--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ অৰ্থাৎ ২০ এপ্ৰিলত এক বিৰল মহাজগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্বৰ কেইবা খনো দেশৰ জনতা।  কাইলৈ  ১০০ বছৰৰ পিছত মহাকাশত সংঘটিত হ’ব বিৰল হাইব্ৰিড সূৰ্যগ্ৰহণ ৷ এই হাইব্ৰিড  সূৰ্যগ্ৰহণ অতি বিশেষ সূৰ্যগ্ৰহণ হিচাবে পৰিগণিত হ'ব৷  কিয়নো এই সূৰ্যগ্ৰহণ তিনিটা ৰূপত দেখা যাব।

ইয়াত অন্তৰ্ভুক্ত থাকিব আংশিক, সম্পূৰ্ণ আৰু বৃত্তাকাৰ সূৰ্যগ্ৰহণ৷ বিজ্ঞানীসকলে সেয়ে তিনিটা সূৰ্যগ্ৰহণৰ সংমিশ্ৰণ এই সূৰ্যগ্ৰহণক  হাইব্ৰিড সূৰ্যগ্ৰহণ নাম দিছে৷ এই হাইব্ৰিড সূৰ্যগ্ৰহণ ১০০  বছৰৰ মূৰত  কেৱল এবাৰহে হয়। ২০ এপ্ৰিলত সূৰ্যগ্ৰহণ পুৱা ০৭-০৪ বজাত আৰম্ভ হ'ব আৰু দুপৰীয়া ১২-২৯ বজাত সমাপ্ত হ'ব। 

কিন্তু  বছৰটোৰ প্ৰথম তথা বিৰল সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহ'ব৷ । সূৰ্যগ্ৰহণ  অষ্ট্ৰেলিয়া, প্ৰশান্ত মহাসাগৰ, এছিয়াৰ বিভিন্ন স্থান, এণ্টাৰ্কটিকা আৰু ভাৰত মহাসাগৰকে ধৰি বিভিন্ন অঞ্চলত দেখা যাব। যদিও সূৰ্যগ্ৰহণ এক জ্যোতিৰ্বৈজ্ঞানিক ঘটনা, কিন্তু শাস্ত্ৰ অনুসৰি ইয়াৰ যথেষ্ট গুৰুত্ব আছে। জ্যোতিষ শাস্ত্ৰৰ মতে গ্ৰহণৰ সময়ত আমাৰ চাৰিওফালৰ সকলো বোৰ বস্তুৱেই  প্ৰভাৱান্বিত হয়। ইয়াৰ বাহিৰেও ই  ১২  টা ৰাশি চিহ্নকে প্ৰভাৱান্বিত কৰে বুলি বিশ্বাস কৰা হয়।

 অৱশ্যে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহ’ব বাবে মহাজাগতিক পৰিঘটনাকলৈ আগ্ৰহীসকল কিছু ব্যথিত হৈ পৰাও দেখা গৈছে৷ ভাৰতত দৃশ্যমান নহ’লেও বিদেশৰ গৱেষণা প্ৰতিষ্ঠানৰ সৈতে ভাৰতীয় বিজ্ঞানীসকলে হাইব্ৰিড সূৰ্যগ্ৰহণকলৈ তথ্যৰ আদান-প্ৰদান কৰিব বুলি জানিব পৰা গৈছে৷ কিছুমান ৰাশি চিহ্নৰ ওপৰত সূৰ্যগ্ৰহণৰ প্ৰভাৱ শুভ, আনহাতে ই কিছুমান ৰাশি চিহ্নৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় বুলি জ্যোতিষীসকলে কৈ আহিছে৷ সূৰ্য গ্ৰহণৰ সময়ত কোন ৰাশিৰ ব্যক্তিৰ ওপৰত কেনে প্ৰভাৱ পৰিব জানো আহক-  

মেষ - সূৰ্য এই ৰাশিৰ শাসক। সেয়েহে আৰ্থিক ক্ষতি আৰু স্বাস্থ্যজনিত সমস্যাৰ আশংকা আছে।
 
বৃষ: দত্তক গ্ৰহণৰ প্ৰভাৱ এই ৰাশি চিহ্নৰ দ্বাদশ ঘৰত হ'ব। সেয়েহে ধনৰ সৈতে লেনদেন কৰাত সাৱধান হ'ব, বিশেষকৈ বিনিয়োগ কৰোতে সাৱধান হোৱা ভাল।

মিথুন - উচ্চ কৰ্তৃপক্ষৰ সৈতে সৌহাৰ্দপূৰ্ণ  সম্পৰ্ক গঢ় লৈ উঠিব।  পদোন্নতিৰ সম্ভাৱনা । বহুদিন নোপোৱাকৈ থকা  ধন হাতলৈ আহিব পাৰে।

কৰ্কট - এই ৰাশি চিহ্নৰ দশম ঘৰত গ্ৰহণৰ প্ৰভাৱৰ বাবে নিজে আৰু পৰিয়ালৰ সদস্যসকলে স্বাস্থ্যজনি সমস্যাত ভুগিব লগা হ'ব পাৰে।হাতলৈ ধন আহিব।

সিংহ-  শিশুসকলৰ স্বাস্থ্যৰ যত্ন লোৱা উচিৎ হ’ব। বন্ধু লাভ হ’ব। পত্ৰীৰ স্বাস্থ্যকলৈ চিন্তা হ’ব পাৰে।

কন্যা ৰাশি: কৰ্মক্ষেত্ৰত উন্নতি হ'ব, কিন্তু যদি আপুনি হিচাপ বিহীনভাবে ব্যয় কৰে তেন্তে  লোকচান হ’ব। নতুন  দায়িত্ব লাভ কৰিব পাৰে।

তুলা- সমস্যাই আপোনাক আগুৰি ধৰিব পাৰে। কিন্তু সেই সমস্যাই আপোনাৰ ক্ষতি কৰিব নোৱাৰিব। ধন লাভৰ লগতে খৰচ বৃদ্ধিও হ’ব পাৰে।
বৃশ্চিক - অসমাপ্ত কাম  শেষ কৰিব পাৰিব। মনত উদ্বেগ থাকিব, পৰিয়ালত সমস্যা হোৱাৰ সম্ভাৱনা আছে। বন্ধু লাভৰ যোগ।

ধনু: সম্পৰ্ক উন্নত হ'ব, কিন্তু ব্যয় ইমান বৃদ্ধি হ'ব যে ধাৰ লোৱাৰ পৰিস্থিতি হ'ব পাৰে। প্ৰেমত শুভ।

কুম্ভৰাশি: কামৰ প্ৰতিবন্ধকতা আঁতৰ  হ'ব, সমাজত জনপ্ৰিয়তা বৃদ্ধি পাব,  সফলতা লাভ কৰিব।

মীন - বিত্তীয় লোকচানৰ সম্ভাৱনা আছে, সেয়েহে বিনিয়োগ আৰু ব্যয়ত সাৱধান হ'ব। প্ৰেমত শুভ দিন হ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন