--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত-ইংলেণ্ড এইবাৰ মুখামুখী হ’ব ৩খন এদিনীয়া ছিৰিজত। আজি লণ্ডনৰ কেনিংটন অ’ভেলত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত দুয়োটা দলে মুখামুখী হ’ব। পিছে প্ৰথম এদিনীয়াৰ প্ৰাকমুহূৰ্তত ভাৰতীয় শিবিৰলৈ আহিছে এক দুঃসংবাদ! আঘাতৰ বাবে বিৰাট কোহলীয়ে এই মেচখনত খেলিব নোৱাৰাৰ সম্ভাৱনাই প্ৰকট হৈ পৰিছে!  ট্ৰেণ্ট ব্ৰীজত অনুষ্ঠিত ভাৰত-ইংলেণ্ড শৃংখলাৰ তৃতীয় আৰু অন্তিমখন টি-২০ মেচত কোহলীয়ে আঘাত পাইছিল বুলি অনুমান কৰা হৈছে।

সোমবাৰে কেনিংটন অ’ভেলত ভাৰতে চলাইছিল প্ৰস্তুতি। সূত্ৰই সদৰী কৰা মতে, কোহলী সেই অনুশীলনলৈ অহা নাছিল। অৱশ্যে শিখৰ ধৱন, ছাৰ্দুল ঠাকুৰ আৰু প্ৰসিদ্ধ কৃষ্ণাক দেখিবলৈ পোৱা গৈছিল অনুশীলনৰত অৱস্থাত। আনহাতে, নটিংহামৰ পৰা কেনিংটনলৈ যোৱা বাছখনতো কোহলী নাছিল বুলি খবৰ ওলাইছে। কাৰণ হিচাপে-মেডিকেল চেক-আপৰ বাবে কোহলীয়ে নহা বুলিয়ে সদৰী কৰিছে বিশেষ সূত্ৰই।

এক সূত্ৰৰ উদ্ধৃতিৰে পিটিআইয়ে জনোৱা মতে, ‘বিৰাটে শেষৰখন মেচ খেলি থাকোঁতে গ্ৰ’ইনত আঘাত পাইছিল। অৱশ্যে, ফিল্ডিং নে বেটিং কৰাৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল সেয়া নিশ্চিতভাৱে ক’ব নোৱাৰি।’ 

ইফালে, কোহলীৰ অফ ফৰ্ম এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে সদ্য সমাপ্ত  টি-২০ শৃংখলাতো ব্যৰ্থ হয় বিৰাট কোহলী। বেক টু বেক মেচত ১ আৰু ১১ ৰানত আউট হৈছিল ৰান মেছিনে। ইয়াৰ সমান্তৰালকৈ, ভাৰতীয় দলৰ পৰা বিৰাটক অপসাৰণ কৰাৰ কথাই গতি লাভ কৰিছে। কি হ’!ব কোলীৰ ভৱিষ্যত্‍? তাকে লৈ এতিয়া উদ্বিগ্ন ক্ৰীড়াবিশ্ব। কপিল দেৱৰ দৰে কিংবদন্তী ক্ৰিকেটাৰে কোহলীক দলৰ পৰা অপসাৰণ কৰাৰ কথা কোৱাৰ পাছতে অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ। কোহলীৰ বেটত এতিয়া ৰানৰ বণ্যা অতীত হ’লও কেৱল আগ্ৰাসী এটিটিউডৰ বাবেই দলৰ পৰা বিতাৰিত কৰিব পৰা নাই নেকি কোহলীক? এনে বহু অনাকাংক্ষিত প্ৰশ্নই স্পৰ্শ কৰি গৈছে ক্ৰীড়াবিশ্বক। তাৰ মাজতে কোহলীয়ে নিজকে কিদৰে টঙাই ৰাখে সেয়াহে হ’ব লক্ষ্যণীয়!




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ