--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত টি-২০ ছিৰিজতো ব্যৰ্থ বিৰাট কোহলী। বেক টু বেক মেচত ১ আৰু ১১ ৰানত আউট হৈছিল ৰান মেছিন কোহলীয়ে। বিৰাটৰ এই ক্ৰমাগত ব্যৰ্থতাৰ পাছত উদ্বিগ্ন হৈ পৰিছে ক্ৰীড়ানুৰাগী, সমান্তৰালকৈ ভাৰতীয় দলৰ পৰা বিৰাটক অপসাৰণ কৰাৰ কথাইয়ো গতি লাভ কৰিছে। কপিল দেৱ আৰু অজয় জাদেজাৰ দৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰেও কোহলীৰ প্লেচমেণ্টক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এইবাৰ কোহলী প্ৰসংগত মুখ খুলিছে ভাৰতৰ প্ৰাক্তন বেগী বলাৰ ভেংকটেশ প্ৰসাদে। প্ৰসাদৰ স্পষ্ট কথা, ‘বিগত সময়ছোৱাত সৌৰভ গাংগুলীৰ পৰা আৰম্ভ কৰি বীৰেন্দ্ৰ ছেহৱাগ, জাহীৰ খান, হৰভজন সিং আদি সকলো ক্ৰিকেটাৰে অফ-ফৰ্মৰ বাবে দলৰ পৰা বাদ পৰিছিল। গতিকে কোহলী কিহত ব্যতিক্ৰম!’
 
প্ৰসাদে টুইটাৰত লিখিছে, ‘এটা সময় আছিল যেতিয়া ফৰ্ম নহ'লে কেৱল সুনামৰ ভিত্তিতে দলত কোনো খেলুৱৈক স্থান দিয়া হোৱা নাছিল। সৌৰভ, ছেহৱাগ, যুৱৰাজ, জাহীৰ, ভাজ্জী, সকলোকে অফ ফৰ্মৰ বাবে দলৰ পৰা বাদ দিয়া হৈছিল। এতিয়া যেন ষ্টেণ্ডাৰ্ডবোৰ বহু পৰিমাণে সলনি হৈছে। এতিয়া খেলুৱৈ সকল ফৰ্মত নাথাকিলে জিৰণি দিয়া হৈছে। দেশত প্ৰতিভাৰ অভাৱ নাই। সুনামৰ ভিত্তিত কোনেও খেলিব নোৱাৰে। দেশৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ মেচ উইনাৰ অনিল কুম্বলেও বহুবাৰ বহিব লগীয়া হৈছিল। দলৰ বৃহত্তৰ স্বাৰ্থৰ কথা মনত ৰাখি অতি শীঘ্ৰেই সঠিক পদক্ষেপ লোৱা উচিত।’

মন কৰিবলগীয়া যে, টেষ্ট, এদিনীয়া, টি-২০। ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ৰানৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে ৰান মেছিনে। কি হ’ব কোহলীৰ ভৱিষ্যত? তাকে লৈ উদ্বিগ্ন সমগ্ৰ ক্ৰীড়াবিশ্ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন