--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চি জে পিৰ নেতৃত্বত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে সংসদলৈ পদযাত্রা কৰাৰ সময়ত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল। আৰক্ষীয়ে চলোৱা নিৰ্মম অত্যাচাৰত ভালেমান প্রতিবাদকাৰী ছাত্র-ছাত্রী আহত হয়।

ডিজিটেল ডেস্ক: ৰাজধানী দিল্লীত ককৰ'চ জনতা পাৰ্টিৰ (চি জে পি) ধর্ণা কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছে। কালি প্রশাসনে সতর্কতামূলৰ ব্যৱস্থা হিচাপে দিল্লীৰ ১৬টা মেট্ৰ ৰে'ল ষ্টেছন বন্ধ কৰি ৰখাৰ সিদ্ধান্ত লয়।


দিল্লী মেট্ৰ' ৰে'ল কৰ্প'ৰেশ্যনৰ মতে কালি নিৰাপত্তাজনিত কাৰণত জনপথ, ৰাজীৱ চ'ক, পেটেল চ'ক আৰু চেন্ট্রেল ছেক্রেটেৰিয়েট মেট্র' ষ্টেছনসহ ১৬টা মেট্র ষ্টেছনত প্ৰৱেশ আৰু প্ৰস্থান বন্ধ কৰি দিয়া হৈছে। ইয়াৰ ফলত হাজাৰ হাজাৰ যাত্ৰী কালি যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। অৱশ্যে পিছবেলালৈ এই ষ্টেছনসমূহ পুনৰ খোলা হয়। চি জে পিৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হয়। 


উল্লেখযোগ্য যে যোৱা ২০ জুলাইত চি জে পিৰ নেতৃত্বত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে সংসদলৈ পদযাত্রা কৰাৰ সময়ত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল। আৰক্ষীয়ে চলোৱা নিৰ্মম অত্যাচাৰত ভালেমান প্রতিবাদকাৰী ছাত্র-ছাত্রী আহত হয়। 


সেই দিনাও কেইঘণ্টামানৰ বাবে ৰাজীৱ চ'কসহ পাঁচটা মেট্র' ষ্টেছন বন্ধ কৰি দিয়া হৈছিল। উল্লেখযোগ্য যে নীটৰ প্ৰশ্ন কাকত ফাদিলক লৈ কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্ৰধানৰ পদত্যাগ আৰু আন তিনিটা দাবীৰ সমৰ্থনত চি জে পিয়ে দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা দি আছে।

উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু