--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতাৰ এক হৃদয় বিদাৰক ধৰ্ষণ কাণ্ডই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই লজ্জাজনক অপৰাধে পুনৰবাৰ নিৰ্ভয়া কাণ্ডৰ কথা সোঁৱৰাই দিছে আৰু মহিলাৰ সুৰক্ষাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে। বলীউডৰ বহু তাৰকাইও এই বিষয়ত মুকলিকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।

এই বিষয়টোক লৈ বলীউডৰ তাৰকা অভিনেতা হৃতিক ৰোশনে ক্ষোভ প্ৰকাশ কৰি কয় যে ‘‘আমি এনে এখন সমাজত বাস কৰিছো য’ত সকলোৱে সমান সুৰক্ষা লাভ কৰিব লাগে। এয়া হয়তো দীঘলীয়া প্ৰক্ৰিয়া হ’ব পাৰে, কিন্তু আশা কৰোঁ এই পৰিৱৰ্তনে আমাৰ দেশৰ শিশুসকলক সবল কৰি তুলিব আৰু পৰৱৰ্তী প্ৰজন্মৰ বাবে এক সুৰক্ষিত পৰিৱেশৰ সৃষ্টি কৰিব।এনেধৰণৰ অপৰাধ বন্ধ কৰিবলৈ দোষীক এনে শাস্তি দিয়া উচিত যিয়ে সমাজত ভয়ৰ সৃষ্টি কৰিব পাৰে।’’ 

তেওঁ ভুক্তভোগীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আক্ৰমণৰ বলি হোৱা চিকিৎসকৰ প্ৰতিও দুখ প্ৰকাশ কৰে।

বলীউডৰ অভিনেত্ৰী প্ৰীতি জিন্তাইও উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয়, ‘‘আমি বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থব্যৱস্থা আৰু পৰৱৰ্তী নিৰ্বাচনত মহিলাসকলে পুৰুষকো পিছ পেলাব পাৰো। এতিয়া চৰকাৰে মহিলাৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিব লাগে। ধৰ্ষণকাৰীৰ মুখখন লুকুৱাই ৰখাৰ লগতে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছতহে তেওঁৰ পৰিচয় ৰাজহুৱা কৰাক লৈও তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে।’’ 

প্ৰীতি জিন্তাই দাবী জনাইছে যে অপৰাধীৰ মুখখন ৰাজহুৱা কৰিব লাগে যাতে সমাজত অপৰাধীৰ প্ৰতি ভয় বাঢ়ে।

অভিনেত্ৰী কৃতি সেননেও এই বিষয়টোক লৈ ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয়, হৃদয়ত বিষাদ আৰু ক্ষোভ ভৰি আছে, স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাবলৈ মন যোৱা নাই। আমি আমাৰ স্বাধীনতাৰ ৭৮ সংখ্যক বছৰত ভৰি দিছো আৰু গৌৰৱ অনুভৱ কৰিছো যে আমি বিশ্বজুৰি আগবাঢ়িছো। কিন্তু এনে ভয়ানক ঘটনা দেখি বৰ দুখ লাগে।” 

কৃতিয়ে লগতে কয় ‘‘দেশত এনেধৰণৰ অপৰাধৰ ঘটনা স্বাধীনতাৰ ৭৮ বছৰৰ পাছতো অতি চিন্তনীয় বিষয়। এই গোচৰটোৱে আকৌ এবাৰ প্ৰমাণ কৰিলে যে সমাজত মহিলাৰ সুৰক্ষাৰ সন্দৰ্ভত গুৰুতৰ পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে।’’ 

বলীউডৰ তাৰকাসকলৰ প্ৰতিক্ৰিয়াই এই বিষয়টোক উজ্জ্বল কৰি তোলাত আৰু ন্যায়ৰ দাবীক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন