--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ ক্ৰিকেটত সৃষ্টি হৈছে এক নতুন নজিৰ। এটা ইনিংছত ৪২৭ ৰান সংগ্ৰহ! ৩৬৪ ৰাণত জয়লাভ! কিন্তু পুৰুষৰ নহয়, মহিলাৰ আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট হৈছে নতুন বিশ্ব অভিলেখ। নেপালৰ সৰ্বোচ্চ ইনিংছৰ বিশ্ব অভিলেখ ভংগ হ’ল। ২৭ ছেপ্টেম্বৰত অনুষ্ঠিত এছিয়ান গেমছৰ খেলখনত মংগোলিয়াৰ বিৰুদ্ধে ৩ উইকেটত ৩১৪ ৰান সংগ্ৰহ কৰিছিল নেপালে।

শুকুৰবাৰে চিলিৰ মহিলা দলৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ মহিলা দলে ১ উইকেটত ৪২৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত চিলিৰ ইনিংছ শেষ হয় ১৫ অভাৰত ৬৩ ৰান। আৰ্জেণ্টিনাৰ মহিলা দলে ৩৬৪ ৰানত জয়লাভ কৰে। এই মেচখনত জয়ৰ ব্যৱধানৰ ক্ষেত্ৰতো এক নতুন বিশ্ব অভিলেখ গঢ়ি উঠিছে। পূৰ্বৰ অভিলেখটো নেপালৰ হাততো আছিল। এছিয়ান গেমছৰ খেলখনত মংগোলিয়াক ৩১৫ ৰানত পৰাস্ত কৰে।

আৰ্জেণ্টিনাৰ মহিলা দলে প্ৰথমে বেটিং কৰে। দুগৰাকী অ’পেনাৰ লুচিয়া টেইলৰ আৰু আলবাৰ্টিনা গালানৰ ৩৫০ ৰানৰ বিশ্ব অভিলেখ। কেৱল প্ৰথম উইকেটতে নহয়, টি-২০ ক্ৰিকেটত কোনো উইকেট যোৰতে ইমান ৰান লাভ কৰা হোৱা নাই। ইয়াৰ পূৰ্বে সৰ্বোচ্চ যুটিৰ অভিলেখ আছিল আফগানিস্তানৰ উছমান ঘানী আৰু হজৰতুল্লা জাজাই। ২০১৯ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথম উইকেটৰ বাবে ২৩৬ ৰান সংগ্ৰহ কৰিছিল। আৰ্জেণ্টিনাৰ দুগৰাকী মহিলা বেটছমেনে সেই অভিলেখ ভংগ কৰিছিল। চিলিৰ বিৰুদ্ধে এই খেলখনত আৰ্জেণ্টিনাৰ টেইলৰে ৮৪টা বলত ১৬৯ ৰান সংগ্ৰহ কৰি আউট হয়। তেওঁ ২৭টা ফোৰ মাৰিলে। ১৪৫ ৰানত অপৰাজিত হৈ থাকে গালান। ৮৪টা বলৰ ইনিংছত তেওঁ ২৩টা চাৰিটা ৰান কৰে। তিনি নম্বৰলৈ নামি অহা মাৰিয়া কাষ্টিনেইৰাছে ১৬টা বলত ৪০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

২০ অভাৰৰ ইনিংছ হোৱাৰ পাছতো আৰ্জেণ্টিনাৰ মহিলা দলটোৱে প্ৰকৃততে ৩২ অভাৰ খেলিছিল। কাৰণ চিলিৰ বলাৰসকলে ৬৪টা ‘নো’ বল আৰু ৮টা ‘বাইড’ বল মাৰিছিল। অৰ্থাৎ তেওঁলোকে মুঠ ৭২টা বল বা ১২ অভাৰত বলিং কৰিছিল। আৰ্জেণ্টিনাই অতিৰিক্ত হিচাপে ৭৩ ৰান সংযোজন কৰে। এই ক্ষেত্ৰত এক নতুন বিশ্ব অভিলেখ সৃষ্টি হ’ল। এতিয়ালৈকে মোজাম্বিকে এটা ইনিংছত সৰ্বাধিক ৪১টা অতিৰিক্ত ৰান দিছে। সেই মেচত প্ৰতিদ্বন্দ্বী আছিল এছৱাটিনিৰ বিৰুদ্ধে। সেই অভিলেখ ভংগ হৈছিল আৰ্জেণ্টিনা-চিলি মহিলা দলীয় মেচতো। টি-২০ মেচৰ এটা ইনিংছত ইমান ‘নো’ বল আগতে কেতিয়াও হোৱা নাছিল। চিলিৰ মুঠ ৬৪টা ‘নো’ বলও বিশ্ব অভিলেখ।

ইয়াৰ উত্তৰত চিলিৰ ইনিংছ শেষ হয় ১৫ অভাৰত ৬৩ ৰান। তেওঁলোকৰ ৭ জন বেটছমেনে কোনো ৰান সংগ্ৰহ কৰিব নোৱাৰিলে। দলটোৰ হৈ জেচিকা মিৰাণ্ডাই সৰ্বাধিক ২৭ ৰান সংগ্ৰহ কৰে। দ্বিতীয় সৰ্বোচ্চ ফ্ৰান্সেস্কা ময়ৰ ৫। এই মেচখনত আৰ্জেণ্টিনাই অতিৰিক্ত ২৯ ৰান দিয়ে। ২টা ‘নাই’ বল আৰু ২৬টা ৱাইড বল আৰ্জেণ্টিনাৰ বলাৰসকলে বল কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ