্ৰস্থান বন্ধ কৰি দিয়া হৈছে। ইয়াৰ ফলত হাজাৰ হাজাৰ যাত্ৰী কালি যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। অৱশ্যে পিছবেলালৈ এই ষ্টেছনসমূহ পুনৰ খোলা হয়। চি জে পিৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হয়। 


উল্লেখযোগ্য যে যোৱা ২০ জুলাইত চি জে পিৰ নেতৃত্বত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে সংসদলৈ পদযাত্রা কৰাৰ সময়ত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল। আৰক্ষীয়ে চলোৱা নিৰ্মম অত্যাচাৰত ভালেমান প্রতিবাদকাৰী ছাত্র-ছাত্রী আহত হয়। 


সেই দিনাও কেইঘণ্টামানৰ বাবে ৰাজীৱ চ'কসহ পাঁচটা মেট্র' ষ্টেছন বন্ধ কৰি দিয়া হৈছিল। উল্লেখযোগ্য যে নীটৰ প্ৰশ্ন কাকত ফাদিলক লৈ কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্ৰধানৰ পদত্যাগ আৰু আন তিনিটা দাবীৰ সমৰ্থনত চি জে পিয়ে দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা দি আছে।

উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ