--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ২০৩৬ চনৰ অলিম্পিক ভাৰতলৈ অনাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে মোদীৰ চৰকাৰে । প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ  এই কথা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে  মুম্বাইত আন্তৰ্জাতিক অলিম্পিক সমিতিৰ বৈঠকৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি এনেদৰে কয়। 

উল্লেখ্য ৪০  বছৰৰ পিছত ভাৰতত আন্তৰ্জাতিক অলিম্পিক সমিতিৰ (আইঅ'চি) বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে  কয় যে ভাৰতে ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰিবলৈ আগ্ৰহী। তেওঁ কয়  "এয়া ১৪০ কোটি ভাৰতীয়ৰ সপোন। মই সকলোৰে সমৰ্থনত এই সপোনটো সফল কৰিবলৈ  চেষ্টা কৰিম। মই আশা কৰোঁ অলিম্পিক সমিতিয়েও আমাক সহায় কৰিব। কেৱল এয়াই নহয়, ভাৰতত ২০২৯ চনৰ যুৱ অলিম্পিক অনুষ্ঠিত কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে ।’’


পেৰিছৰ পিছত অলিম্পিকৰ দুখন স্থান ক্ৰমে  লছ এঞ্জেলছ (২০২৮ ) আৰু ব্ৰিছবেন (২০৩২ )ত অনুষ্ঠিত হোৱাটো নিশ্চিত কৰা হৈছে। গতিকে এতিয়াৰে পৰা ভাৰতে ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ দায়িত্বৰ দৌৰত প্ৰৱেশ কৰিব বিচাৰিছে। ইপিনে পোলেণ্ড, ইণ্ডোনেছিয়া আৰু মেক্সিকোৱে ইতিমধ্যে ২০৩৬ চনৰ অলিম্পিক অনুষ্ঠিত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি আহিছে।

কিছুদিন পূৰ্বে  ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ (আইঅ'এ) মুৰব্বী পিটি ঊষাই ২০৩৬ চনৰ অলিম্পিকৰ বাবে আনুষ্ঠানিক প্ৰস্তাৱ দাখিলৰ  ইংগিত দিছিল। শেহতীয়াকৈ, এছিয়ান গেমছ ২০২৩ৰ  সামৰণি অনুষ্ঠানত তেওঁ কৈছিল, "২০৩৬ চনৰ অলিম্পিক আয়োজনৰ দাবী ভাৰতে কৰিব।" তেওঁ লগতে কৈছিল " মই নিশ্চিত যে আমি টকিঅ'তকৈ পেৰিছ গেমছত অধিক পদক লাভ কৰিম আৰু সেই প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি, আমি ২০৩৬ ৰ  অলিম্পিক আয়োজন কৰিব পাৰিম।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু