--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ৰোহিত শৰ্মাই ৬৩টা বলত ৮৬ ৰানৰ অন্যবদ্য ইনিংছ প্ৰদৰ্শন কৰে। বেটিং কৰাৰ সময়ত ৰোহিত শৰ্মাই কোনো সমস্যাৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল। গোটেই ইনিংছটোত তেওঁ ৬টা চাৰি আৰু ৬টা ছিক্সাৰ সংগ্ৰহ কৰে। অৰ্ধশতক অৰ্জন কৰাৰ পাছত হঠাতে ভাৰতীয় অধিনায়কগৰাকীয়ে আম্পায়াৰৰ সৈতে কথা পাতি থকা দেখা গ’ল। বাইচেপছ দেখুৱাবলৈ তেওঁ জাৰ্চিটো তুলি লয়৷ সেই সময়ত কি আলোচনা হৈছিল সেই কথা ৰোহিতে মেচৰ পিছত প্ৰকাশ কৰাতহে উৎকণ্ঠিত অনুৰাগীৰ মন স্থিৰ হয়।

ৰোহিতে পাকিস্তানৰ বলাৰসকলক ইজনৰ পাছত সিজনকৈ ছিক্সাৰ কোবায়। ৰোহিতে শ্বাহীন আফ্ৰিদি, হাৰিছ ৰাউফ সকলোৰে বাবে চাপৰ পৰিবেশ এটা সৃষ্টি কৰে। ৰোহিতৰ এই ধৰণৰ প্ৰহাৰ দেখি আচৰিত হ’ল আম্পায়াৰ মাৰেইছ ইৰাছমাছ।তাৰ পাছতে ৰোহিতৰ অৰ্ধ শতকৰ পিছত মাৰেইছে ৰোহিতক কিবা এটা সোধা দেখা যায়।

তাৰ পৰৱৰ্তী সময়ত  হাৰ্দিক পাণ্ডিয়াৰ সৈতে হোৱা বাৰ্তালাপত ৰোহিতে ক যে, “তেনেকুৱা একো নাছিল। আম্পায়াৰে মোক সুধি আছিল যে মই কেনেকৈ ছিক্সাৰ ইমান জোৰেৰে মাৰিলোঁ। মোৰ হাতত নিশ্চয় কিবা এটা আছে। মই হাঁহি হাঁহি ক’লোঁ, বেটত একো নাই। শৰীৰৰ শক্তিৰ বাবেই ছয় মাৰিব পাৰো।"

তদুপৰি উক্ত কথোপকথনত ৰোহিতে নিজৰ ইনিংছৰ কথাও উল্লেখ কৰে। ৰোহিতে৷ মন্তব্য কৰে যে, "মই নিজৰ ধৰণেৰে শ্বট খেলিব বিচাৰিছিলো। যোৱা দুবছৰ ধৰি এনেদৰে বেটিং কৰিবলৈ চেষ্টা কৰি আহিছো। শ্বট খেলাৰ বাবেও পিট্‌চ ভাল আছিল। গতিকে তাৰ সুবিধা ল’ব বিচাৰিছিলো। শতৰাণৰ সংগ্ৰহ কৰিব নোৱাৰাৰ বাবে মনত অলপ দুখ আছে৷"

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ