--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৪ চনত নিৰ্বাচনী জনসভাত  বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  বছৰত ২০ নিযুত নিৱনুৱাক  চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল। নিৱনুৱাৰ মন জয় কৰিয়েই হওঁক বা আন কোনো কাৰকৰ বাবেই হওঁক, মোদীৰ চৰকাৰ ২০১৪ চনত ক্ষমতালৈ আহিছিল। তাৰ পিছত 8 বছৰ পাৰ হ'ল। এই সময়ছোৱাত  ২২.৫  কোটি লোকে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ বাবে আবেদন কৰিছিল। তেওঁলোকৰ ভিতৰত ৭,২২,০০০ লোকে চাকৰি লাভ কৰিছিল।

 লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত চৰকাৰৰ তৰফৰ পৰাই  এইদৰে কোৱা হৈছে। লোকসভাত চৰকাৰে দিয়া তথ্যৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে মোদীয়ে ২ কোটি নিৱনুৱাক চাকৰি দিব বুলি যি প্ৰতিশ্ৰুতি দিছিল সেয়া ৰক্ষা কৰিব পৰা নাই।২ কোটিৰ পৰিৱৰ্তে মাত্ৰ ৭ লাখেহে চৰকাৰী চাকৰি লাভ কৰিছে।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙে বুধবাৰে এই সন্দৰ্ভত যে কেন্দ্ৰই সদায় নতুন চাকৰি সৃষ্টিৰ চেষ্টা কৰি আছে।   তেওঁ কয় যে ২০১৪-১৫ বৰ্ষৰ পৰা ২০২১-২২ বিত্তীয় বৰ্ষত মুঠ ৭,২২,৩১১ জন লোকে চাকৰি লাভ কৰিছে। আৰু এই সময়ছোৱাত মুঠ ২২ কোটি ৫ লাখ ৯৯ হাজাৰ ২৩৮ জন লোকে চাকৰিৰ বাবে আবেদন কৰিছে। 

ইয়াৰ সৈতে সম্পৰ্কিত   পৰিসংখ্যা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে  কয় যে ২০১৪-১৫ বৰ্ষৰ পৰা এতিয়ালৈকে ক্ৰমে প্ৰতি বছৰে ১ লাখ ৩০ হাজাৰ ৪২৩ জন, ১ লাখ ১১ হাজাৰ ৮০৭ জন, ১ লাখ ১ হাজাৰ ৩৩৩ জন, ৭৬ হাজাৰ ১৪৭ জন, ৩৮ হাজাৰ ১০০ জন, ১ লাখ ৪৭ হাজাৰ ৯৬ জন, ৭৮ হাজাৰ ৫৫৫ জন আৰু ৩৮ হাজাৰ ৮৫০ জন লোকে ক্ৰমান্বয়ে চাকৰি লাভ কৰিছে। জীতেন্দ্ৰ সিঙে দাবী কৰে যে কেন্দ্ৰই দেশত চাকৰিৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে।তেওঁ কয় "কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত খালী পদ, অৱসৰ, পদোন্নতি, পদত্যাগ, তেওঁলোকৰ সংলগ্ন আৰু অধীনস্থ বিভাগত মৃত্যুৰ ফলত উদ্ভৱ হোৱা পদ পূৰণৰ দিহা কৰিছে। সকলো মন্ত্ৰালয় আৰু বিভাগক খালী পদসমূহ পূৰণ কৰিবলৈ তৎক্ষণাৎ পদক্ষেপ গ্ৰহণৰ কথা কোৱা হৈছে। 

উল্লেখ্য কেন্দ্ৰীয় চৰকাৰে দেশৰ নিৱনুৱা সমস্যা সমাধানত কথা দিয়া মতে কাম কৰিব পৰা নাই বুলি গুৰুতৰ অভিযোগ উঠি আহিছে।ইয়াৰ মাজতে চৰকাৰী তথ্যই প্ৰমাণ কৰিছে যে চৰকাৰে নিৱনুৱা সমস্যা সমাধানত ভবা ধৰণে মুঠেও সফল হ’ব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু