--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাহজোৰা প্ৰচাৰ অভিযানৰ অন্তত আজি পুৱাৰে পৰা আৰম্ভ হৈছে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ৷  বুধবাৰে পুৱা ৭ বজাৰ পৰা ২২৪ খন আসনৰ বাবে কৰ্ণাটকত  ভোটদান আৰম্ভ হৈছে। ৰাজ্যখনত এইবেলি ৫.৩১ কোটি ভোটাৰে নিৰ্ণয় কৰিব ২৬১৫গৰাকী  প্ৰাৰ্থীৰ ভাগ্য৷মূল প্ৰতিদ্বন্দ্বিতা বিজেপি, কংগ্ৰেছ আৰু জেডিএছৰ মাজতে হ’ব বুলি ধাৰণা কৰা হৈছে।

 কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল ১৩ মে'ত প্ৰকাশ পাব৷দক্ষিণ ভাৰতৰ একমাত্ৰ বিজেপি শাসিত ৰাজ্যখনৰ ২২৪ টা বিধানসভা সমষ্টিতে আজি এতিয়ালৈকে শান্তিপূৰ্ণভাবে  ভোটগ্ৰহণ অনুষ্ঠিত হৈ আছে বুলি জানিব পৰা গৈছে।  এইবাৰ কৰ্ণাটকত মুঠ ভোটাৰ ৫.৩০ কোটিৰ ভিতৰত ১১.৭১  লাখ ভোটাৰে  প্ৰথমবাৰৰ বাবে ভোট দিব। মুঠ ভোটাৰৰ ভিতৰত, প্ৰায় ২.৬৬ কোটি পুৰুষ আৰু ২.৬২ কোটি মহিলা ভোটাৰ৷ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিজেপি নেতা বি এছ য়েডুৰাপ্পাই আজি পুৱাই ভোটদান কৰে। 

 য়েডুৰাপ্পাই কয় "সকলো ভোটাৰেই  ভোট দিয়ক, মই ১০০ শতাংশ নিশ্চিত যে মানুহে বিজেপিক ভোট দিব। ৰাজ্যখনৰ ৭৫ ৰ পৰা ৮০ শতাংশ লোকে বিজেপিক সমৰ্থন কৰিব। আমি ১৩০ ৰ পৰা ১৩৫ খন আসন পাবলৈ গৈ আছো। ''

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কৰ্ণাটকৰ জনসাধাৰণক পৰিৱৰ্তনৰ বাবে ভোট দিবলৈ আহ্বান জনাইছে।কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণেও আজি  ভোট দান কৰে। ভোটদানৰ পিছত সীতাৰমণে কয় "মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত, মই কও যে বিষয়টোত মই জনসাধাৰণৰ সৈতে আছো । এইটো সঁচা যে বোজা কেতিয়াও মানুহৰ ওপৰত আৰোপ কৰা উচিত নহয়। কিন্তু বিৰোধীয়ে এই  বিষয়ে একো ক’ব নোৱাৰে। তেওঁলোকৰ সময়ত মুদ্ৰাস্ফীতি কেনেকুৱা আছিল?" 

অভিনেতা প্ৰকাশ ৰাজে ভোট দানকৰাৰ পিছত সাংবাদিকক কয় "আমি সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে ভোট দিব লাগিব । আমি এখন সুন্দৰ কৰ্ণাটক বিচাৰো। ''

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই টুইটাৰত লিখিছে, "কৰ্ণাটকৰ ৰাইজে সিদ্ধান্ত লৈছে যে তেওঁলোকে এখন প্ৰগতিশীল, স্বচ্ছ আৰু কল্যাণমুখী চৰকাৰ বাছনি কৰিব। আজি বৃহৎ সংখ্যাত ভোট দিয়াৰ সময়। এক উন্নত ভৱিষ্যতৰ বাবে এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আমি প্ৰথমবাৰৰ বাবে ভোট দিয়া ভোটাৰসকলক স্বাগতম জনাইছো। "

 প্ৰধানমন্ত্ৰী মোদীয়ে  টুইটত উল্লেখ কৰে "নিৰ্বাচনৰ দিনা মই কৰ্ণাটকৰ ভগ্নী আৰু ভাতৃসকলক ৰাজ্যখনৰ সুশাসন, উন্নয়ন আৰু সমৃদ্ধিৰ বাবে বৃহৎ সংখ্যাত ভোট দিবলৈ আহ্বান জনাইছো। আপোনাৰ কেৱল এটা ভোটেই জনসাধাৰণৰ চৰকাৰ আৰু প্ৰগতি নিশ্চিত কৰিব পাৰে। ই ৰাজ্যখনক নতুন উচ্চতালৈ লৈ যাব। "কৰ্ণাটকৰ জনসাধাৰণক, বিশেষকৈ বৃহৎ সংখ্যক যুৱ আৰু প্ৰথমবাৰৰ বাবে ভোট দিয়া ভোটাৰক ভোটদানৰ জৰিয়তে গণতন্ত্ৰৰ উৎসৱ উদযাপন  কৰিবলৈও মোদীয়ে  আহ্বান জনায়৷ উল্লেখ্য ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১০৪  খন আসন লাভ কৰিছিল। কংগ্ৰেছে ৮০ খন আসন আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ জেডি(এছ)য়ে ৩৭ খন আসন লাভ কৰিছিল। দেৱগৌড়াৰ পুত্ৰ কুমাৰস্বামীয়ে কংগ্ৰেছৰ সৈতে নিৰ্বাচনোত্তৰ বুজাবুজিত প্ৰৱেশ কৰাৰ পিছত মুখ্যমন্ত্ৰী হৈছিল। কিন্তু জুলাই ২০১৯ ত বিজেপিয়ে দুয়োটা দলৰ এক ডজনৰো অধিক বিধায়কক নিজৰ পক্ষলৈ আনি মিত্ৰজোঁটৰ চৰকাৰ  ভাঙি ক্ষমতা দখল কৰিছিল।

এইবেলিৰ নিৰ্বাচনত উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত আছে মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক চি টি ৰবি, ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ আৰু তিনিজন প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া (কংগ্ৰেছ), জগদীশ শ্বেট্টাৰ (কংগ্ৰেছ) আৰু এইচ ডি কুমাৰস্বামী (জেডি-এছ)।
যোৱা আঢ়ৈ দশকত হোৱাৰ দৰেই এইবেলিও কৰ্ণাটকত  তিনিকোণীয়া যুঁজ হ’ব বুলি ধাৰণা কৰা হৈছে৷  শাসনাধিষ্ঠিত বিজেপি, মুখ্য বিৰোধী দল কংগ্ৰেছ আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নেতৃত্বত জেডি(এছ)ৰ মাজতে যুঁজ হ’ব বুলি ধাৰণা কৰা হৈছে। যদি কোনো দলেই নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা নাপায় তেন্তে জেডি(এছ)ৰ ভূমিকা নিৰ্ণায়ক হ'ব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত