--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতাৰ এক হৃদয় বিদাৰক ধৰ্ষণ কাণ্ডই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই লজ্জাজনক অপৰাধে পুনৰবাৰ নিৰ্ভয়া কাণ্ডৰ কথা সোঁৱৰাই দিছে আৰু মহিলাৰ সুৰক্ষাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে। বলীউডৰ বহু তাৰকাইও এই বিষয়ত মুকলিকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।

এই বিষয়টোক লৈ বলীউডৰ তাৰকা অভিনেতা হৃতিক ৰোশনে ক্ষোভ প্ৰকাশ কৰি কয় যে ‘‘আমি এনে এখন সমাজত বাস কৰিছো য’ত সকলোৱে সমান সুৰক্ষা লাভ কৰিব লাগে। এয়া হয়তো দীঘলীয়া প্ৰক্ৰিয়া হ’ব পাৰে, কিন্তু আশা কৰোঁ এই পৰিৱৰ্তনে আমাৰ দেশৰ শিশুসকলক সবল কৰি তুলিব আৰু পৰৱৰ্তী প্ৰজন্মৰ বাবে এক সুৰক্ষিত পৰিৱেশৰ সৃষ্টি কৰিব।এনেধৰণৰ অপৰাধ বন্ধ কৰিবলৈ দোষীক এনে শাস্তি দিয়া উচিত যিয়ে সমাজত ভয়ৰ সৃষ্টি কৰিব পাৰে।’’ 

তেওঁ ভুক্তভোগীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আক্ৰমণৰ বলি হোৱা চিকিৎসকৰ প্ৰতিও দুখ প্ৰকাশ কৰে।

বলীউডৰ অভিনেত্ৰী প্ৰীতি জিন্তাইও উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয়, ‘‘আমি বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থব্যৱস্থা আৰু পৰৱৰ্তী নিৰ্বাচনত মহিলাসকলে পুৰুষকো পিছ পেলাব পাৰো। এতিয়া চৰকাৰে মহিলাৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিব লাগে। ধৰ্ষণকাৰীৰ মুখখন লুকুৱাই ৰখাৰ লগতে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছতহে তেওঁৰ পৰিচয় ৰাজহুৱা কৰাক লৈও তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে।’’ 

প্ৰীতি জিন্তাই দাবী জনাইছে যে অপৰাধীৰ মুখখন ৰাজহুৱা কৰিব লাগে যাতে সমাজত অপৰাধীৰ প্ৰতি ভয় বাঢ়ে।

অভিনেত্ৰী কৃতি সেননেও এই বিষয়টোক লৈ ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয়, হৃদয়ত বিষাদ আৰু ক্ষোভ ভৰি আছে, স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাবলৈ মন যোৱা নাই। আমি আমাৰ স্বাধীনতাৰ ৭৮ সংখ্যক বছৰত ভৰি দিছো আৰু গৌৰৱ অনুভৱ কৰিছো যে আমি বিশ্বজুৰি আগবাঢ়িছো। কিন্তু এনে ভয়ানক ঘটনা দেখি বৰ দুখ লাগে।” 

কৃতিয়ে লগতে কয় ‘‘দেশত এনেধৰণৰ অপৰাধৰ ঘটনা স্বাধীনতাৰ ৭৮ বছৰৰ পাছতো অতি চিন্তনীয় বিষয়। এই গোচৰটোৱে আকৌ এবাৰ প্ৰমাণ কৰিলে যে সমাজত মহিলাৰ সুৰক্ষাৰ সন্দৰ্ভত গুৰুতৰ পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে।’’ 

বলীউডৰ তাৰকাসকলৰ প্ৰতিক্ৰিয়াই এই বিষয়টোক উজ্জ্বল কৰি তোলাত আৰু ন্যায়ৰ দাবীক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা