--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ ভাগলপুৰ জিলাত নৱনিৰ্মিত গংগা নদীৰ ৯ নং ঘাটৰ চুলতাংগঞ্জ-আগুৱনী চাৰিলেনযুক্ত দলং পুনৰ ভাঙি পৰিছে। ঘটনাৰ পিছতে বিহাৰ চৰকাৰৰ এই অভিলাষী প্ৰকল্পটো পুনৰ প্ৰশ্নৰ আওতালৈ আহিছে, কাৰণ কোম্পানীটোৱে আগন্তুক কেইমাহমানৰ ভিতৰত দলংখন আৰম্ভ কৰাৰ দাবী কৰিছিল। এনে পৰিস্থিতিত যদি এই দলংখন কাৰ্যক্ষম হৈ উঠিলহেঁতেন তেন্তে কিমান ডাঙৰ দুৰ্ঘটনা সংঘটিত হ’লহেঁতেন। এই কথা কল্পনা কৰাটোও টান।

আচলতে এই দলংখন ৰাতিপুৱা প্ৰায় ৭:১৫ বজাত ভাগি নদীত পৰিল। কিছু মুহূৰ্তৰ ভিতৰতে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ হৈ থকা দলংখন পুনৰ গংগা নদীত পৰিল । চাৰিলেনযুক্ত এই দলংখন পুনৰ ভাগি পৰাৰ লগে লগে নীতিশ চৰকাৰে বছৰ বছৰ ধৰি কৰি অহা উন্নয়নমূলক দাবীৰ ওপৰত পুনৰ প্ৰশ্ন উত্থাপন হৈছে।

ইয়াত তৃতীয়বাৰৰ বাবে এই ঘটনা সংঘটিত হৈছে। প্ৰথমটো কাণ্ড সংঘটিত হৈছিল ২০২২ চনৰ ৩০ এপ্ৰিলৰ পুৱাৰ ভাগত ৪ আৰু ৬ নং সংযোগী প্ৰায় ৩৬টা খণ্ড বতাহৰ ধুমুহাত ভাগি যায়। তাৰ পিছত দ্বিতীয়বাৰৰ বাবে ২০২৩ চনৰ ৫ জুন তাৰিখে সন্ধিয়া প্ৰায় ৬ বজাত ১১,১২,১৩ নম্বৰৰ সংযোগী কেইবাটাও খণ্ড নদীত ভাগি পৰি যায়। তিনি বছৰত এয়া তৃতীয়টো ঘটনা। শনিবাৰে তৃতীয়বাৰৰ বাবে ৯ নম্বৰ ছুপাৰ ষ্ট্ৰাকচাৰটো আকৌ এবাৰ নদীত ভাগি পৰিল।

উল্লেখ্য যে এছ পি সিংলা কনষ্ট্ৰাকচন কোম্পানীয়ে ১৭৫০ কোটি টকা ব্যয়ৰে চুলতাংগঞ্জ-আগুৱনীৰ মাজৰ গংগা নদীত এই দলংখন নিৰ্মাণ কৰি আছে। কোম্পানীটোৱে কয় যে অহা বছৰৰ ভিতৰত দলংখন কাৰ্যকৰী কৰিব। কিন্তু এতিয়া দলংখন ভাগি পৰা ঘটনাই কোম্পানীটোৰ নিৰ্মাণ কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এতিয়া দলং নিৰ্মাণ নিগমে এই বিষয়ত স্পষ্টীকৰণ দিছে, ‘যিটো গাঁথনি ভাগি পৰিছিল সেয়া পূৰ্বৰ ক্ষতিগ্ৰস্ত অংশৰ এটা অংশ আছিল।’ প্ৰত্যেকটো অংশ আঁতৰাই নিয়াৰ নিৰ্দেশনা দিয়া হ’ল।আঁতৰোৱাৰ সময়ত ক্ষতিগ্ৰস্ত অংশটোৰ এটা অংশ সৰি পৰে। নিগমে কয় যে গংগাত জলপৃষ্ঠ বৃদ্ধি আৰু প্ৰবল প্ৰবাহৰ বাবে এটা অংশ সৰি পৰে। ইয়াত কোনো নতুন কাম কৰা হোৱা নাছিল। ২০২৩ চনত ক্ষতিগ্ৰস্ত হোৱা আগৱনী দলঙৰ গোচৰটো আই আই টি ৰূৰকিৰ দলে তদন্ত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ