--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : চৰকাৰে হকে বিহকে বিভিন্ন লোকৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ জাপি দিয়া কাৰ্য পুনৰ স্পষ্ট হৈ পৰিল। দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা মণিপুৰৰ এগৰাকী ৰাজনৈতিক কৰ্মীক উচ্চতম ন্যায়ালয়ে আজি তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। মণিপুৰৰ ৰাজনৈকিত অধিকাৰ কৰ্মী লেইকোমম্বাম আৰেণ্ডোক তেওঁৰ ফেচবুক পোষ্টৰ আধাৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁৰ বিৰুদ্ধে কঠোৰ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গোচৰ জাপি দিয়া হৈছিল। ৩৭বছৰীয়া আৰেণ্ডোৰ অপৰাধ আছিল যে, তেওঁ বিজেপি নেতা এগৰাকীক সমালোচনা কৰি গোমুত্ৰ আৰু গৰুৰ গোবৰে কৰ’না আৰোগ্য কৰিব নোৱাৰে বুলি লিখিছিল।

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই গোচৰটো কাইলৈপৰ্যন্ত পিছুৱাই দিয়াৰ আবেদন জনাইছিল যদিও ন্যায়ালয়ে তেওঁক তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে লেইকোমম্বামৰ দীঘলীয়া কাৰাবাসে সংবিধানৰ অনুচ্ছেদ ২১ অনুসৰি তেওঁৰ জীৱনৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতা খৰ্ব কৰা বুলি অভিহিত কৰে। তেওঁক আজি বিয়লি ৫বজাৰ ভিতৰত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে। ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড় আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। কাৰাৰুদ্ধ ৰাজনৈতিক অধিকাৰ কৰ্মীগৰাকীৰ আৱেদনৰ আধাৰত এই নিৰ্দেশ দিয়ে ন্যায়ালয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ