--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টীম ইণ্ডিয়াৰ টি-২০ দলৰ পৰা বিৰাট কোহলীক বাদ দিব লাগে। কপিল দেৱে নিজেই প্ৰথমে এই বিস্ফোৰক মন্তব্য কৰিছিল। ৮৩-ৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে কয় যে, ‘ যদি ৰবিচন্দ্ৰন অশ্বিনক টেষ্ট দলৰ পৰা বাদ দিয়া হয়, তেন্তে শেহতীয়া ফৰ্মৰ প্ৰতি লক্ষ্য ৰাখি টি-২০ দলৰ পৰা কিং কোহলীক কিয় বাদ দিয়া উচিত নহয়?’ আনকি কপিলে লগতে কৈছিল যে, ‘কোহলীৰ ঠাইত সুযোগ লাভ কৰক যুৱ ক্ৰিকেটাৰ সকলে। পিছে, কপিলৰ প্ৰাক্তন সতীৰ্থ তথা ৮৩-ৰ বিশ্বকাপ বিজয়ী কিংবদন্তি সুনীল গাভাস্কাৰে কৰিছে বিপৰীত মন্তব্য। কোহলীৰ পক্ষত থিয় হৈ ৰোহিত শৰ্মাৰ প্ৰসংগ উত্থাপন কৰে গাভাস্কাৰে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ আগত এক সাক্ষাৎকাৰত গাভাস্কৰে কয়, ‘মই বুজি নাপাওঁ যে ৰোহিত শৰ্মাই ৰান নকৰিলে কোনেও একো নকয়। বা আন বেটছমেন সকলেও ৰান কৰিব নোৱাৰিলেও কোনেও একো নকয়। ফৰ্ম টেম্পৰেৰী, ক্লাছ পাৰমানেণ্ট। সকলোৱে কেৱল এজন খেলুৱৈক লৈয়ে কথা কয়। সম্প্ৰতি ভাৰতে যিদৰে খেলি আছে তাতে খেলুৱৈসকল বিফল হ’ব পাৰে। সেইটো ইমান ডাঙৰ ইছ্যু নহয়। এতিয়াও টি-২০ বিশ্বকাপলৈ মাজত দুমাহ সময় আছে। আছে এছিয়া কাপৰ টুৰ্ণামেণ্ট।’

টেষ্ট, এদিনীয়া আৰু টি-২০। ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ৰানৰ বাবে সংগ্ৰাম কৰি আছে বিৰাট কোহলীয়ে। প্ৰায় তিনি বছৰে অফ ফৰ্মত ৰান মেছিন। ২০১৯ চনৰ নৱেম্বৰ মাহত বাংলাদেশৰ বিৰুদ্ধে দিবা নৈশ টেষ্টত শতক অৰ্জন কৰিছিল। তেতিয়াৰ পৰা বেটত  নাই ৰান! ইংলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত টি-২০ শৃংখলাতো ব্যৰ্থ বিৰাট কোহলী। বেক টু বেক মেচত ১ আৰু ১১ ৰানত আউট হৈছিল  বিৰাট। হঠাত, ভাৰতীয় দলৰ পৰা বিৰাটক অপসাৰণ কৰাৰ কথাই গতি লাভ কৰিছে। এনে অৱস্থাত ২৪ ঘণ্টীয়া অনলাইন জনমত সমীক্ষাও চলোৱা হৈছিল। কোহলীক টি-২০ দলৰ পৰা বাদ দিব লাগে নেকি বুলি সোধাত? এই প্ৰতিবেদন  ৪৮ হাজাৰ লোকে নিজৰ মতামত ব্যক্ত কৰিছে। ৭৬ শতাংশই কোহলীক টি-২০ দলৰ পৰা বাদ দিব লাগে বুলি মতপোষণ কৰিছে। ২৪ঘণ্টীয়া এই সমীক্ষাতো বাদ পৰে কোহলী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু