--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰণত পৰিল পাকিস্তান। দূৰ্দান্ত বিজয় সাব্যষ্ট কৰিছে ভাৰতে। দলৰ এই বিজয়ৰ মূলতে আছিল বলাৰসকলৰ দমনীয় প্ৰদৰ্শন। জাক জমকীয়া সাংস্কৃতিক কাৰ্যসূচীৰ পাছতে টছত জয়ী হৈ বলিং কৰে ভাৰতে।

পাকিস্তানে সুদৃঢ় আৰম্ভণি ঘটাই যদিও কম সময়ৰ ব্যৱধানতে অপেনাৰদ্বয় আব্দল্লাহ ছফিক (২০) আৰু ইমাম উল হক (৩৬) পেভিলিয়নমুখী হয়। তাৰ পাছতে আৰম্ভ হয় বাবৰ আজম (৫০) আৰু মহম্মদ ৰিজৱান (৪৯)ৰ যুটি। দুয়ো ইনিংছ আগুৱাই নিয়ে। কিন্তু এই অভিজ্ঞ তাৰকা দুগৰাকী আউট হোৱাৰ পাছতে পতন হয় পাকিস্তানৰ বেটিং ক্ৰমৰ। তাচপাতৰ ঘৰৰ দৰে খহি পৰে মিডল অৰ্ডাৰ। বিস্ফোৰক বেটাৰ ছাউড ছাকিল, ইফটিকাৰ আহমেদ চূড়ান্ত ব্যৰ্থ হয়। এটা সময়ত ১৫৫ ৰাণত তিনিটা উইকেট পতন হোৱা দলটো অল আউট হয় ৪২.৫ অভাৰত মাত্ৰ ১৯১ ৰাণতে।

পাকিস্তানৰ এই দূৰ্দশাৰ মূলতে আছিল ভাৰতীয় বলাৰসকলৰ দমনীয় প্ৰদৰ্শন। আৰম্ভণিৰে পৰা বুমৰাহ-ছিৰাজে দপদপনি শেহলৈকে অব্যাহত ৰাখে। বুমৰাহ, ছিৰাজ, কুলদীপ, জাডেজা আৰু হাৰ্দিকে দুটাকৈ উইকেট ভগাই লয়।

প্ৰত্যুত্তৰত ভাৰতে কোনো সংকোচ নকৰাকৈ ইনিংছ মুকলি কৰে। শুভমন গীল (১৬) আৰু বিৰাট কোহলী (১৬) ব্যৰ্থ হ’লেও পুনৰ উজ্বলি উঠে ৰোহিত শৰ্মা। তেওঁ ৬৩ টা বলত ৮৬ ৰাণ কৰে। শ্ৰেয়াস আয়াৰে ৫৩ ৰাণ কৰে। বলাৰসকলৰ দমনীয় প্ৰদৰ্শনৰ পাছত বেটাৰসকলৰ এই দূৰ্দান্ত প্ৰদৰ্শনৰ বাবেই ৩০.৩ অভাৰত মাত্ৰ তিনিটা উইকেট হেৰুৱাই সহজেই বিজয় সাব্যষ্ট কৰে টীম ইণ্ডিয়াই। পাকিস্তানৰ হৈ দুটা উইকেট লাভ কৰে শ্বাহিন আফ্ৰিদীয়ে।

উল্লেখ্য যে মেচখনৰ পূৰ্বেই টীম ইণ্ডিয়া ফেভাৰিট হিচাপে বিবেচিত হৈ আছিল। কিন্তু মহম্মদ ৰিজৱানকে ধৰি পাকিস্তানৰ বেটাৰসকলে চলিত বিশ্বকাপত কৰি অহা দূৰ্দান্ত প্ৰদৰ্শনৰ বাবে পাকিস্তানকো উলাই কৰিব পৰা হোৱা নাছিল। কিন্তু ভাৰতৰ পাৱাৰ ক্ৰিকেটৰ ওচৰত হাৰ মানিলে বাবৰ বাহিনীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু