--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ৰোহিত শৰ্মাই ৬৩টা বলত ৮৬ ৰানৰ অন্যবদ্য ইনিংছ প্ৰদৰ্শন কৰে। বেটিং কৰাৰ সময়ত ৰোহিত শৰ্মাই কোনো সমস্যাৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল। গোটেই ইনিংছটোত তেওঁ ৬টা চাৰি আৰু ৬টা ছিক্সাৰ সংগ্ৰহ কৰে। অৰ্ধশতক অৰ্জন কৰাৰ পাছত হঠাতে ভাৰতীয় অধিনায়কগৰাকীয়ে আম্পায়াৰৰ সৈতে কথা পাতি থকা দেখা গ’ল। বাইচেপছ দেখুৱাবলৈ তেওঁ জাৰ্চিটো তুলি লয়৷ সেই সময়ত কি আলোচনা হৈছিল সেই কথা ৰোহিতে মেচৰ পিছত প্ৰকাশ কৰাতহে উৎকণ্ঠিত অনুৰাগীৰ মন স্থিৰ হয়।

ৰোহিতে পাকিস্তানৰ বলাৰসকলক ইজনৰ পাছত সিজনকৈ ছিক্সাৰ কোবায়। ৰোহিতে শ্বাহীন আফ্ৰিদি, হাৰিছ ৰাউফ সকলোৰে বাবে চাপৰ পৰিবেশ এটা সৃষ্টি কৰে। ৰোহিতৰ এই ধৰণৰ প্ৰহাৰ দেখি আচৰিত হ’ল আম্পায়াৰ মাৰেইছ ইৰাছমাছ।তাৰ পাছতে ৰোহিতৰ অৰ্ধ শতকৰ পিছত মাৰেইছে ৰোহিতক কিবা এটা সোধা দেখা যায়।

তাৰ পৰৱৰ্তী সময়ত  হাৰ্দিক পাণ্ডিয়াৰ সৈতে হোৱা বাৰ্তালাপত ৰোহিতে ক যে, “তেনেকুৱা একো নাছিল। আম্পায়াৰে মোক সুধি আছিল যে মই কেনেকৈ ছিক্সাৰ ইমান জোৰেৰে মাৰিলোঁ। মোৰ হাতত নিশ্চয় কিবা এটা আছে। মই হাঁহি হাঁহি ক’লোঁ, বেটত একো নাই। শৰীৰৰ শক্তিৰ বাবেই ছয় মাৰিব পাৰো।"

তদুপৰি উক্ত কথোপকথনত ৰোহিতে নিজৰ ইনিংছৰ কথাও উল্লেখ কৰে। ৰোহিতে৷ মন্তব্য কৰে যে, "মই নিজৰ ধৰণেৰে শ্বট খেলিব বিচাৰিছিলো। যোৱা দুবছৰ ধৰি এনেদৰে বেটিং কৰিবলৈ চেষ্টা কৰি আহিছো। শ্বট খেলাৰ বাবেও পিট্‌চ ভাল আছিল। গতিকে তাৰ সুবিধা ল’ব বিচাৰিছিলো। শতৰাণৰ সংগ্ৰহ কৰিব নোৱাৰাৰ বাবে মনত অলপ দুখ আছে৷"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু