--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ২০৩৬ চনৰ অলিম্পিক ভাৰতলৈ অনাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে মোদীৰ চৰকাৰে । প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ  এই কথা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে  মুম্বাইত আন্তৰ্জাতিক অলিম্পিক সমিতিৰ বৈঠকৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি এনেদৰে কয়। 

উল্লেখ্য ৪০  বছৰৰ পিছত ভাৰতত আন্তৰ্জাতিক অলিম্পিক সমিতিৰ (আইঅ'চি) বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে  কয় যে ভাৰতে ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰিবলৈ আগ্ৰহী। তেওঁ কয়  "এয়া ১৪০ কোটি ভাৰতীয়ৰ সপোন। মই সকলোৰে সমৰ্থনত এই সপোনটো সফল কৰিবলৈ  চেষ্টা কৰিম। মই আশা কৰোঁ অলিম্পিক সমিতিয়েও আমাক সহায় কৰিব। কেৱল এয়াই নহয়, ভাৰতত ২০২৯ চনৰ যুৱ অলিম্পিক অনুষ্ঠিত কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে ।’’


পেৰিছৰ পিছত অলিম্পিকৰ দুখন স্থান ক্ৰমে  লছ এঞ্জেলছ (২০২৮ ) আৰু ব্ৰিছবেন (২০৩২ )ত অনুষ্ঠিত হোৱাটো নিশ্চিত কৰা হৈছে। গতিকে এতিয়াৰে পৰা ভাৰতে ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ দায়িত্বৰ দৌৰত প্ৰৱেশ কৰিব বিচাৰিছে। ইপিনে পোলেণ্ড, ইণ্ডোনেছিয়া আৰু মেক্সিকোৱে ইতিমধ্যে ২০৩৬ চনৰ অলিম্পিক অনুষ্ঠিত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি আহিছে।

কিছুদিন পূৰ্বে  ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ (আইঅ'এ) মুৰব্বী পিটি ঊষাই ২০৩৬ চনৰ অলিম্পিকৰ বাবে আনুষ্ঠানিক প্ৰস্তাৱ দাখিলৰ  ইংগিত দিছিল। শেহতীয়াকৈ, এছিয়ান গেমছ ২০২৩ৰ  সামৰণি অনুষ্ঠানত তেওঁ কৈছিল, "২০৩৬ চনৰ অলিম্পিক আয়োজনৰ দাবী ভাৰতে কৰিব।" তেওঁ লগতে কৈছিল " মই নিশ্চিত যে আমি টকিঅ'তকৈ পেৰিছ গেমছত অধিক পদক লাভ কৰিম আৰু সেই প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি, আমি ২০৩৬ ৰ  অলিম্পিক আয়োজন কৰিব পাৰিম।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ