--°C
Loading...
Listen to Article
2 min read
80%

অমৃতসৰ : বহু জল্পনা-কল্পনা আৰু বাদ-বিসম্বাদৰ পাছত সলনি হ’ল অধিনায়ক। মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং আৰু প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ তথা ৰাজনীতিৰ পথাৰৰো জনপ্ৰিয় মুখ নৱজ্যোৎ সিং সিদ্ধুৰ মাজৰ সংঘাত দূৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিলে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই। অমৰিম্দৰ সিঙক মুখ্যমন্ত্ৰিত্বৰ আসনতে বাহাল ৰাখি নৱজ্যোৎ সিং সিদ্ধুক পতা হ’ল পঞ্জাৱ কংগ্ৰেছৰ অধিনায়ক। অহা বছৰ ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত। এনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ দুই শীৰ্ষ নেতাৰ সংঘাত কংগ্ৰেছৰ কাৰণে অস্বস্তিৰ কাৰণ হৈ উঠিছিল।

এই সংঘাত নিৰসনৰ বাবে অতি সচেতন আৰু সাৱধানী পদক্ষেপ গ্ৰহণ কৰিলে কংগ্ৰেছ হাইকমাণ্ডে। গান্ধী পৰিয়ালৰে ঘনিষ্ঠতা বজাই ৰখাৰ সুবাদতে নৱজ্যোৎ সিং সিদ্ধুক দিয়া হ’ল পঞ্জাৱ কংগ্ৰেছৰ সভাপতিৰ গুৰু দায়িত্ব। দেওবাৰে তেওঁ এই দায়িত্ব অৰ্পন কৰা হয়। দায়িত্ব গ্ৰহণৰ পাছতে ৰাজনীতিৰ ক্ৰীজত সিদ্ধুৱে নিজৰ আক্ৰমণাত্মক ৰূপ দেখুৱাবলৈ আৰম্ভ কৰিছে। আজি তেওঁ ৰাজ্যখনত কংগ্ৰেছক পুনৰ শাসনলৈ ঘূৰাই অনাৰ দৃঢ় সংকল্পৰ কথা ঘোষণা কৰে। কংগ্ৰেছৰ ‘জিতেগা পঞ্জাৱ’ অৰ্থাৎ পঞ্জাৱ জয়ী হ’ব শ্লোগান সাৰ্থক কৰি তোলাৰ লক্ষ্য পূৰণ কৰাৰ দৃঢ়তা প্ৰদৰ্শন কৰে সিদ্ধুৱে। টুইটযোগে তেওঁ ৰাহুল-ছোনীয়া-প্ৰিয়ংকাকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে। আৰু কংগ্ৰেছৰ জিতেগা পঞ্জাৱ লক্ষ্যত উপনীত হোৱাৰ বাবে দলক সাজু কৰাৰ কথা দৃঢ়তাৰে উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু