--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টীম ইণ্ডিয়াৰ টি-২০ দলৰ পৰা বিৰাট কোহলীক বাদ দিব লাগে। কপিল দেৱে নিজেই প্ৰথমে এই বিস্ফোৰক মন্তব্য কৰিছিল। ৮৩-ৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে কয় যে, ‘ যদি ৰবিচন্দ্ৰন অশ্বিনক টেষ্ট দলৰ পৰা বাদ দিয়া হয়, তেন্তে শেহতীয়া ফৰ্মৰ প্ৰতি লক্ষ্য ৰাখি টি-২০ দলৰ পৰা কিং কোহলীক কিয় বাদ দিয়া উচিত নহয়?’ আনকি কপিলে লগতে কৈছিল যে, ‘কোহলীৰ ঠাইত সুযোগ লাভ কৰক যুৱ ক্ৰিকেটাৰ সকলে। পিছে, কপিলৰ প্ৰাক্তন সতীৰ্থ তথা ৮৩-ৰ বিশ্বকাপ বিজয়ী কিংবদন্তি সুনীল গাভাস্কাৰে কৰিছে বিপৰীত মন্তব্য। কোহলীৰ পক্ষত থিয় হৈ ৰোহিত শৰ্মাৰ প্ৰসংগ উত্থাপন কৰে গাভাস্কাৰে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ আগত এক সাক্ষাৎকাৰত গাভাস্কৰে কয়, ‘মই বুজি নাপাওঁ যে ৰোহিত শৰ্মাই ৰান নকৰিলে কোনেও একো নকয়। বা আন বেটছমেন সকলেও ৰান কৰিব নোৱাৰিলেও কোনেও একো নকয়। ফৰ্ম টেম্পৰেৰী, ক্লাছ পাৰমানেণ্ট। সকলোৱে কেৱল এজন খেলুৱৈক লৈয়ে কথা কয়। সম্প্ৰতি ভাৰতে যিদৰে খেলি আছে তাতে খেলুৱৈসকল বিফল হ’ব পাৰে। সেইটো ইমান ডাঙৰ ইছ্যু নহয়। এতিয়াও টি-২০ বিশ্বকাপলৈ মাজত দুমাহ সময় আছে। আছে এছিয়া কাপৰ টুৰ্ণামেণ্ট।’

টেষ্ট, এদিনীয়া আৰু টি-২০। ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ৰানৰ বাবে সংগ্ৰাম কৰি আছে বিৰাট কোহলীয়ে। প্ৰায় তিনি বছৰে অফ ফৰ্মত ৰান মেছিন। ২০১৯ চনৰ নৱেম্বৰ মাহত বাংলাদেশৰ বিৰুদ্ধে দিবা নৈশ টেষ্টত শতক অৰ্জন কৰিছিল। তেতিয়াৰ পৰা বেটত  নাই ৰান! ইংলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত টি-২০ শৃংখলাতো ব্যৰ্থ বিৰাট কোহলী। বেক টু বেক মেচত ১ আৰু ১১ ৰানত আউট হৈছিল  বিৰাট। হঠাত, ভাৰতীয় দলৰ পৰা বিৰাটক অপসাৰণ কৰাৰ কথাই গতি লাভ কৰিছে। এনে অৱস্থাত ২৪ ঘণ্টীয়া অনলাইন জনমত সমীক্ষাও চলোৱা হৈছিল। কোহলীক টি-২০ দলৰ পৰা বাদ দিব লাগে নেকি বুলি সোধাত? এই প্ৰতিবেদন  ৪৮ হাজাৰ লোকে নিজৰ মতামত ব্যক্ত কৰিছে। ৭৬ শতাংশই কোহলীক টি-২০ দলৰ পৰা বাদ দিব লাগে বুলি মতপোষণ কৰিছে। ২৪ঘণ্টীয়া এই সমীক্ষাতো বাদ পৰে কোহলী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ