--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • ৪৫ শতাংশতকৈও কম সমর্থন লাভ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প আছে অষ্টম স্থানত

ডিজিটেল ডেস্ক : জনসাধাৰণৰ মনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰতি প্রেম আৰু তেওঁৰ প্ৰতি বিশ্বাস অব্যাহত আছে। এনে প্রেম-বিশ্বাসৰ বাবেই বিশ্বৰ নেতাসকলৰ ভিতৰত জনপ্ৰিয়তাৰ দিশত পুনৰ শীৰ্ষস্থানত আছে প্রধানমন্ত্রী মোদী।


আমেৰিকাৰ ব্যাৱসায়িক কোম্পানী মর্নিং কনছাল্টে শুকুৰবাৰে প্ৰকাশ কৰা তথ্যত দেখা গৈছে যে 'ডেমক্রেটিক লীডাৰ এপ্ৰ'ভেল ৰেটিছ' তালিকাত ৭৫ শতাংশ সমর্থনেৰে বিশ্বৰ নেতাসকলৰ ভিতৰত মোদীয়ে শীর্ষ স্থান লাভ কৰিছে। আনহাতে ৫৯ শতাংশ সমর্থনেৰে দ্বিতীয় স্থানত আছে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জে মায়ুং।


মন কৰিবলগীয়া যে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মায়ুঙে কাৰ্যভাৰ গ্ৰহণ কৰা এমাহহে হৈছে। উল্লেখযোগ্য যে ৪৫ শতাংশতকৈও কম সমর্থন লাভ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প আছে অষ্টম স্থানত। মর্নিং কনছাল্টৰ সমীক্ষাত অংশগ্ৰহণকাৰীৰ ৭৫ শতাংশই প্রধানমন্ত্রী মোদীক গণতান্ত্রিক বিশ্ব নেতা বুলি মত প্রকাশ কৰিছে। আনহাতে ৭ শতাংশ নিশ্চিত নহয় আৰু ১৮ শতাংশই মোদীক গণতান্ত্রিক বিশ্ব নেতা বুলি নাভাবে।


৫৭ শতাংশ সমৰ্থনেৰে তালিকাৰ তৃতীয় স্থানত আছে আর্জেন্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়েৰ মিলেই। তেনেদৰে ৫৬ শতাংশ সমর্থনেৰে চতুৰ্থত কানাডাৰ ৰাষ্ট্ৰপতি মার্ক কানী আৰু ৫৪ শতাংশ সমর্থনেৰে পঞ্চমত অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰপতি এন্থনী নৰমেন এলবেনিজে স্থান লাভ কৰিছে। তালিকাত ষষ্ঠ স্থানত আছে মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবাউম পার্ড' (৫৩ শতাংশ), সপ্তমত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি কাৰিন কেলাৰ ছুটাৰ (৪৮ শতাংশ) আৰু অষ্টমত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প (৪8 শতাংশ)।


আনহাতে নৱম আৰু দশম স্থানত আছে ক্রমে পোলেণ্ডৰ প্রধানমন্ত্রী ড'নাল্ড টাস্ক (৪১ শতাংশ) আৰু ইটালিৰ প্ৰধানমন্ত্ৰী জর্জিয়া মেল'নি (৪০ শতাংশ)। মর্নিং কনছাল্টে ৪ জুলাইৰ পৰা ১০ জুলাইৰ ভিতৰত সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত শেহতীয়া এই 'ডেমক্রেটিক লীডাৰ এপ্ৰ'ভেল ৰেটিঙছ' তালিকা প্রস্তুত কৰিছে। উল্লেখযোগ্য যে ইতিমধ্যে মোদী দেশৰ দ্বিতীয় সর্বাধিক কাল কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰীৰ খিতাপ লাভ কৰিছে। ২০২৫ চনৰ ২৫ জুলাইত মোদীয়ে প্রধানমন্ত্রীৰূপে ৪,০৭৮ দিন কাৰ্যনিৰ্বাহ কৰিলে। ১৯৬৬ চনৰ পৰা ১৯৭৭ চনৰ মাৰ্চলৈ ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে ৪,০৭৭ দিন কার্যনির্বাহ কৰিছিল। আনহাতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে প্ৰধানমন্ত্ৰীৰূপে ৬,১৩০ দিন কার্যনির্বাহ কৰিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement