--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত টি-২০ ছিৰিজতো ব্যৰ্থ বিৰাট কোহলী। বেক টু বেক মেচত ১ আৰু ১১ ৰানত আউট হৈছিল ৰান মেছিন কোহলীয়ে। বিৰাটৰ এই ক্ৰমাগত ব্যৰ্থতাৰ পাছত উদ্বিগ্ন হৈ পৰিছে ক্ৰীড়ানুৰাগী, সমান্তৰালকৈ ভাৰতীয় দলৰ পৰা বিৰাটক অপসাৰণ কৰাৰ কথাইয়ো গতি লাভ কৰিছে। কপিল দেৱ আৰু অজয় জাদেজাৰ দৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰেও কোহলীৰ প্লেচমেণ্টক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এইবাৰ কোহলী প্ৰসংগত মুখ খুলিছে ভাৰতৰ প্ৰাক্তন বেগী বলাৰ ভেংকটেশ প্ৰসাদে। প্ৰসাদৰ স্পষ্ট কথা, ‘বিগত সময়ছোৱাত সৌৰভ গাংগুলীৰ পৰা আৰম্ভ কৰি বীৰেন্দ্ৰ ছেহৱাগ, জাহীৰ খান, হৰভজন সিং আদি সকলো ক্ৰিকেটাৰে অফ-ফৰ্মৰ বাবে দলৰ পৰা বাদ পৰিছিল। গতিকে কোহলী কিহত ব্যতিক্ৰম!’
 
প্ৰসাদে টুইটাৰত লিখিছে, ‘এটা সময় আছিল যেতিয়া ফৰ্ম নহ'লে কেৱল সুনামৰ ভিত্তিতে দলত কোনো খেলুৱৈক স্থান দিয়া হোৱা নাছিল। সৌৰভ, ছেহৱাগ, যুৱৰাজ, জাহীৰ, ভাজ্জী, সকলোকে অফ ফৰ্মৰ বাবে দলৰ পৰা বাদ দিয়া হৈছিল। এতিয়া যেন ষ্টেণ্ডাৰ্ডবোৰ বহু পৰিমাণে সলনি হৈছে। এতিয়া খেলুৱৈ সকল ফৰ্মত নাথাকিলে জিৰণি দিয়া হৈছে। দেশত প্ৰতিভাৰ অভাৱ নাই। সুনামৰ ভিত্তিত কোনেও খেলিব নোৱাৰে। দেশৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ মেচ উইনাৰ অনিল কুম্বলেও বহুবাৰ বহিব লগীয়া হৈছিল। দলৰ বৃহত্তৰ স্বাৰ্থৰ কথা মনত ৰাখি অতি শীঘ্ৰেই সঠিক পদক্ষেপ লোৱা উচিত।’

মন কৰিবলগীয়া যে, টেষ্ট, এদিনীয়া, টি-২০। ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ৰানৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে ৰান মেছিনে। কি হ’ব কোহলীৰ ভৱিষ্যত? তাকে লৈ উদ্বিগ্ন সমগ্ৰ ক্ৰীড়াবিশ্ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ