--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতি বছৰে ভাৰতৰ পৰা বৃহৎ সংখ্যক তীৰ্থযাত্ৰী ছৌদি আৰবলৈ গৈ হজ কৰে।  ৰকাৰে ৰাজ্যসভাত জনোৱা মতে, ছৌদি আৰবে ২০২৫ চনৰ বাবে ১,৭৫,০২৫ ভাৰতীয় তীৰ্থযাত্ৰীৰ হজ কোটা নিৰ্ধাৰণ কৰিছে, যিটো কোটা ভাৰতৰ হজ কমিটি আৰু হজ গ্ৰুপ অৰ্গেনাইজাৰ (এইচ জি অ’)ৰ মাজত বিতৰণ কৰা হৈছে।

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে। তেওঁ কয়, ২০২৫ চনৰ কোটা ভাৰতৰ হজ কমিটি আৰু এইচ জি অ’ৰ মাজত ৭০:৩০ অনুপাতত ভাগ কৰা হ’ব। হজ ২০২৫ৰ বাবে এইচ জি অ’সমূহক আবণ্টিত হজ তীৰ্থযাত্ৰীৰ কোটা ভাৰতৰ মুঠ ১,৭৫,০২৫ জনৰ ৩০ শতাংশ (৫২,৫০৭)। হজ কোটা আবণ্টন আৰু হজ গোটৰ সংগঠকসকলৰ সৈতে জড়িত চৰ্তসমূহ ভাৰত আৰু ছৌদি আৰৱৰ  মাজত হোৱা দ্বিপাক্ষিক চুক্তিৰ দ্বাৰা বিভিন্ন স্থল বাস্তৱতাক লক্ষ্য কৰি পৰিচালিত হয় ।

লগতে কিৰেন ৰিজিজুৱে কয় যে যোৱা পাঁচ বছৰত হজ কমিটি আৰু হজ গ্ৰুপৰ মাজত ৭০:৩০ আৰু ৮০:২০ৰ ভিত্তিত কোটা বিতৰণ কৰা হৈছে। ২০২৪ আৰু ২০২৩ চনতো ছৌদি আৰবে ১,৭৫,০২৫ জন ভাৰতীয় তীৰ্থযাত্ৰীৰ বাবে হজ কোটা নিৰ্ধাৰণ কৰিছিল। আনহাতে ২০১৯ চনত ছৌদি আৰবে ভাৰতীয় তীৰ্থযাত্ৰীৰ কোটা ২ লাখলৈ বৃদ্ধি কৰিছিল।

হজ প্ৰশাসনত কৰা এটা ডাঙৰ সংস্কাৰ হ’ল ৪৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ মুছলমান মহিলাক মেহৰাম (ভাই, পিতৃ, স্বামী) অবিহনে এল ডব্লিউ এম শিতানত হজ কৰিবলৈ দিয়া। ২০২৪ চনত সৰ্বকালৰ সৰ্বোচ্চ সংখ্যক ৪৫৫৮ গৰাকী মহিলাই এল ডব্লিউ এম শিতানৰ অধীনত হজ কৰিছিল আৰু ২০২৫ চনৰ হজত এল ডব্লিউ এমৰ বাবে অধিক সুলভ কৰি তোলাৰ প্ৰচেষ্টা চলোৱা হ’ব।

হজৰ সন্দৰ্ভত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ইতিমধ্যে কৈছিল যে ভাৰতত মুছলমান জনসংখ্যা বৃহৎ আৰু বৃহৎ সংখ্যক লোক হজ কৰিবলৈ যায়। এনে পৰিস্থিতিত হজ সন্দৰ্ভত আমাৰ ব্যৱস্থা ভাল হোৱা উচিত। ছৌদি আৰবে প্ৰতি বছৰে হজযাত্ৰীৰ বাবে কোটা জাৰি কৰে। দেশৰ মুছলমান জনসংখ্যা অনুসৰি ছৌদি আৰবে কোটা জাৰি কৰে। ছৌদি আৰবে যোৱা কেইবছৰমানৰ পৰা ভাৰতলৈ অহা তীৰ্থযাত্ৰীৰ সংখ্যা ১ লাখ ৭৫ হাজাৰৰ পৰা ২ লাখ পৰ্যন্ত বৃদ্ধি কৰিছে ।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ