--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফ্ৰান্সৰ এজন লোক, নাম তেওঁৰ ডমিনিক পেলিকট ৷ কেৱল স্বামী বা পিতৃয়ে এনে কাম কৰিব পাৰে বুলি কল্পনা কৰাটোৱেই ঘৃণনীয়। শেহতীয়াকৈ ২০ বছৰৰ কাৰাদণ্ড বিহা হৈছে এই ব্যক্তিজনক ৷ কাৰন জানি আপুনিও হ’ব আচৰিত ৷

তেওঁৰ অপৰাধৰ তুলনাত এই শাস্তি বহুত কম যেন লাগে। ডমিনিক এজন ধৰ্ষণকাৰী আৰু তেওঁ বহু বছৰ ধৰি পত্নী আৰু কন্যাৰ লগত বহুতো অপকৰ্ম কৰি আহিছিল। আদালতে শাস্তি দিয়াৰ সময়ত তেওঁৰ কন্যাই ক্ষোভ প্ৰকাশ কৰি কয় যে ‘তেওঁৰ মৃত্যু জেলতে হ’ব লাগে’।

বছৰ বছৰ ধৰি ডমিনিক পেলিকটে নিজৰ পত্নী জিচেল পেলিকটক ড্ৰাগছ খুৱাইছিল, যাতে তেওঁ কেইবা ডজন অচিনাকি মানুহৰ দ্বাৰা অত্যাচাৰ কৰাব পাৰে। ফ্ৰান্সৰ এই চাঞ্চল্যকৰ ঘটনাত পেলিকটক ২০ বছৰৰ কাৰাদণ্ড বিহা হৈছে। ইয়াৰ পিছত তেওঁৰ কন্যা কেৰ’লিন ডাৰিয়ানে বিবিচিক জনায় যে তেওঁৰ পিতৃ সদায় যৌন বিকৃত ব্যক্তি আছিল।

ডমিনিক পেলিকটে কেৱল পত্নীৰ সৈতে নহয়, কন্যাৰ সৈতেও এক ঘৃণনীয় কাম কৰিলে। তেওঁৰ কন্যা কেৰ’লিন ডেৰিয়ানেও কয় যে  তেওঁক ড্ৰাগছ সেৱন কৰাই ধৰ্ষণ কৰিছিল। বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেৰ’লিনে অতি ঘৃণাৰে কয় যে তেওঁৰ পিতৃ জে’লত মৃত্যুবৰণ কৰিব লাগে।’

আদালতে ৭২ বছৰীয়া পেলিকটক ড্ৰাগছ সেৱন কৰি পত্নী জিচেল পেলিকটক ধৰ্ষণ কৰাৰ লগতে এক দশকৰো অধিক সময়ৰ ভিতৰত কেইবা ডজন পুৰুষে ধৰ্ষণ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰে। দক্ষিণ ফ্ৰান্সৰ এভিগনন চহৰত তিনিমাহৰ ৰাজহুৱা বিচাৰৰ অন্তত প্ৰায় ৫০ জন সহ-বিচাৰককো এই গোচৰত দোষী সাব্যস্ত কৰা হয় আৰু তিনিৰ পৰা ১৫ বছৰৰ কাৰাদণ্ড বিহা হয়। আদালতে পেলিকটক ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

পত্নী জিচেল পেলিকটে সাহসেৰে স্বামীৰ স্বামীৰ বিৰুদ্ধে মুকলি আদালতত গোচৰ চলাইছিল। যাৰ প্ৰশংসা কৰিছে মানুহে। এই গোচৰৰ সন্দৰ্ভত কেৰ’লিনে কয়, "তেওঁ মানুহ নে ৰাক্ষস, কিন্তু তেওঁ যি কৰিলে সেই বিষয়ে তেওঁ সম্পূৰ্ণৰূপে সচেতন আছিল। তেওঁ অসুস্থ নহয়। তেওঁ সকলো কাম সচেতনভাৱে কৰিছিল।"

কেৰ’লিন ডাৰিয়ানে কয় যে তেওঁ দেউতাকৰ সৈতে নিজৰ নগ্ন ফটো পাইছিল। তেওঁৰ মতে পেলিকটে তেওঁক ড্ৰাগছ সেৱন কৰি ধৰ্ষণ কৰিছিল। অৱশ্যে পেলিকটে এই অভিযোগ অস্বীকাৰ কৰে। কেৰ’লিনে কয় যে ‘এতিয়া সেই ব্যক্তিজন মোৰ বাবে কেৱল এজন অচিনাকি আৰু যৌন অপৰাধী, মই তেওঁক নিজৰ পিতৃ বুলি নাভাবো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ