--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তথ্য পৰীক্ষক তথা অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক যোৱা ২০ জুলাইত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। সোমবাৰে সন্ধিয়া শীৰ্ষ আদালতৰ ৱেবছাইটত জুবেইৰৰ জামিন প্ৰদানৰ বিতং আদেশ আপলোড কৰা হয়। জুবেইৰক জামিন প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে নিজ আদেশত এক বিশেষ সকীয়নি প্ৰদান কৰিছে। ইটোৰ পিছত সিটো গোচৰত জুবেইৰক ধাৰাবাহিকভাৱে কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে গ্ৰেপ্তাৰক এইদৰে শাস্তিমূলক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সকীয়নি প্ৰদান কৰিছে।

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, সূৰ্য কান্ত আৰু এ এছ বোপান্নাৰে গঠিত বিচাৰপীঠে কয় যে গ্ৰেপ্তাৰক শাস্তিমূলক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিব নালাগে। ফৌজদাৰী আইনৰ এনে ব্যাপক ব্যৱহাৰৰ ফলত ব্যক্তিগত স্বাধীনতা হেৰুওৱাৰ সম্ভাৱনা থাকে বুলি আঙুলিয়াই দিয়ে আদালতে। কিন্তু অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰৰ বিৰুদ্ধে এই ব্যৱস্থা নিৰন্তৰ ব্যৱহাৰ কৰা হৈছিল বুলি উল্লেখ কৰি বিচাৰপীঠে লগতে কোনো ব্যক্তিক কেৱল অভিযোগৰ ভিত্তিত নিৰপেক্ষ বিচাৰ অবিহনে শাস্তি দিয়া উচিত নহয় বুলিও মন্তব্য কৰে। 

আনহাতে জামিনত থকা সময়ত জুবেইৰক টুইট কৰাৰ পৰা বিৰত ৰাখিবলৈ উত্তৰ প্ৰদেশ চৰকাৰে দাখিল কৰা আবেদন নাকচ কৰি শীৰ্ষ আদালতে কয় যে তেওঁক কথা কোৱাৰ পৰা বিৰত ৰখাৰ আদেশ দিলে মত প্ৰকাশৰ স্বাধীনতাত হস্তক্ষেপ কৰা হ’ব। এগৰাকী সাংবাদিকক কোনো কাৰণতে লিখাত বাধা আৰোপ কৰিব নোৱাৰি বুলি আদালতে লগতে মন্তব্য কৰে।

বিচাৰপীঠে কয় যে জুবেইৰৰ বিৰুদ্ধে একে ধৰণৰ টুইটৰ আধাৰত এজাহাৰত একে ধৰণৰ অপৰাধ পঞ্জীয়ন কৰা হৈছে বুলি অভিযোগ কৰা স্বত্বেও সমগ্ৰ দেশতে জুবেইৰৰ বিৰুদ্ধে কেইবাটাও তদন্ত আৰম্ভ কৰা হৈছিল। ইয়াৰ দ্বাৰা অপৰাধী ন্যায় যন্ত্ৰসমূহ জুবেইৰৰ বিৰুদ্ধে নিৰন্তৰ ব্যৱহাৰ কৰা হৈছিল বুলি আদালতে আদেশত উল্লেখ কৰে। 

উল্লেখ্য যে যোৱা ২০ জুলাইত উচ্চতম ন্যায়ালয়ে জুবেইৰৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি তেওঁৰ বিৰুদ্ধে দাখিল কৰা সাতটা গোচৰত জামিন প্ৰদান কৰিছিল। জুবেইৰৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি  ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত বিচাৰপীঠে নিজ ৰায়ত জুবেইৰক এনেদৰে বন্দী কৰি ৰখাৰ কোনো কাৰণ বা যৌক্তিকতা নাই বুলি উল্লেখ কৰে আৰু  অনুচ্ছেদ ৩২ ৰ অধীনত তৎক্ষণাৎ জামিনত মুক্তি দিবলৈ নিৰ্দেশ দিয়ে।

শীৰ্ষ আদালতে জুবেইৰৰ বিৰুদ্ধে উত্তৰ প্ৰদেশত পঞ্জীয়ন কৰা সকলো এজাহাৰ দিল্লী আৰক্ষীৰ বিশেষ কোষলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছিল। বিচাৰপীঠে জুবেইৰৰ ক্ষেত্ৰত নিৰপেক্ষ বিচাৰৰ বাবে সকলো এজাহাৰ একেলগে আৰু একক অনুসন্ধানকাৰী কৰ্তৃপক্ষৰ দ্বাৰা পুংখানুপুংখভাৱে তদন্ত কৰা প্ৰয়োজনীয় বুলি উল্লেখ কৰিছিল। তদুপৰি বিচাৰপীঠে মহম্মদ জুবেইৰৰ বিৰুদ্ধে পঞ্জীয়ন কৰা এজাহাৰৰ তদন্তৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে গঠন কৰা বিশেষ অনুসন্ধান দল (এছআইটি) ভংগ কৰিবলৈ নিৰ্দেশ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু