--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত ২৪ টা বছৰ ধৰি বোমাটো  মাটিতেই পৰি আছিল। কিন্তু হঠাতে বিস্ফোৰিত হ’ল কাৰ্গিল যুদ্ধত ব্যৱহৃত বোমা। ঘটনাটো সংঘটিত হৈছে লাডাখত । কাৰ্গিল যুদ্ধত ব্যৱহৃত বোমাটোৰ বিস্ফোৰণৰ ফলত  এজন কিশোৰৰ মৃত্যু হৈছে। আন দুজন কিশোৰ গুৰুতৰভাৱে আহত হৈছে আৰু তেওঁলোকৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে। 

প্ৰাপ্ত তথ্য অনুসৰি কিশোৰ কেইজনে কুৰবাথাঙৰ এষ্ট্ৰোছ ফুটবল খেলপথাৰলৈ  খেলিবলৈ গৈছিল। কিন্তু হঠাতে  মাটিৰ তলত পোত গৈ থকা  বোমাটোৰ বিস্ফোৰণ ঘটে। লগে লগে  এজন কিশোৰৰ মৃত্যু হয়।  আহত কিশোৰ দুজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰে মৃত আৰু আহতসকলৰ পৰিয়ালৰ বাবে আৰ্থিক সাহায্য ঘোষণা কৰিছে।

উল্লেখ্য পাকিস্তানৰ বিৰুদ্ধে কাৰ্গিল যুদ্ধ ১৯৯৯ চনৰ ৩ মেৰ পৰা ২৬ জুলাইলৈ চলিছিল। লাডাখ আৰক্ষীয়ে দাবী কৰিছে যে বোমাটো সেই যুদ্ধত ব্যৱহাৰ কৰা হৈছিল , কিন্তু সেই সময়ত কিবা কাৰণত  বিস্ফোৰণ হোৱা নাছিল। বোমাটো বহু বছৰ ধৰি সেই স্থানত পৰি আছিল।  পাচকুমৰ কাউন্সিলাৰ কাচো মহম্মদ ফিৰোজে কয়  যে তিনিজন কিশোৰে খেলপথাৰত খেলি আছিল। তেতিয়াই এজন কিশোৰৰ ভৰিত বোমাটো লাগিছিল  আৰু মুহূৰ্ততে বিস্ফোৰণ ঘটিছিল। বিস্ফোৰণত নিহত কিশোৰ জনৰ নাম বাকি ।  আলী নকী আৰু মুন্তাজিৰ মেহদী এই বিস্ফোৰণত আঘাতপ্ৰাপ্ত হয়।

লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ বিডি মিশ্ৰাই ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰি এটা বিবৃতি জাৰি কৰিছে। তেওঁ আশ্বাস দিছে যে কাৰ্গিল যুদ্ধত  সংঘটিত হোৱা ঠাইসমূহত বোমাৰ সন্ধানত  নতুন কৈ অভিযান চলোৱা হ'ব। যদি কোনো অবিস্ফোৰিত বোমা থাকে তেন্তে সেয়া  চিনাক্ত কৰা হ'ব আৰু নিষ্ক্ৰিয় কৰা হ'ব। প্ৰশাসনৰ আশ্বাস স্বত্বেও স্থানীয় লোকসকল এতিয়াও আতংকিত হৈয়েই আছে। ইফালে লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰে কাৰ্গিল যুদ্ধত ব্যৱহৃত অবিস্ফোৰিত বোমা বিস্ফোৰণত নিহত আৰু আহত সকলৰ বাবে আৰ্থিক সাহায্য ঘোষণা কৰিছে। মৃতকৰ পৰিয়ালক ৪ লাখ টকা আৰু আহতসকলৰ পৰিয়ালক ১ লাখ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব বুলি প্ৰশাসনে ঘোষণা কৰিছে। 














FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল