--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ ক্ৰিকেটত সৃষ্টি হৈছে এক নতুন নজিৰ। এটা ইনিংছত ৪২৭ ৰান সংগ্ৰহ! ৩৬৪ ৰাণত জয়লাভ! কিন্তু পুৰুষৰ নহয়, মহিলাৰ আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট হৈছে নতুন বিশ্ব অভিলেখ। নেপালৰ সৰ্বোচ্চ ইনিংছৰ বিশ্ব অভিলেখ ভংগ হ’ল। ২৭ ছেপ্টেম্বৰত অনুষ্ঠিত এছিয়ান গেমছৰ খেলখনত মংগোলিয়াৰ বিৰুদ্ধে ৩ উইকেটত ৩১৪ ৰান সংগ্ৰহ কৰিছিল নেপালে।

শুকুৰবাৰে চিলিৰ মহিলা দলৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ মহিলা দলে ১ উইকেটত ৪২৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত চিলিৰ ইনিংছ শেষ হয় ১৫ অভাৰত ৬৩ ৰান। আৰ্জেণ্টিনাৰ মহিলা দলে ৩৬৪ ৰানত জয়লাভ কৰে। এই মেচখনত জয়ৰ ব্যৱধানৰ ক্ষেত্ৰতো এক নতুন বিশ্ব অভিলেখ গঢ়ি উঠিছে। পূৰ্বৰ অভিলেখটো নেপালৰ হাততো আছিল। এছিয়ান গেমছৰ খেলখনত মংগোলিয়াক ৩১৫ ৰানত পৰাস্ত কৰে।

আৰ্জেণ্টিনাৰ মহিলা দলে প্ৰথমে বেটিং কৰে। দুগৰাকী অ’পেনাৰ লুচিয়া টেইলৰ আৰু আলবাৰ্টিনা গালানৰ ৩৫০ ৰানৰ বিশ্ব অভিলেখ। কেৱল প্ৰথম উইকেটতে নহয়, টি-২০ ক্ৰিকেটত কোনো উইকেট যোৰতে ইমান ৰান লাভ কৰা হোৱা নাই। ইয়াৰ পূৰ্বে সৰ্বোচ্চ যুটিৰ অভিলেখ আছিল আফগানিস্তানৰ উছমান ঘানী আৰু হজৰতুল্লা জাজাই। ২০১৯ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথম উইকেটৰ বাবে ২৩৬ ৰান সংগ্ৰহ কৰিছিল। আৰ্জেণ্টিনাৰ দুগৰাকী মহিলা বেটছমেনে সেই অভিলেখ ভংগ কৰিছিল। চিলিৰ বিৰুদ্ধে এই খেলখনত আৰ্জেণ্টিনাৰ টেইলৰে ৮৪টা বলত ১৬৯ ৰান সংগ্ৰহ কৰি আউট হয়। তেওঁ ২৭টা ফোৰ মাৰিলে। ১৪৫ ৰানত অপৰাজিত হৈ থাকে গালান। ৮৪টা বলৰ ইনিংছত তেওঁ ২৩টা চাৰিটা ৰান কৰে। তিনি নম্বৰলৈ নামি অহা মাৰিয়া কাষ্টিনেইৰাছে ১৬টা বলত ৪০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

২০ অভাৰৰ ইনিংছ হোৱাৰ পাছতো আৰ্জেণ্টিনাৰ মহিলা দলটোৱে প্ৰকৃততে ৩২ অভাৰ খেলিছিল। কাৰণ চিলিৰ বলাৰসকলে ৬৪টা ‘নো’ বল আৰু ৮টা ‘বাইড’ বল মাৰিছিল। অৰ্থাৎ তেওঁলোকে মুঠ ৭২টা বল বা ১২ অভাৰত বলিং কৰিছিল। আৰ্জেণ্টিনাই অতিৰিক্ত হিচাপে ৭৩ ৰান সংযোজন কৰে। এই ক্ষেত্ৰত এক নতুন বিশ্ব অভিলেখ সৃষ্টি হ’ল। এতিয়ালৈকে মোজাম্বিকে এটা ইনিংছত সৰ্বাধিক ৪১টা অতিৰিক্ত ৰান দিছে। সেই মেচত প্ৰতিদ্বন্দ্বী আছিল এছৱাটিনিৰ বিৰুদ্ধে। সেই অভিলেখ ভংগ হৈছিল আৰ্জেণ্টিনা-চিলি মহিলা দলীয় মেচতো। টি-২০ মেচৰ এটা ইনিংছত ইমান ‘নো’ বল আগতে কেতিয়াও হোৱা নাছিল। চিলিৰ মুঠ ৬৪টা ‘নো’ বলও বিশ্ব অভিলেখ।

ইয়াৰ উত্তৰত চিলিৰ ইনিংছ শেষ হয় ১৫ অভাৰত ৬৩ ৰান। তেওঁলোকৰ ৭ জন বেটছমেনে কোনো ৰান সংগ্ৰহ কৰিব নোৱাৰিলে। দলটোৰ হৈ জেচিকা মিৰাণ্ডাই সৰ্বাধিক ২৭ ৰান সংগ্ৰহ কৰে। দ্বিতীয় সৰ্বোচ্চ ফ্ৰান্সেস্কা ময়ৰ ৫। এই মেচখনত আৰ্জেণ্টিনাই অতিৰিক্ত ২৯ ৰান দিয়ে। ২টা ‘নাই’ বল আৰু ২৬টা ৱাইড বল আৰ্জেণ্টিনাৰ বলাৰসকলে বল কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক