--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰা এগজিট প’লে খুব প্ৰত্যাশিত ফলাফল এটাৰে ইংগিত দিছে। পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে খুব আশ্বৰ্যকৰ কিবা এটা ফলাফল দিয়াৰ সম্ভাৱনা নাই যেনেই ইংগিত দিছে। পূৰ্বৰে পৰা এগজিট পোলে ইংগিত দিয়াধৰণৰ ফলাফল এটাৰ আশা কৰি থকা হৈছিল। পূৰ্বে কৰি অহা জল্পনা-কল্পনা অনুসৰিয়েই অসমত বিজেপি মিত্ৰজোঁটে ক্ষমতা নিজৰ হাততে ৰখাৰ ইংগিত পোৱা গৈছে। তাৰ বাহিৰে বিজেপিয়ে আটাইতকৈ বেছি লাভৱান হোৱাৰ ইংগিত পোৱা গৈছে পশ্চিমবংগত সৰ্বশক্তিৰে অৱতীৰ্ণ হোৱা দলটোৱে ক্ষমতা নিজৰ দখললৈ আনিব নোৱাৰিলেও তাত চমকপ্ৰদ উত্থান ঘটোৱাটো স্পষ্ট হৈ পৰিছে। বিজেপিয়ে ২০০ আসন দখলৰ লক্ষ্য লৈ পশ্চিমবংগৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছত প্ৰকাশ পোৱা পূৰ্বানুমানে তেওঁলোকে ১৬০খন পৰ্যন্ত আসন লাভ কৰাৰ ইংগিত দিছে। সেইফালৰ পৰা চাবলৈ গ’লে তৃণমূল কংগ্ৰেছ খুব সুবিধাজনক অৱস্থান এটাত নাথাকিব।

আৰু পঢ়িব পাৰিব : দিল্লীত ক’ভিড আক্ৰান্ত হৈ অসমীয়া সাংবাদিকৰ মৃত্যু

তৃণমূলেও ১৬০খনৰ অধিক আসন নাপাব বুলি পূৰ্বানুমান কৰিছে প্ৰায় আটাইকেইটা সমীক্ষাই। এনে পৰিস্থিতিত ক্ষমতা দখল কৰাটো বা তাক পৰৱৰ্তী ৫বছৰলৈ নিজৰ হাতত ৰখাটো বৰ সহজসাধ্য কথা নহ’ব মমতা বেনাৰ্জীৰ কাৰণে। টাইমছ নাও আৰু চি ভোটাৰৰ সমীক্ষা অনুযায়ী টিএমচি আৰু সহযোগীসকলে ১৫৮খন আসন তাত লাভ কৰিব। বিজেপি আৰু সহযোগীয়ে লাভ কৰিব ১১৫খন আসন। বাওঁ দলৰ হাতত থাকিব ১৯খন আসন। এবিপি নিউজৰ সমীক্ষাও প্ৰায় একেধৰণৰ। ৰিপাব্লিকে কৰা সমীক্ষাত বিজেপিক অধিক আসন লাভৰ সম্ভাৱনা দেখুওৱা হৈছে। তাকো উলাই কৰিব নোৱাৰি। ৰাজ্যখনত সংখ্যাৰিষ্ঠতা লাভৰ বাবে প্ৰয়োজন ১৪৮খন আসনৰ। গতিকে ক্ষমতা দখলৰ পাছতো মমতাৰ তৃণমূলে অহা পাঁচবছৰ খুব সুস্থিৰ চৰকাৰ চলাব পাৰিব নে নাই তাত সন্দেহ আছে। বিজেপিয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনতে ৰাজ্যখনত নিজৰ ভেটি গঢ়িছিল আৰু সেই ভেটিতে তেওঁলোকে এইবাৰ সফলতাৰ গম্বুজ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। এগজিট পোলৰ এই ফলাফলৰ পাছত পশ্চিমবংগত বিজেপিয়ে চৰকাৰ কৰাটোও হয়তো খুব অস্বাভাৱিক কিবা এটা বুলি ভবাৰ অৱকাশ নাথাকিব। যদিহে এই সমীক্ষাক ওফৰাই তৃণমূলে অন্য এটা ফলাফল দেখুৱায় সেয়া অন্য এক কথা হ’ব।

আৰু পঢ়িব পাৰিব : ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে ৰংচাই বজাৰ !

অসমতো চমৎকাৰ একো ঘটাৰে ইংগিত দেখিবলৈ পোৱা হোৱা নাই এটাও সমীক্ষাত

আনহাতে তামিলনাডুত ডিএমকেই চমকপ্ৰদ সাফল্যৰে ক্ষমতালৈ অহাৰ ইংগিত দিছে প্ৰায় প্ৰতিটো সমীক্ষাই। ডিএমকেৰ আঙুলিত ধৰিয়েই তাত কংগ্ৰেছে নিজৰ নাক বচাবলৈ হয়তো সক্ষম হ’ব। আনহাতে এআইএডিএমকেৰ পতনৰ লগে লগে বিজেপিয়েও তাত খোপনি হেৰুওৱাৰ সম্ভাৱনা আছে। প্ৰায় আটাইবোৰ সমীক্ষাতে ডিএমকে মিত্ৰজোঁটে ১৬০তকৈ অধিক আসন লাভেৰে ক্ষমতালৈ অহাৰ সম্ভাৱনা দেখুৱাইছে। আনহাতে কেৰালাত পিনাৰায়ী বিজয়ন নেতৃত্বৰ বাও দলৰ চৰকাৰে ক্ষমতা নিজৰ হাততে ৰখাটো স্পষ্ট কৰি দিছে। তাত ৰাহুল গান্ধীয়ে যথেষ্ট সময় অতিবাহিত কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছিল যদিও তেওঁৰ কৌশল কাৰ্যকৰী নোহোৱাটো প্ৰমাণ হ’ল। তাত কংগ্ৰেছৰ আসন সংখ্যাগৰিষ্ঠতাৰ কাষ নাচাপিব বুলিয়েই দেখুওৱা হৈছে। ৰাজ্যখনত সংখ্যাগৰিষ্ঠতাৰ সীমা হৈছে ৭১। প্ৰায়বোৰ সমীক্ষাই কংগ্ৰেছ ৭০ৰ তলতে থকাৰ ইংগিত দিয়াৰ লগতে শাসকীয় চিপিআই(এম)এ ১২০খনলৈকে আসন লাভ কৰাৰ ইংগিত দিয়া হৈছে। গতিকে তাত এই সমীক্ষাৰ ফলাফল খুব বেছি বেলেগ নহ’ব যেন ধাৰণা হয়। পুডুচেৰীৰ কংগ্ৰেছ চৰকাৰ নিৰ্বাচনৰ পূৰ্বেই ভাঙিছিল আৰু তাত এইবাৰ তেওঁলোকৰ প্ৰত্যাৱৰ্তন নঘটাটো স্পষ্ট হৈ পৰিছে। বাকী থাকিল অসম।

আৰু পঢ়িব পাৰিব : ৯৫বছৰীয়া সহধৰ্মিনী সহিতে ক’ভিড জয় ১০৫বছৰীয়া বৃদ্ধৰ…

অসমতো চমৎকাৰ একো ঘটাৰে ইংগিত দেখিবলৈ পোৱা হোৱা নাই এটাও সমীক্ষাত। অৱশ্যে বিজেপি মিত্ৰজোঁটে ১০০ৰ অধিক আসন লাভ কৰিম বুলি যি দাবী কৰি আহিছিল তাৰপৰা তেওঁলোক বহু আঁতৰত ৰৈ যোৱাটো স্পষ্ট হৈছে কিন্তু তেওঁলোকে ক্ষমতা নিজৰ হাততে ৰখাটো স্পষ্ট হৈ পৰিছে। বিজেপি মিত্ৰজোঁটক ৮৫খনলৈকে আসন দিয়া হৈছে আৰু কংগ্ৰেছ নেতৃত্বৰ বিৰোধী মহাজোঁটৰ আসন ৬০ৰ আশে-পাশে থকাৰ ইংগিত দিছে সমীক্ষাবোৰে। এবিপি-চিভোটাৰৰ সমীক্ষা অনুসৰি বিজেপি মিত্ৰজোঁটে লাভ কৰিব ৫৮-৭১খন আসন, বিৰোধী মহাজোঁটে ৫৩-৬৬খন আসন। আনহাতে ইণ্ডিয়া টুডে-এক্সিছৰ সমীক্ষাৰ ফলাফল অনুসৰি বিজেপি মিত্ৰজোঁটে ৭৫-৮৫ আসন লাভৰ বিপৰীতে ৪০-৫০খন আসনতে সীমাবদ্ধ থাকিব বিৰোধী মহাজোঁট। ৰিপাব্লিক টিভি আৰু চিএনএক্সৰ মতে, বিজেপি মিত্ৰজোঁটে ৭৪-৮৪আসন লাভৰ বিপৰীতে ৪০-৫০খন আসনতে সীমাবদ্ধ থাকিব বিৰোধী। নতুন দলবোৰ সম্পৰ্কত কোনো আশাপ্ৰদ তথ্য প্ৰকাশ পোৱা নাই কোনোটো সমীক্ষাতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?