--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমত ২০ হাজাৰ লোকক ভূমিৰ অধিকাৰ দিবলৈ ৩ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ জাননী প্ৰত্যাহাৰ কৰিব। ৩ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হ’ল তালপথাৰ (১৭০ হেক্টৰ), মহংপথাৰ (৪৬৬ হেক্টৰ) আৰু দুৱাৰমৰাৰ ১ম সংযোজন (১১৩ হেক্টৰ)।

অসম চৰকাৰে তিনিচুকীয়া জিলাৰ তিনিটা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল (পি আৰ এফ) ডিন’টিফাই কৰাৰ সিদ্ধান্ত লৈছে যাতে ২০ হাজাৰৰো অধিক বাসিন্দাই ভূমিৰ অধিকাৰ লাভ কৰিব পাৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে।

শুকুৰবাৰে (৩১ জানুৱাৰী, ২০২৫) মুখ্যমন্ত্ৰী শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে সংৰক্ষিত বনাঞ্চলক ৰাজহ গাঁওলৈ ৰূপান্তৰিত কৰাত অনুমোদন জনায় যাতে অঞ্চলটোত বাস কৰা লোকসকলে ভূমিৰ অধিকাৰ লাভ কৰিব পাৰে।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে "তিনিচুকীয়াত তিনিখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আছে। আমি সিদ্ধান্ত লৈছো যে সেইবোৰক ডিন'টিফাই কৰি ৰাজহ গাঁও হিচাপে গঢ়ি তুলিছো। ইয়াৰ দ্বাৰা তাত বাস কৰা লোকসকলে ভূমিৰ অধিকাৰ লাভ কৰাত সহায় হ’ব।"

ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই গাঁওসমূহত ২০ হাজাৰৰো অধিক লোক বাস কৰে আৰু সংৰক্ষিত বনাঞ্চলসমূহৰ বাধাৰ বাবে তেওঁলোকে কোনো ধৰণৰ ভূমিৰ অধিকাৰ লাভ কৰা নাছিল।

তেওঁ কেবিনেট অনুমোদনক দুৰ্দশাগ্ৰস্ত জনসাধাৰণক সকাহ দিয়াৰ বাবে এক ‘বৃহৎ সিদ্ধান্ত’ বুলি অভিহিত কৰে।

ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপ’ৰ্ট (আই এছ এফ আৰ) ২০২৩ অনুসৰি ২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত অসমৰ বনাঞ্চলৰ আৱৰণ প্ৰায় ৮৪ বৰ্গ কিলোমিটাৰ হ্ৰাস পাইছে, ৰাজ্যখনৰ বনাঞ্চল আৰু গছৰ আৱৰণৰ অধীনৰ মুঠ মাটিকালি এতিয়া ৩০,৪১৫.০১ বৰ্গ কিলোমিটাৰ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু