--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত ২৪ টা বছৰ ধৰি বোমাটো  মাটিতেই পৰি আছিল। কিন্তু হঠাতে বিস্ফোৰিত হ’ল কাৰ্গিল যুদ্ধত ব্যৱহৃত বোমা। ঘটনাটো সংঘটিত হৈছে লাডাখত । কাৰ্গিল যুদ্ধত ব্যৱহৃত বোমাটোৰ বিস্ফোৰণৰ ফলত  এজন কিশোৰৰ মৃত্যু হৈছে। আন দুজন কিশোৰ গুৰুতৰভাৱে আহত হৈছে আৰু তেওঁলোকৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে। 

প্ৰাপ্ত তথ্য অনুসৰি কিশোৰ কেইজনে কুৰবাথাঙৰ এষ্ট্ৰোছ ফুটবল খেলপথাৰলৈ  খেলিবলৈ গৈছিল। কিন্তু হঠাতে  মাটিৰ তলত পোত গৈ থকা  বোমাটোৰ বিস্ফোৰণ ঘটে। লগে লগে  এজন কিশোৰৰ মৃত্যু হয়।  আহত কিশোৰ দুজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰে মৃত আৰু আহতসকলৰ পৰিয়ালৰ বাবে আৰ্থিক সাহায্য ঘোষণা কৰিছে।

উল্লেখ্য পাকিস্তানৰ বিৰুদ্ধে কাৰ্গিল যুদ্ধ ১৯৯৯ চনৰ ৩ মেৰ পৰা ২৬ জুলাইলৈ চলিছিল। লাডাখ আৰক্ষীয়ে দাবী কৰিছে যে বোমাটো সেই যুদ্ধত ব্যৱহাৰ কৰা হৈছিল , কিন্তু সেই সময়ত কিবা কাৰণত  বিস্ফোৰণ হোৱা নাছিল। বোমাটো বহু বছৰ ধৰি সেই স্থানত পৰি আছিল।  পাচকুমৰ কাউন্সিলাৰ কাচো মহম্মদ ফিৰোজে কয়  যে তিনিজন কিশোৰে খেলপথাৰত খেলি আছিল। তেতিয়াই এজন কিশোৰৰ ভৰিত বোমাটো লাগিছিল  আৰু মুহূৰ্ততে বিস্ফোৰণ ঘটিছিল। বিস্ফোৰণত নিহত কিশোৰ জনৰ নাম বাকি ।  আলী নকী আৰু মুন্তাজিৰ মেহদী এই বিস্ফোৰণত আঘাতপ্ৰাপ্ত হয়।

লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ বিডি মিশ্ৰাই ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰি এটা বিবৃতি জাৰি কৰিছে। তেওঁ আশ্বাস দিছে যে কাৰ্গিল যুদ্ধত  সংঘটিত হোৱা ঠাইসমূহত বোমাৰ সন্ধানত  নতুন কৈ অভিযান চলোৱা হ'ব। যদি কোনো অবিস্ফোৰিত বোমা থাকে তেন্তে সেয়া  চিনাক্ত কৰা হ'ব আৰু নিষ্ক্ৰিয় কৰা হ'ব। প্ৰশাসনৰ আশ্বাস স্বত্বেও স্থানীয় লোকসকল এতিয়াও আতংকিত হৈয়েই আছে। ইফালে লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰে কাৰ্গিল যুদ্ধত ব্যৱহৃত অবিস্ফোৰিত বোমা বিস্ফোৰণত নিহত আৰু আহত সকলৰ বাবে আৰ্থিক সাহায্য ঘোষণা কৰিছে। মৃতকৰ পৰিয়ালক ৪ লাখ টকা আৰু আহতসকলৰ পৰিয়ালক ১ লাখ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব বুলি প্ৰশাসনে ঘোষণা কৰিছে। 














FOLLOW US F
POPULAR
FEATURE
TRENDY
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ