--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তথ্য পৰীক্ষক তথা অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক যোৱা ২০ জুলাইত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। সোমবাৰে সন্ধিয়া শীৰ্ষ আদালতৰ ৱেবছাইটত জুবেইৰৰ জামিন প্ৰদানৰ বিতং আদেশ আপলোড কৰা হয়। জুবেইৰক জামিন প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে নিজ আদেশত এক বিশেষ সকীয়নি প্ৰদান কৰিছে। ইটোৰ পিছত সিটো গোচৰত জুবেইৰক ধাৰাবাহিকভাৱে কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে গ্ৰেপ্তাৰক এইদৰে শাস্তিমূলক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সকীয়নি প্ৰদান কৰিছে।

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, সূৰ্য কান্ত আৰু এ এছ বোপান্নাৰে গঠিত বিচাৰপীঠে কয় যে গ্ৰেপ্তাৰক শাস্তিমূলক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিব নালাগে। ফৌজদাৰী আইনৰ এনে ব্যাপক ব্যৱহাৰৰ ফলত ব্যক্তিগত স্বাধীনতা হেৰুওৱাৰ সম্ভাৱনা থাকে বুলি আঙুলিয়াই দিয়ে আদালতে। কিন্তু অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰৰ বিৰুদ্ধে এই ব্যৱস্থা নিৰন্তৰ ব্যৱহাৰ কৰা হৈছিল বুলি উল্লেখ কৰি বিচাৰপীঠে লগতে কোনো ব্যক্তিক কেৱল অভিযোগৰ ভিত্তিত নিৰপেক্ষ বিচাৰ অবিহনে শাস্তি দিয়া উচিত নহয় বুলিও মন্তব্য কৰে। 

আনহাতে জামিনত থকা সময়ত জুবেইৰক টুইট কৰাৰ পৰা বিৰত ৰাখিবলৈ উত্তৰ প্ৰদেশ চৰকাৰে দাখিল কৰা আবেদন নাকচ কৰি শীৰ্ষ আদালতে কয় যে তেওঁক কথা কোৱাৰ পৰা বিৰত ৰখাৰ আদেশ দিলে মত প্ৰকাশৰ স্বাধীনতাত হস্তক্ষেপ কৰা হ’ব। এগৰাকী সাংবাদিকক কোনো কাৰণতে লিখাত বাধা আৰোপ কৰিব নোৱাৰি বুলি আদালতে লগতে মন্তব্য কৰে।

বিচাৰপীঠে কয় যে জুবেইৰৰ বিৰুদ্ধে একে ধৰণৰ টুইটৰ আধাৰত এজাহাৰত একে ধৰণৰ অপৰাধ পঞ্জীয়ন কৰা হৈছে বুলি অভিযোগ কৰা স্বত্বেও সমগ্ৰ দেশতে জুবেইৰৰ বিৰুদ্ধে কেইবাটাও তদন্ত আৰম্ভ কৰা হৈছিল। ইয়াৰ দ্বাৰা অপৰাধী ন্যায় যন্ত্ৰসমূহ জুবেইৰৰ বিৰুদ্ধে নিৰন্তৰ ব্যৱহাৰ কৰা হৈছিল বুলি আদালতে আদেশত উল্লেখ কৰে। 

উল্লেখ্য যে যোৱা ২০ জুলাইত উচ্চতম ন্যায়ালয়ে জুবেইৰৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি তেওঁৰ বিৰুদ্ধে দাখিল কৰা সাতটা গোচৰত জামিন প্ৰদান কৰিছিল। জুবেইৰৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি  ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত বিচাৰপীঠে নিজ ৰায়ত জুবেইৰক এনেদৰে বন্দী কৰি ৰখাৰ কোনো কাৰণ বা যৌক্তিকতা নাই বুলি উল্লেখ কৰে আৰু  অনুচ্ছেদ ৩২ ৰ অধীনত তৎক্ষণাৎ জামিনত মুক্তি দিবলৈ নিৰ্দেশ দিয়ে।

শীৰ্ষ আদালতে জুবেইৰৰ বিৰুদ্ধে উত্তৰ প্ৰদেশত পঞ্জীয়ন কৰা সকলো এজাহাৰ দিল্লী আৰক্ষীৰ বিশেষ কোষলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছিল। বিচাৰপীঠে জুবেইৰৰ ক্ষেত্ৰত নিৰপেক্ষ বিচাৰৰ বাবে সকলো এজাহাৰ একেলগে আৰু একক অনুসন্ধানকাৰী কৰ্তৃপক্ষৰ দ্বাৰা পুংখানুপুংখভাৱে তদন্ত কৰা প্ৰয়োজনীয় বুলি উল্লেখ কৰিছিল। তদুপৰি বিচাৰপীঠে মহম্মদ জুবেইৰৰ বিৰুদ্ধে পঞ্জীয়ন কৰা এজাহাৰৰ তদন্তৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে গঠন কৰা বিশেষ অনুসন্ধান দল (এছআইটি) ভংগ কৰিবলৈ নিৰ্দেশ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement