--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰণত পৰিল পাকিস্তান। দূৰ্দান্ত বিজয় সাব্যষ্ট কৰিছে ভাৰতে। দলৰ এই বিজয়ৰ মূলতে আছিল বলাৰসকলৰ দমনীয় প্ৰদৰ্শন। জাক জমকীয়া সাংস্কৃতিক কাৰ্যসূচীৰ পাছতে টছত জয়ী হৈ বলিং কৰে ভাৰতে।

পাকিস্তানে সুদৃঢ় আৰম্ভণি ঘটাই যদিও কম সময়ৰ ব্যৱধানতে অপেনাৰদ্বয় আব্দল্লাহ ছফিক (২০) আৰু ইমাম উল হক (৩৬) পেভিলিয়নমুখী হয়। তাৰ পাছতে আৰম্ভ হয় বাবৰ আজম (৫০) আৰু মহম্মদ ৰিজৱান (৪৯)ৰ যুটি। দুয়ো ইনিংছ আগুৱাই নিয়ে। কিন্তু এই অভিজ্ঞ তাৰকা দুগৰাকী আউট হোৱাৰ পাছতে পতন হয় পাকিস্তানৰ বেটিং ক্ৰমৰ। তাচপাতৰ ঘৰৰ দৰে খহি পৰে মিডল অৰ্ডাৰ। বিস্ফোৰক বেটাৰ ছাউড ছাকিল, ইফটিকাৰ আহমেদ চূড়ান্ত ব্যৰ্থ হয়। এটা সময়ত ১৫৫ ৰাণত তিনিটা উইকেট পতন হোৱা দলটো অল আউট হয় ৪২.৫ অভাৰত মাত্ৰ ১৯১ ৰাণতে।

পাকিস্তানৰ এই দূৰ্দশাৰ মূলতে আছিল ভাৰতীয় বলাৰসকলৰ দমনীয় প্ৰদৰ্শন। আৰম্ভণিৰে পৰা বুমৰাহ-ছিৰাজে দপদপনি শেহলৈকে অব্যাহত ৰাখে। বুমৰাহ, ছিৰাজ, কুলদীপ, জাডেজা আৰু হাৰ্দিকে দুটাকৈ উইকেট ভগাই লয়।

প্ৰত্যুত্তৰত ভাৰতে কোনো সংকোচ নকৰাকৈ ইনিংছ মুকলি কৰে। শুভমন গীল (১৬) আৰু বিৰাট কোহলী (১৬) ব্যৰ্থ হ’লেও পুনৰ উজ্বলি উঠে ৰোহিত শৰ্মা। তেওঁ ৬৩ টা বলত ৮৬ ৰাণ কৰে। শ্ৰেয়াস আয়াৰে ৫৩ ৰাণ কৰে। বলাৰসকলৰ দমনীয় প্ৰদৰ্শনৰ পাছত বেটাৰসকলৰ এই দূৰ্দান্ত প্ৰদৰ্শনৰ বাবেই ৩০.৩ অভাৰত মাত্ৰ তিনিটা উইকেট হেৰুৱাই সহজেই বিজয় সাব্যষ্ট কৰে টীম ইণ্ডিয়াই। পাকিস্তানৰ হৈ দুটা উইকেট লাভ কৰে শ্বাহিন আফ্ৰিদীয়ে।

উল্লেখ্য যে মেচখনৰ পূৰ্বেই টীম ইণ্ডিয়া ফেভাৰিট হিচাপে বিবেচিত হৈ আছিল। কিন্তু মহম্মদ ৰিজৱানকে ধৰি পাকিস্তানৰ বেটাৰসকলে চলিত বিশ্বকাপত কৰি অহা দূৰ্দান্ত প্ৰদৰ্শনৰ বাবে পাকিস্তানকো উলাই কৰিব পৰা হোৱা নাছিল। কিন্তু ভাৰতৰ পাৱাৰ ক্ৰিকেটৰ ওচৰত হাৰ মানিলে বাবৰ বাহিনীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ