--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফ্ৰান্সৰ এজন লোক, নাম তেওঁৰ ডমিনিক পেলিকট ৷ কেৱল স্বামী বা পিতৃয়ে এনে কাম কৰিব পাৰে বুলি কল্পনা কৰাটোৱেই ঘৃণনীয়। শেহতীয়াকৈ ২০ বছৰৰ কাৰাদণ্ড বিহা হৈছে এই ব্যক্তিজনক ৷ কাৰন জানি আপুনিও হ’ব আচৰিত ৷

তেওঁৰ অপৰাধৰ তুলনাত এই শাস্তি বহুত কম যেন লাগে। ডমিনিক এজন ধৰ্ষণকাৰী আৰু তেওঁ বহু বছৰ ধৰি পত্নী আৰু কন্যাৰ লগত বহুতো অপকৰ্ম কৰি আহিছিল। আদালতে শাস্তি দিয়াৰ সময়ত তেওঁৰ কন্যাই ক্ষোভ প্ৰকাশ কৰি কয় যে ‘তেওঁৰ মৃত্যু জেলতে হ’ব লাগে’।

বছৰ বছৰ ধৰি ডমিনিক পেলিকটে নিজৰ পত্নী জিচেল পেলিকটক ড্ৰাগছ খুৱাইছিল, যাতে তেওঁ কেইবা ডজন অচিনাকি মানুহৰ দ্বাৰা অত্যাচাৰ কৰাব পাৰে। ফ্ৰান্সৰ এই চাঞ্চল্যকৰ ঘটনাত পেলিকটক ২০ বছৰৰ কাৰাদণ্ড বিহা হৈছে। ইয়াৰ পিছত তেওঁৰ কন্যা কেৰ’লিন ডাৰিয়ানে বিবিচিক জনায় যে তেওঁৰ পিতৃ সদায় যৌন বিকৃত ব্যক্তি আছিল।

ডমিনিক পেলিকটে কেৱল পত্নীৰ সৈতে নহয়, কন্যাৰ সৈতেও এক ঘৃণনীয় কাম কৰিলে। তেওঁৰ কন্যা কেৰ’লিন ডেৰিয়ানেও কয় যে  তেওঁক ড্ৰাগছ সেৱন কৰাই ধৰ্ষণ কৰিছিল। বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেৰ’লিনে অতি ঘৃণাৰে কয় যে তেওঁৰ পিতৃ জে’লত মৃত্যুবৰণ কৰিব লাগে।’

আদালতে ৭২ বছৰীয়া পেলিকটক ড্ৰাগছ সেৱন কৰি পত্নী জিচেল পেলিকটক ধৰ্ষণ কৰাৰ লগতে এক দশকৰো অধিক সময়ৰ ভিতৰত কেইবা ডজন পুৰুষে ধৰ্ষণ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰে। দক্ষিণ ফ্ৰান্সৰ এভিগনন চহৰত তিনিমাহৰ ৰাজহুৱা বিচাৰৰ অন্তত প্ৰায় ৫০ জন সহ-বিচাৰককো এই গোচৰত দোষী সাব্যস্ত কৰা হয় আৰু তিনিৰ পৰা ১৫ বছৰৰ কাৰাদণ্ড বিহা হয়। আদালতে পেলিকটক ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

পত্নী জিচেল পেলিকটে সাহসেৰে স্বামীৰ স্বামীৰ বিৰুদ্ধে মুকলি আদালতত গোচৰ চলাইছিল। যাৰ প্ৰশংসা কৰিছে মানুহে। এই গোচৰৰ সন্দৰ্ভত কেৰ’লিনে কয়, "তেওঁ মানুহ নে ৰাক্ষস, কিন্তু তেওঁ যি কৰিলে সেই বিষয়ে তেওঁ সম্পূৰ্ণৰূপে সচেতন আছিল। তেওঁ অসুস্থ নহয়। তেওঁ সকলো কাম সচেতনভাৱে কৰিছিল।"

কেৰ’লিন ডাৰিয়ানে কয় যে তেওঁ দেউতাকৰ সৈতে নিজৰ নগ্ন ফটো পাইছিল। তেওঁৰ মতে পেলিকটে তেওঁক ড্ৰাগছ সেৱন কৰি ধৰ্ষণ কৰিছিল। অৱশ্যে পেলিকটে এই অভিযোগ অস্বীকাৰ কৰে। কেৰ’লিনে কয় যে ‘এতিয়া সেই ব্যক্তিজন মোৰ বাবে কেৱল এজন অচিনাকি আৰু যৌন অপৰাধী, মই তেওঁক নিজৰ পিতৃ বুলি নাভাবো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ