--°C
Loading...
Listen to Article
2 min read
80%

মহাৰাষ্ট্ৰ : মন কৰিলেই চন বাকৰি মাটিতেই ধন। কথাষাৰ পুনৰ প্ৰমাণিত কৰিলে জীৱশ্ৰেষ্ঠ মানুহে। কাল কৰনা আতংকৰ মাজতে কিঞ্চিত আশাৰ বীজ সিঁচিবলৈ সক্ষম হৈছে এহাল দম্পত্তীয়ে। ক'ভিদ-১৯ত বিধ্বস্ত মহাৰাষ্ট্ৰত ঘটিছে এই বিৰল ঘটনা৷ মহাৰাষ্ট্ৰৰ কাটগাঁও তাণ্ড্ৰাত ১০৫বছৰীয়া বৃদ্ধই ক'ভিদ জয় কৰি পুনৰ উভতি আহিছে নিজ ঘৰলৈ৷ তেওঁৰ লগতে ৯৫বছৰীয়া সহধৰ্মিনীও এতিয়া ক'ভিড মুক্ত৷ 

আৰু পঢ়িব পাৰিব : কোনে কৰ’নাৰ ‘ছুপাৰ স্প্ৰেডাৰ’ আখ্যা দিলে মোডীক? কিয়?


বিগত ১০দিন ধৰি তেওঁলোক ICUত চিকিৎসাধীন হৈ আছিল৷ নিম্মগামী হৈ পৰিছিল অক্সিজেনৰ মাত্ৰা৷ কিন্তু, দুৰ্দান্ত মানসিক শক্তিৰ অধিকাৰী হোৱা বাবেই তেওঁলোকে ক'ভিড জয় কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য চিকিৎসকৰ৷

প্ৰবীন সদস্য দুগৰাকী ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ বাবে উদ্বিগ্ন হৈ পৰিছিল চৌহান পৰিয়াল৷ শাৰীৰিক অৱস্থাৰ দ্ৰুত অৱনতিৰ বাবে তেওঁলোকৰ পুত্ৰ সুৰেশ চৌহানে ১০৫বছৰীয়া পিতৃ আৰু ৯৫বছৰীয়া মাতৃক চিকিৎসালয়ত ভৰ্তি কৰিবলৈ বাধ্য হয়৷ লাটুৰৰ বিলাসৰাও দেশমুখ চিকিৎসালয়ত ১০দিন ICUত আছিল দুয়ো৷

আৰু পঢ়িব পাৰিব : সান্ধ্য আইনৰ মাজতে মহানগৰীৰ এটিএমত সোমাল চোৰ


পিতৃ-মাতৃক কাষত পাই আনন্দত আত্মহাৰা একমাত্ৰ পুত্ৰ সুৰেশে চৌহান৷ তেওঁ কয়, "গাঁওৰ মানুহে দেউতা-মাক চিকিৎসালয়লৈ নিবলৈ বাধা দিছিল৷ কিন্তু মাৰ জ্বৰ কমা নাছিল৷ দেউতাৰ পেটৰ সমস্যাই দেখা দিছিল৷ সেইবাবে বাধ্যহৈ তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰিছিলো৷ তেওঁলোকৰ লগতে মোৰ তিনিটি সন্তান ক'ভিড-১৯ত আক্ৰান্ত৷"


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ