--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ ভাগলপুৰ জিলাত নৱনিৰ্মিত গংগা নদীৰ ৯ নং ঘাটৰ চুলতাংগঞ্জ-আগুৱনী চাৰিলেনযুক্ত দলং পুনৰ ভাঙি পৰিছে। ঘটনাৰ পিছতে বিহাৰ চৰকাৰৰ এই অভিলাষী প্ৰকল্পটো পুনৰ প্ৰশ্নৰ আওতালৈ আহিছে, কাৰণ কোম্পানীটোৱে আগন্তুক কেইমাহমানৰ ভিতৰত দলংখন আৰম্ভ কৰাৰ দাবী কৰিছিল। এনে পৰিস্থিতিত যদি এই দলংখন কাৰ্যক্ষম হৈ উঠিলহেঁতেন তেন্তে কিমান ডাঙৰ দুৰ্ঘটনা সংঘটিত হ’লহেঁতেন। এই কথা কল্পনা কৰাটোও টান।

আচলতে এই দলংখন ৰাতিপুৱা প্ৰায় ৭:১৫ বজাত ভাগি নদীত পৰিল। কিছু মুহূৰ্তৰ ভিতৰতে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ হৈ থকা দলংখন পুনৰ গংগা নদীত পৰিল । চাৰিলেনযুক্ত এই দলংখন পুনৰ ভাগি পৰাৰ লগে লগে নীতিশ চৰকাৰে বছৰ বছৰ ধৰি কৰি অহা উন্নয়নমূলক দাবীৰ ওপৰত পুনৰ প্ৰশ্ন উত্থাপন হৈছে।

ইয়াত তৃতীয়বাৰৰ বাবে এই ঘটনা সংঘটিত হৈছে। প্ৰথমটো কাণ্ড সংঘটিত হৈছিল ২০২২ চনৰ ৩০ এপ্ৰিলৰ পুৱাৰ ভাগত ৪ আৰু ৬ নং সংযোগী প্ৰায় ৩৬টা খণ্ড বতাহৰ ধুমুহাত ভাগি যায়। তাৰ পিছত দ্বিতীয়বাৰৰ বাবে ২০২৩ চনৰ ৫ জুন তাৰিখে সন্ধিয়া প্ৰায় ৬ বজাত ১১,১২,১৩ নম্বৰৰ সংযোগী কেইবাটাও খণ্ড নদীত ভাগি পৰি যায়। তিনি বছৰত এয়া তৃতীয়টো ঘটনা। শনিবাৰে তৃতীয়বাৰৰ বাবে ৯ নম্বৰ ছুপাৰ ষ্ট্ৰাকচাৰটো আকৌ এবাৰ নদীত ভাগি পৰিল।

উল্লেখ্য যে এছ পি সিংলা কনষ্ট্ৰাকচন কোম্পানীয়ে ১৭৫০ কোটি টকা ব্যয়ৰে চুলতাংগঞ্জ-আগুৱনীৰ মাজৰ গংগা নদীত এই দলংখন নিৰ্মাণ কৰি আছে। কোম্পানীটোৱে কয় যে অহা বছৰৰ ভিতৰত দলংখন কাৰ্যকৰী কৰিব। কিন্তু এতিয়া দলংখন ভাগি পৰা ঘটনাই কোম্পানীটোৰ নিৰ্মাণ কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এতিয়া দলং নিৰ্মাণ নিগমে এই বিষয়ত স্পষ্টীকৰণ দিছে, ‘যিটো গাঁথনি ভাগি পৰিছিল সেয়া পূৰ্বৰ ক্ষতিগ্ৰস্ত অংশৰ এটা অংশ আছিল।’ প্ৰত্যেকটো অংশ আঁতৰাই নিয়াৰ নিৰ্দেশনা দিয়া হ’ল।আঁতৰোৱাৰ সময়ত ক্ষতিগ্ৰস্ত অংশটোৰ এটা অংশ সৰি পৰে। নিগমে কয় যে গংগাত জলপৃষ্ঠ বৃদ্ধি আৰু প্ৰবল প্ৰবাহৰ বাবে এটা অংশ সৰি পৰে। ইয়াত কোনো নতুন কাম কৰা হোৱা নাছিল। ২০২৩ চনত ক্ষতিগ্ৰস্ত হোৱা আগৱনী দলঙৰ গোচৰটো আই আই টি ৰূৰকিৰ দলে তদন্ত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা পৰি শুকাই গৈছে বিঘাই বিঘাই ধান খেতি, নলবাৰীত কৃষক ৰাইজৰ হাহাকাৰ
চন্দ্ৰযানে ধৰা পেলালে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ প্ৰভাৱ, ইছ'ৰৰ সফলতা অর্জন
'মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা মই জানো' - গৰিমা শইকীয়া গাৰ্গ
কাৰ বেংক একাউণ্টত সোমাই জুবিনৰ কামৰ টকা? CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী
সুৰৰ ভগৱানক সংগীতেৰে পূজা, সোণাপুৰৰ সমাধিস্থলীত নাম-প্ৰসংগ, বাঁহীৰ সুৰ, মায়াবিনীৰ মূর্ছনা
শিৱসাগৰত কালীপূজাৰ থলীত জুবিনদাৰ ছবি সম্বলিত স্কুল বেগ বিতৰণ চাফাই কৰ্মীৰ
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী