--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই সন্মানীয় বঁটা লাভ কৰা শইকীয়া হৈছে উত্তৰ - পূৰ্বাঞ্চলৰ প্ৰথমজন সাংসদ।

ডিজিটেল ডেস্ক : লোক সভাত প্ৰদৰ্শন কৰা দৃষ্টান্তমূলক আচৰণৰ বাবে অসমৰ বিজেপিৰ সাংসদ দিলীপ শইকীয়াকে ধৰি ১৭জন সাংসদক শনিবাৰে 'সংসদ ৰত্ন-২০২৫' সন্মান প্ৰদান কৰা হয়।


উল্লেখযোগ্য যে এই সন্মানীয় বঁটা লাভ কৰা শইকীয়া হৈছে উত্তৰ - পূৰ্বাঞ্চলৰ প্ৰথমজন সাংসদ। উক্ত ১৭টা বঁটাৰ ভিতৰত ৪টা 'স্পিচিয়েল জুৰী এৱাৰ্ডৰ্ছ'ও (বিচাৰকৰ বিশেষ বঁটা) আছে।


বঁটা লাভ কৰা সাংসদসকলৰ ভিতৰত আছে বিজেপিৰ ৰবি কিষাণ, নিশিকান্ত ডুবে, স্মিতা উদয় ৱাঘ, ড° মেধা বিশ্রাম কুলকাৰ্নী, প্রবীণ পেটেল, বিদ্যুৎ বৰণ মাহাতো, পি পি চৌধাৰী আৰু মদন ৰাথোৰ। আন দলৰ ভিতৰত শিৱ সেনা (ইউ বি টিৰ) অৰৱিন্দ সামন্ত, শিৱ সেনাৰ নৰেশ গণপত মাসকে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যাপক গাইকোৱাড বর্ষা

একনাথ আৰু ডি এম কেৰ চি এন আন্নাডুৰাই।


একেৰাহে তিনিটা কার্যকাল সংসদীয় গণতন্ত্রলৈ একেৰাহে আগবঢ়োৱা বৰঙনিৰ স্বীকৃতি হিচাপে বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰা হৈছে বিজেপিৰ ভর্তুহাৰী মাহতাব, আৰ এছ পিৰ এন কে প্রেমচন্দ্রন এন চি পি (এছ পি)ৰ সুপ্রিয়া সুলে আৰু শিৱ সেনাৰ শ্ৰীৰংগ আপ্পা বাৰনেক। ইফালে সমিতি শিতানত বিজেপিৰ ভর্তুহাৰী মাহতাবৰ নেতৃত্বৰ বিত্ত বিষয়ক সংসদীয় স্থায়ী সমিতি তথা কংগ্ৰেছৰ ড° চৰণজিৎ সিং চান্নীৰ নেতৃত্বৰ কৃষি বিষয়ক সংসদীয় স্থায়ী সমিতিক তেওঁলোকৰ প্ৰতিবেদনৰ মান আৰু বিধান মণ্ডলীয় তত্ত্বাৱধানৰ বাবে স্বীকৃতি প্রদান কৰা হয়।


শনিবাৰে নতুন দিল্লীৰ মহাৰাষ্ট্ৰ সদনত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে সাংসদসকলক এই বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ পৰামৰ্শ অনুসৰি ২০১০ চনত প্রাইম পইন্ট ফাউণ্ডেশ্যন আৰু ই-মেগাজিন প্রিছেনছে ২০১০ চনত সংসদ ৰত্ন বঁটা আৰম্ভ কৰে। ড° কালামেই ২০১০ চনৰ মে'ত চেন্নাইত অনুষ্ঠিত এই বঁটা প্রদান অনুষ্ঠানৰ উদ্বোধন কৰিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা