--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই সন্মানীয় বঁটা লাভ কৰা শইকীয়া হৈছে উত্তৰ - পূৰ্বাঞ্চলৰ প্ৰথমজন সাংসদ।

ডিজিটেল ডেস্ক : লোক সভাত প্ৰদৰ্শন কৰা দৃষ্টান্তমূলক আচৰণৰ বাবে অসমৰ বিজেপিৰ সাংসদ দিলীপ শইকীয়াকে ধৰি ১৭জন সাংসদক শনিবাৰে 'সংসদ ৰত্ন-২০২৫' সন্মান প্ৰদান কৰা হয়।


উল্লেখযোগ্য যে এই সন্মানীয় বঁটা লাভ কৰা শইকীয়া হৈছে উত্তৰ - পূৰ্বাঞ্চলৰ প্ৰথমজন সাংসদ। উক্ত ১৭টা বঁটাৰ ভিতৰত ৪টা 'স্পিচিয়েল জুৰী এৱাৰ্ডৰ্ছ'ও (বিচাৰকৰ বিশেষ বঁটা) আছে।


বঁটা লাভ কৰা সাংসদসকলৰ ভিতৰত আছে বিজেপিৰ ৰবি কিষাণ, নিশিকান্ত ডুবে, স্মিতা উদয় ৱাঘ, ড° মেধা বিশ্রাম কুলকাৰ্নী, প্রবীণ পেটেল, বিদ্যুৎ বৰণ মাহাতো, পি পি চৌধাৰী আৰু মদন ৰাথোৰ। আন দলৰ ভিতৰত শিৱ সেনা (ইউ বি টিৰ) অৰৱিন্দ সামন্ত, শিৱ সেনাৰ নৰেশ গণপত মাসকে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যাপক গাইকোৱাড বর্ষা

একনাথ আৰু ডি এম কেৰ চি এন আন্নাডুৰাই।


একেৰাহে তিনিটা কার্যকাল সংসদীয় গণতন্ত্রলৈ একেৰাহে আগবঢ়োৱা বৰঙনিৰ স্বীকৃতি হিচাপে বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰা হৈছে বিজেপিৰ ভর্তুহাৰী মাহতাব, আৰ এছ পিৰ এন কে প্রেমচন্দ্রন এন চি পি (এছ পি)ৰ সুপ্রিয়া সুলে আৰু শিৱ সেনাৰ শ্ৰীৰংগ আপ্পা বাৰনেক। ইফালে সমিতি শিতানত বিজেপিৰ ভর্তুহাৰী মাহতাবৰ নেতৃত্বৰ বিত্ত বিষয়ক সংসদীয় স্থায়ী সমিতি তথা কংগ্ৰেছৰ ড° চৰণজিৎ সিং চান্নীৰ নেতৃত্বৰ কৃষি বিষয়ক সংসদীয় স্থায়ী সমিতিক তেওঁলোকৰ প্ৰতিবেদনৰ মান আৰু বিধান মণ্ডলীয় তত্ত্বাৱধানৰ বাবে স্বীকৃতি প্রদান কৰা হয়।


শনিবাৰে নতুন দিল্লীৰ মহাৰাষ্ট্ৰ সদনত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে সাংসদসকলক এই বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ পৰামৰ্শ অনুসৰি ২০১০ চনত প্রাইম পইন্ট ফাউণ্ডেশ্যন আৰু ই-মেগাজিন প্রিছেনছে ২০১০ চনত সংসদ ৰত্ন বঁটা আৰম্ভ কৰে। ড° কালামেই ২০১০ চনৰ মে'ত চেন্নাইত অনুষ্ঠিত এই বঁটা প্রদান অনুষ্ঠানৰ উদ্বোধন কৰিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক