--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৪ চনত নিৰ্বাচনী জনসভাত  বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  বছৰত ২০ নিযুত নিৱনুৱাক  চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল। নিৱনুৱাৰ মন জয় কৰিয়েই হওঁক বা আন কোনো কাৰকৰ বাবেই হওঁক, মোদীৰ চৰকাৰ ২০১৪ চনত ক্ষমতালৈ আহিছিল। তাৰ পিছত 8 বছৰ পাৰ হ'ল। এই সময়ছোৱাত  ২২.৫  কোটি লোকে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ বাবে আবেদন কৰিছিল। তেওঁলোকৰ ভিতৰত ৭,২২,০০০ লোকে চাকৰি লাভ কৰিছিল।

 লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত চৰকাৰৰ তৰফৰ পৰাই  এইদৰে কোৱা হৈছে। লোকসভাত চৰকাৰে দিয়া তথ্যৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে মোদীয়ে ২ কোটি নিৱনুৱাক চাকৰি দিব বুলি যি প্ৰতিশ্ৰুতি দিছিল সেয়া ৰক্ষা কৰিব পৰা নাই।২ কোটিৰ পৰিৱৰ্তে মাত্ৰ ৭ লাখেহে চৰকাৰী চাকৰি লাভ কৰিছে।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙে বুধবাৰে এই সন্দৰ্ভত যে কেন্দ্ৰই সদায় নতুন চাকৰি সৃষ্টিৰ চেষ্টা কৰি আছে।   তেওঁ কয় যে ২০১৪-১৫ বৰ্ষৰ পৰা ২০২১-২২ বিত্তীয় বৰ্ষত মুঠ ৭,২২,৩১১ জন লোকে চাকৰি লাভ কৰিছে। আৰু এই সময়ছোৱাত মুঠ ২২ কোটি ৫ লাখ ৯৯ হাজাৰ ২৩৮ জন লোকে চাকৰিৰ বাবে আবেদন কৰিছে। 

ইয়াৰ সৈতে সম্পৰ্কিত   পৰিসংখ্যা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে  কয় যে ২০১৪-১৫ বৰ্ষৰ পৰা এতিয়ালৈকে ক্ৰমে প্ৰতি বছৰে ১ লাখ ৩০ হাজাৰ ৪২৩ জন, ১ লাখ ১১ হাজাৰ ৮০৭ জন, ১ লাখ ১ হাজাৰ ৩৩৩ জন, ৭৬ হাজাৰ ১৪৭ জন, ৩৮ হাজাৰ ১০০ জন, ১ লাখ ৪৭ হাজাৰ ৯৬ জন, ৭৮ হাজাৰ ৫৫৫ জন আৰু ৩৮ হাজাৰ ৮৫০ জন লোকে ক্ৰমান্বয়ে চাকৰি লাভ কৰিছে। জীতেন্দ্ৰ সিঙে দাবী কৰে যে কেন্দ্ৰই দেশত চাকৰিৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে।তেওঁ কয় "কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত খালী পদ, অৱসৰ, পদোন্নতি, পদত্যাগ, তেওঁলোকৰ সংলগ্ন আৰু অধীনস্থ বিভাগত মৃত্যুৰ ফলত উদ্ভৱ হোৱা পদ পূৰণৰ দিহা কৰিছে। সকলো মন্ত্ৰালয় আৰু বিভাগক খালী পদসমূহ পূৰণ কৰিবলৈ তৎক্ষণাৎ পদক্ষেপ গ্ৰহণৰ কথা কোৱা হৈছে। 

উল্লেখ্য কেন্দ্ৰীয় চৰকাৰে দেশৰ নিৱনুৱা সমস্যা সমাধানত কথা দিয়া মতে কাম কৰিব পৰা নাই বুলি গুৰুতৰ অভিযোগ উঠি আহিছে।ইয়াৰ মাজতে চৰকাৰী তথ্যই প্ৰমাণ কৰিছে যে চৰকাৰে নিৱনুৱা সমস্যা সমাধানত ভবা ধৰণে মুঠেও সফল হ’ব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ