--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডলাৰৰ বিপৰীতে টকাৰ ঐতিহাসিক হ্ৰাস দেখা গৈছে। মুদ্ৰা বজাৰত ৬৩ পইচা দুৰ্বলতাৰে প্ৰথমবাৰৰ বাবে ৮৬ৰ স্তৰ ভংগ কৰি ৮৬.৬০ টকাৰ নিম্নতম স্তৰলৈ নামি আহে। কিন্তু টকাৰ হ্ৰাস ইয়াতেই স্থিৰ হোৱা নাই। এক প্ৰতিবেদন অনুসৰি ২০২৫-২৬ বিত্তীয় বৰ্ষত এক ডলাৰৰ বিপৰীতে টকাৰ গড় হাৰ ৮৮ৰ স্তৰলৈ হ্ৰাস পাব পাৰে। অৰ্থাৎ বৰ্তমানৰ স্তৰৰ তুলনাত ১.৫০ টকাকৈ টকা আৰু অধিক দুৰ্বল হ’ব পাৰে। 

নিৰ্মল বংগ ইনষ্টিটিউশ্যনেল ইকুইটিছে নিজৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে যে ড’নাল্ড ট্ৰাম্পে ডলাৰক আৰু অধিক শক্তিশালী কৰাৰ দাবী কৰিছে। প্ৰাৰম্ভিক শক্তিৰ পিছত অনাগত দিনত ডলাৰ সুস্থিৰ হ’ব যিয়ে ভাৰতৰ দৰে উদীয়মান দেশৰ মুদ্ৰাক সহায় কৰিব। প্ৰতিবেদন অনুসৰি ২০২৫-২৬ বিত্তীয় বৰ্ষত এক ডলাৰৰ বিপৰীতে টকাৰ গড় মূল্য প্ৰায় ৮৮ হ’ব পাৰে। অৰ্থাৎ বৰ্তমানৰ স্তৰৰ পৰা ডলাৰৰ বিপৰীতে টকা আৰু অধিক দুৰ্বল হ’ব পাৰে।

২০২৫ চনৰ ৩ জানুৱাৰীত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত ৬৩৪.৫৮ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে। ২০২৪ চনৰ ২৭ ছেপ্টেম্বৰত সমাপ্ত হোৱা সপ্তাহটোত আৰ বি আইৰ বৈদেশিক মুদ্ৰাৰ মজুত ৭০৪.৮৮ বিলিয়ন ডলাৰৰ অভিলেখ সৃষ্টি হয়। অৰ্থাৎ অভিলেখ সৰ্বোচ্চ ৭০৪.৮৮ বিলিয়ন ডলাৰৰ পৰা ৭০ বিলিয়ন ডলাৰ হ্ৰাস পাইছে। বিদেশী বিনিয়োগকাৰীয়ে বিক্ৰী কৰা আৰু ডলাৰৰ বিপৰীতে টকাৰ দুৰ্বলতা বন্ধ কৰিবলৈ আৰ বি আইয়ে ডলাৰ বিক্ৰী কৰাৰ বাবে বৈদেশিক মুদ্ৰাৰ মজুতৰ এই হ্ৰাস দেখা গৈছে।

২০২৪ চনৰ ১৯ ​​ডিচেম্বৰত প্ৰথমবাৰৰ বাবে এক ডলাৰৰ বিপৰীতে টকা ৮৫ৰ তললৈ নামি আহিছিল। আৰু এমাহ নৌহওঁতেই ভাৰতীয় মুদ্ৰা ১.৬০ টকা দুৰ্বল হৈছে। আমদানিকাৰক আৰু বিদেশী বিনিয়োগকাৰীয়ে ষ্টক মাৰ্কেটত বিক্ৰী কৰি ধন উলিয়াই লোৱাৰ চাহিদা বৃদ্ধিৰ বাবে ডলাৰৰ চাহিদা বৃদ্ধি পাইছে, যাৰ বাবে টকাত দুৰ্বলতা দেখা গৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰে পৰা ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পাইছে। ড’নাল্ড ট্ৰাম্পৰ বিজয়ৰ পিছত ডলাৰ সূচকাংক শক্তিশালী হৈছে আৰু তেওঁ ক্ষমতালৈ অহাৰ পিছত ডলাৰৰ মূল্য আৰু অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। ২০২৫ চনৰ ২০ জানুৱাৰীত ট্ৰাম্পে শপত গ্ৰহণ কৰিব আৰু সেয়েহে টকাৰ অধিক দুৰ্বলতা এই মুহূৰ্তত নুই কৰিব নোৱাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ