--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৪৫ শতাংশতকৈও কম সমর্থন লাভ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প আছে অষ্টম স্থানত

ডিজিটেল ডেস্ক : জনসাধাৰণৰ মনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰতি প্রেম আৰু তেওঁৰ প্ৰতি বিশ্বাস অব্যাহত আছে। এনে প্রেম-বিশ্বাসৰ বাবেই বিশ্বৰ নেতাসকলৰ ভিতৰত জনপ্ৰিয়তাৰ দিশত পুনৰ শীৰ্ষস্থানত আছে প্রধানমন্ত্রী মোদী।


আমেৰিকাৰ ব্যাৱসায়িক কোম্পানী মর্নিং কনছাল্টে শুকুৰবাৰে প্ৰকাশ কৰা তথ্যত দেখা গৈছে যে 'ডেমক্রেটিক লীডাৰ এপ্ৰ'ভেল ৰেটিছ' তালিকাত ৭৫ শতাংশ সমর্থনেৰে বিশ্বৰ নেতাসকলৰ ভিতৰত মোদীয়ে শীর্ষ স্থান লাভ কৰিছে। আনহাতে ৫৯ শতাংশ সমর্থনেৰে দ্বিতীয় স্থানত আছে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জে মায়ুং।


মন কৰিবলগীয়া যে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মায়ুঙে কাৰ্যভাৰ গ্ৰহণ কৰা এমাহহে হৈছে। উল্লেখযোগ্য যে ৪৫ শতাংশতকৈও কম সমর্থন লাভ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প আছে অষ্টম স্থানত। মর্নিং কনছাল্টৰ সমীক্ষাত অংশগ্ৰহণকাৰীৰ ৭৫ শতাংশই প্রধানমন্ত্রী মোদীক গণতান্ত্রিক বিশ্ব নেতা বুলি মত প্রকাশ কৰিছে। আনহাতে ৭ শতাংশ নিশ্চিত নহয় আৰু ১৮ শতাংশই মোদীক গণতান্ত্রিক বিশ্ব নেতা বুলি নাভাবে।


৫৭ শতাংশ সমৰ্থনেৰে তালিকাৰ তৃতীয় স্থানত আছে আর্জেন্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়েৰ মিলেই। তেনেদৰে ৫৬ শতাংশ সমর্থনেৰে চতুৰ্থত কানাডাৰ ৰাষ্ট্ৰপতি মার্ক কানী আৰু ৫৪ শতাংশ সমর্থনেৰে পঞ্চমত অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰপতি এন্থনী নৰমেন এলবেনিজে স্থান লাভ কৰিছে। তালিকাত ষষ্ঠ স্থানত আছে মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবাউম পার্ড' (৫৩ শতাংশ), সপ্তমত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি কাৰিন কেলাৰ ছুটাৰ (৪৮ শতাংশ) আৰু অষ্টমত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প (৪8 শতাংশ)।


আনহাতে নৱম আৰু দশম স্থানত আছে ক্রমে পোলেণ্ডৰ প্রধানমন্ত্রী ড'নাল্ড টাস্ক (৪১ শতাংশ) আৰু ইটালিৰ প্ৰধানমন্ত্ৰী জর্জিয়া মেল'নি (৪০ শতাংশ)। মর্নিং কনছাল্টে ৪ জুলাইৰ পৰা ১০ জুলাইৰ ভিতৰত সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত শেহতীয়া এই 'ডেমক্রেটিক লীডাৰ এপ্ৰ'ভেল ৰেটিঙছ' তালিকা প্রস্তুত কৰিছে। উল্লেখযোগ্য যে ইতিমধ্যে মোদী দেশৰ দ্বিতীয় সর্বাধিক কাল কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰীৰ খিতাপ লাভ কৰিছে। ২০২৫ চনৰ ২৫ জুলাইত মোদীয়ে প্রধানমন্ত্রীৰূপে ৪,০৭৮ দিন কাৰ্যনিৰ্বাহ কৰিলে। ১৯৬৬ চনৰ পৰা ১৯৭৭ চনৰ মাৰ্চলৈ ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে ৪,০৭৭ দিন কার্যনির্বাহ কৰিছিল। আনহাতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে প্ৰধানমন্ত্ৰীৰূপে ৬,১৩০ দিন কার্যনির্বাহ কৰিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা