--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ এখন ৰাজনৈতিক নাট্য ছবি। এই ছবিখনত সমৰ কুমাৰৰ চৰিত্ৰত অভিনয় কৰিছে বিক্ৰান্ত মেছিয়ে। ছবিখনত ৰাশী খান্নাই অমৃতা গিলৰ চৰিত্ৰত অভিনয় কৰিছে আৰু ৰিদ্ধি ডোগ্ৰাই মণিকা ৰাজপুৰোহিতৰ চৰিত্ৰত অভিনয় কৰিছে৷ এই ছবিখন দেশৰ আটাইতকৈ ডাঙৰ ঘটনা গোধৰা কাণ্ডৰ আধাৰত। প্ৰধানমন্ত্ৰী মোদীয়েও এই ছবিখন উপভোগ কৰিছিল আৰু ইয়াৰ শলাগ লৈছিল। 

অৱশ্যে বক্স অফিচত ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ৰ প্ৰদৰ্শন হতাশাজনক আছিল। কিন্তু এতিয়া ছবিখন অ’টিটিত মুক্তি পাবলৈ গৈ আছে। ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ কেতিয়া আৰু ক’ত মুক্তি পাব জানো আহক ৷

২০২৪ চনৰ ১৫ নৱেম্বৰত ছবিগৃহত মুক্তি পাইছিল ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’। এই ছবিখনে দৰ্শক আৰু সমালোচক উভয়ৰে পৰা মিশ্ৰিত সহাৰি লাভ কৰিছিল। এতিয়া এই ছবিখন অ’টিটিত মুক্তি পাবলৈ গৈ আছে। এক প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ ১০ জানুৱাৰীত ZEE5 ত প্ৰিমিয়াৰ হ’ব বিক্ৰান্ত মেছি অভিনীত দ্য সাবৰমতী ৰিপ’ৰ্ট। ধীৰাজ সাৰ্নাৰ পৰিচালনাত নিৰ্মিত এই ছবিখন ২০০২ চনত সবৰমতী এক্সপ্ৰেছৰ সৈতে জড়িত গোধৰা ৰেল জ্বলন ট্ৰেজেডীৰ আধাৰত নিৰ্মিত। অৱশ্যে এই ছবিখনৰ অ’টিটিত মুক্তিৰ সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাই নিৰ্মাতাসকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ