--°C
Loading...
Listen to Article
2 min read
80%

অমৃতসৰ : বহু জল্পনা-কল্পনা আৰু বাদ-বিসম্বাদৰ পাছত সলনি হ’ল অধিনায়ক। মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং আৰু প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ তথা ৰাজনীতিৰ পথাৰৰো জনপ্ৰিয় মুখ নৱজ্যোৎ সিং সিদ্ধুৰ মাজৰ সংঘাত দূৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিলে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই। অমৰিম্দৰ সিঙক মুখ্যমন্ত্ৰিত্বৰ আসনতে বাহাল ৰাখি নৱজ্যোৎ সিং সিদ্ধুক পতা হ’ল পঞ্জাৱ কংগ্ৰেছৰ অধিনায়ক। অহা বছৰ ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত। এনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ দুই শীৰ্ষ নেতাৰ সংঘাত কংগ্ৰেছৰ কাৰণে অস্বস্তিৰ কাৰণ হৈ উঠিছিল।

এই সংঘাত নিৰসনৰ বাবে অতি সচেতন আৰু সাৱধানী পদক্ষেপ গ্ৰহণ কৰিলে কংগ্ৰেছ হাইকমাণ্ডে। গান্ধী পৰিয়ালৰে ঘনিষ্ঠতা বজাই ৰখাৰ সুবাদতে নৱজ্যোৎ সিং সিদ্ধুক দিয়া হ’ল পঞ্জাৱ কংগ্ৰেছৰ সভাপতিৰ গুৰু দায়িত্ব। দেওবাৰে তেওঁ এই দায়িত্ব অৰ্পন কৰা হয়। দায়িত্ব গ্ৰহণৰ পাছতে ৰাজনীতিৰ ক্ৰীজত সিদ্ধুৱে নিজৰ আক্ৰমণাত্মক ৰূপ দেখুৱাবলৈ আৰম্ভ কৰিছে। আজি তেওঁ ৰাজ্যখনত কংগ্ৰেছক পুনৰ শাসনলৈ ঘূৰাই অনাৰ দৃঢ় সংকল্পৰ কথা ঘোষণা কৰে। কংগ্ৰেছৰ ‘জিতেগা পঞ্জাৱ’ অৰ্থাৎ পঞ্জাৱ জয়ী হ’ব শ্লোগান সাৰ্থক কৰি তোলাৰ লক্ষ্য পূৰণ কৰাৰ দৃঢ়তা প্ৰদৰ্শন কৰে সিদ্ধুৱে। টুইটযোগে তেওঁ ৰাহুল-ছোনীয়া-প্ৰিয়ংকাকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে। আৰু কংগ্ৰেছৰ জিতেগা পঞ্জাৱ লক্ষ্যত উপনীত হোৱাৰ বাবে দলক সাজু কৰাৰ কথা দৃঢ়তাৰে উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ