--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই ঘটনাটো সেই সময়ত সংঘটিত হয় যেতিয়া এজন অচিনাকি লোকে হঠাতে বিধানসভাৰ মূল চৌহদৰ এখন গেটত আক্ৰমণ কৰে।

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানীৰ অতি সুৰক্ষিত এলেকা হিচাপে পৰিচিত দিল্লী বিধানসভাত এক অভাৱনীয় নিৰাপত্তাৰ বিসংগতিৰ ঘটনা পোহৰলৈ আহিছে। এজন অজ্ঞাত ব্যক্তিয়ে বিধানসভাৰ সুৰক্ষা বেহু ফালি এখন গেট ভাঙিবলৈ চেষ্টা কৰাৰ খবৰে বৰ্তমান তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


প্ৰাপ্ত তথ্য অনুসৰি, এই ঘটনাটো সেই সময়ত সংঘটিত হয় যেতিয়া এজন অচিনাকি লোকে হঠাতে বিধানসভাৰ মূল চৌহদৰ এখন গেটত আক্ৰমণ কৰে। ব্যক্তিজনে বলপূৰ্বকভাৱে গেটখন ভাঙি ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল।


নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন


বিধানসভাৰ দৰে এটা অতি সংবেদনশীল আৰু ভিভিআইপি (VVIP) স্থানত কেনেকৈ এজন ব্যক্তিয়ে এনে কাণ্ড সংঘটিত কৰিবলৈ সাহস পালে, তাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাই বিধানসভাৰ বৰ্তমানৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপটো উন্মোচন কৰিছে নেকি বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিছে।



ঘটনাৰ লগে লগে তাত কৰ্তব্যৰত নিৰাপত্তাৰক্ষীসকলে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰে। ইতিমধ্যে দিল্লী আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।


আৰক্ষীয়ে বিধানসভাৰ চৌহদত থকা চিচিটিভি ফুটেজসমূহ পৰীক্ষা কৰি আছে।ব্যক্তিজনৰ উদ্দেশ্য কি আছিল আৰু এইয়া কোনো ষড়যন্ত্ৰৰ অংশ নেকি, সেই দিশটো চালি-জাৰি চোৱা হৈছে।


বৰ্তমানলৈকে অভিযুক্ত ব্যক্তিজনৰ পৰিচয় ৰাজহুৱা কৰা হোৱা নাই। তদন্তৰ পাছতহে এই সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু