--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতি বছৰে ভাৰতৰ পৰা বৃহৎ সংখ্যক তীৰ্থযাত্ৰী ছৌদি আৰবলৈ গৈ হজ কৰে।  ৰকাৰে ৰাজ্যসভাত জনোৱা মতে, ছৌদি আৰবে ২০২৫ চনৰ বাবে ১,৭৫,০২৫ ভাৰতীয় তীৰ্থযাত্ৰীৰ হজ কোটা নিৰ্ধাৰণ কৰিছে, যিটো কোটা ভাৰতৰ হজ কমিটি আৰু হজ গ্ৰুপ অৰ্গেনাইজাৰ (এইচ জি অ’)ৰ মাজত বিতৰণ কৰা হৈছে।

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে। তেওঁ কয়, ২০২৫ চনৰ কোটা ভাৰতৰ হজ কমিটি আৰু এইচ জি অ’ৰ মাজত ৭০:৩০ অনুপাতত ভাগ কৰা হ’ব। হজ ২০২৫ৰ বাবে এইচ জি অ’সমূহক আবণ্টিত হজ তীৰ্থযাত্ৰীৰ কোটা ভাৰতৰ মুঠ ১,৭৫,০২৫ জনৰ ৩০ শতাংশ (৫২,৫০৭)। হজ কোটা আবণ্টন আৰু হজ গোটৰ সংগঠকসকলৰ সৈতে জড়িত চৰ্তসমূহ ভাৰত আৰু ছৌদি আৰৱৰ  মাজত হোৱা দ্বিপাক্ষিক চুক্তিৰ দ্বাৰা বিভিন্ন স্থল বাস্তৱতাক লক্ষ্য কৰি পৰিচালিত হয় ।

লগতে কিৰেন ৰিজিজুৱে কয় যে যোৱা পাঁচ বছৰত হজ কমিটি আৰু হজ গ্ৰুপৰ মাজত ৭০:৩০ আৰু ৮০:২০ৰ ভিত্তিত কোটা বিতৰণ কৰা হৈছে। ২০২৪ আৰু ২০২৩ চনতো ছৌদি আৰবে ১,৭৫,০২৫ জন ভাৰতীয় তীৰ্থযাত্ৰীৰ বাবে হজ কোটা নিৰ্ধাৰণ কৰিছিল। আনহাতে ২০১৯ চনত ছৌদি আৰবে ভাৰতীয় তীৰ্থযাত্ৰীৰ কোটা ২ লাখলৈ বৃদ্ধি কৰিছিল।

হজ প্ৰশাসনত কৰা এটা ডাঙৰ সংস্কাৰ হ’ল ৪৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ মুছলমান মহিলাক মেহৰাম (ভাই, পিতৃ, স্বামী) অবিহনে এল ডব্লিউ এম শিতানত হজ কৰিবলৈ দিয়া। ২০২৪ চনত সৰ্বকালৰ সৰ্বোচ্চ সংখ্যক ৪৫৫৮ গৰাকী মহিলাই এল ডব্লিউ এম শিতানৰ অধীনত হজ কৰিছিল আৰু ২০২৫ চনৰ হজত এল ডব্লিউ এমৰ বাবে অধিক সুলভ কৰি তোলাৰ প্ৰচেষ্টা চলোৱা হ’ব।

হজৰ সন্দৰ্ভত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ইতিমধ্যে কৈছিল যে ভাৰতত মুছলমান জনসংখ্যা বৃহৎ আৰু বৃহৎ সংখ্যক লোক হজ কৰিবলৈ যায়। এনে পৰিস্থিতিত হজ সন্দৰ্ভত আমাৰ ব্যৱস্থা ভাল হোৱা উচিত। ছৌদি আৰবে প্ৰতি বছৰে হজযাত্ৰীৰ বাবে কোটা জাৰি কৰে। দেশৰ মুছলমান জনসংখ্যা অনুসৰি ছৌদি আৰবে কোটা জাৰি কৰে। ছৌদি আৰবে যোৱা কেইবছৰমানৰ পৰা ভাৰতলৈ অহা তীৰ্থযাত্ৰীৰ সংখ্যা ১ লাখ ৭৫ হাজাৰৰ পৰা ২ লাখ পৰ্যন্ত বৃদ্ধি কৰিছে ।





FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক