--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিটো কেন্সাৰৰ দৰে প্ৰষ্টেট কেন্সাৰো দ্ৰুতগতিত বিয়পে। এয়া প্ৰষ্টেট গ্ৰন্থিৰ কৰ্কট ৰোগ, যিটো কেৱল পুৰুষৰ ক্ষেত্ৰতহে হয়।  এই বৃত্তাকাৰ গ্ৰন্থিটো মূত্ৰাশয়ৰ ঠিক তলত থাকে, যাৰ কোষবোৰ একেলগে থুপ খাই কেন্সাৰৰ কাৰণ হৈ পৰে। সাধাৰণতে ই বয়সস্থ পুৰুষক চিকাৰ কৰিছিল যদিও বৰ্তমান  বহু যুৱকৰ ক্ষেত্ৰতো দেখা গৈছে। শেহতীয়াকৈ ‘দ্য লেন্সেট জাৰ্নেল’ইও প্ৰষ্টেট কেন্সাৰৰ বৰ্ধিত আশংকা সম্পৰ্কে এক প্ৰতিবেদন প্ৰকাশ কৰিছে।  এই প্ৰতিবেদনত ভয়ংকৰ তথ্য প্ৰকাশ পাইছে।


মেডিকেল জাৰ্নেল দ্য লেন্সেট কমিচনে প্ৰষ্টেট কেন্সাৰৰ বৰ্ধিত আশংকা সম্পৰ্কে এক প্ৰতিবেদন প্ৰকাশ কৰিছে, য’ত কোৱা হৈছে যে ২০৪০ চনৰ ভিতৰত এই কেন্সাৰৰ বাৰ্ষিক ৰোগীৰ সংখ্যা ২৯ লাখ হ’ব পাৰে। আপোনালোকক কওঁ, বৰ্তমান সমগ্ৰ বিশ্বত প্ৰতি বছৰে মাত্ৰ ১৪ লাখ ৰোগীৰ সংক্ৰমণ ঘটে, যিটো আগন্তুক ২০ বছৰত দুগুণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও সমগ্ৰ বিশ্বতে এই ভয়াৱহ ৰোগৰ বাবে ৭ লাখ লোকৰ মৃত্যুৰ সম্ভাৱনাও প্ৰকাশ পাইছে, যিটো ২০২০ চনত আছিল ৩ লাখ ৭৫ হাজাৰ।  মৃত্যুৰ সংখ্যা ৮৫ শতাংশ বৃদ্ধি পাব পাৰে।

‘দ্য ৰয়েল মাৰ্ছডেন এন এইচ এছ ফাউণ্ডেশ্যন ট্ৰাষ্ট’ৰ অধ্যাপক নিক জেমছে কয় যে ভৱিষ্যতে প্ৰষ্টেট কেন্সাৰ আৰু আগতীয়াকৈ ধৰা পেলোৱাৰ উন্নতিৰ সৈতে জড়িত শিক্ষামূলক কাৰ্যসূচীয়ে বহুতৰে জীৱন ৰক্ষা কৰাত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে। যদি সময়ত প্ৰষ্টেট কেন্সাৰ চিনাক্ত হয় আৰু ৰেডিঅ’থেৰাপি আৰু অস্ত্ৰোপচাৰৰ আশ্ৰয় লোৱা হয়, তেন্তে এই ৰোগো আৰোগ্য হ’ব পাৰে।

লেন্সেট কমিছনে ১৮৫খন দেশৰ পৰা প্ৰষ্টেট কেন্সাৰ সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰি এই ৰোগৰ ক্ষেত্ৰত আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ ক্ষেত্ৰত সময়ৰ লগে লগে কেনে পৰিৱৰ্তন হৈছে পৰ্যবেক্ষণ কৰে। আপোনালোকক কওঁ যে ১৯৭৫ চনৰ ৩১খন দেশৰ তথ্যৰ ভিত্তিত অনুমান কৰা হৈছে যে ২০২০ চনত প্ৰষ্টেট কেন্সাৰৰ সংখ্যা ১৪ লাখলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২০৪০ চনৰ ভিতৰত ২৯ লাখলৈ বৃদ্ধি পাব পাৰে।

মেডিকেল জাৰ্নেল দ্য লেন্সেট কমিচনৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে প্ৰষ্টেট কেন্সাৰৰ প্ৰাদুৰ্ভাৱ সৰ্বাধিক উত্তৰ আমেৰিকা, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু কেৰিবিয়ানৰ লগতে পশ্চিম আৰু উত্তৰ ইউৰোপকে ধৰি। ইয়াৰ বাহিৰেও দক্ষিণ আফ্ৰিকা, মধ্য আফ্ৰিকা, পলিনেছিয়া, কেৰিবিয়ান আৰু মেলানেছিয়াত এই ৰোগত মৃত্যুৰ হাৰ সৰ্বাধিক। এই প্ৰতিবেদনত আৰু ভৱিষ্যদ্বাণী কৰা হৈছে যে অনাগত ১৬ বছৰত দক্ষিণ আমেৰিকা, পূব ইউৰোপ আৰু পূব এছিয়াত প্ৰষ্টেট কেন্সাৰৰ ৰোগী আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব পাৰে।

প্ৰষ্টেট কেন্সাৰৰ সময়মতে চিকিৎসা নকৰিলে এজন ব্যক্তিৰ মৃত্যুও হ’ব পাৰে। এই কেন্সাৰৰ লক্ষণসমূহ হ’ল- পুৰুষে খোজ কঢ়া, বহি থকা আৰু প্ৰস্ৰাৱ কৰাত অসুবিধা পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
Advertisement