--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত-ইংলেণ্ড এইবাৰ মুখামুখী হ’ব ৩খন এদিনীয়া ছিৰিজত। আজি লণ্ডনৰ কেনিংটন অ’ভেলত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত দুয়োটা দলে মুখামুখী হ’ব। পিছে প্ৰথম এদিনীয়াৰ প্ৰাকমুহূৰ্তত ভাৰতীয় শিবিৰলৈ আহিছে এক দুঃসংবাদ! আঘাতৰ বাবে বিৰাট কোহলীয়ে এই মেচখনত খেলিব নোৱাৰাৰ সম্ভাৱনাই প্ৰকট হৈ পৰিছে!  ট্ৰেণ্ট ব্ৰীজত অনুষ্ঠিত ভাৰত-ইংলেণ্ড শৃংখলাৰ তৃতীয় আৰু অন্তিমখন টি-২০ মেচত কোহলীয়ে আঘাত পাইছিল বুলি অনুমান কৰা হৈছে।

সোমবাৰে কেনিংটন অ’ভেলত ভাৰতে চলাইছিল প্ৰস্তুতি। সূত্ৰই সদৰী কৰা মতে, কোহলী সেই অনুশীলনলৈ অহা নাছিল। অৱশ্যে শিখৰ ধৱন, ছাৰ্দুল ঠাকুৰ আৰু প্ৰসিদ্ধ কৃষ্ণাক দেখিবলৈ পোৱা গৈছিল অনুশীলনৰত অৱস্থাত। আনহাতে, নটিংহামৰ পৰা কেনিংটনলৈ যোৱা বাছখনতো কোহলী নাছিল বুলি খবৰ ওলাইছে। কাৰণ হিচাপে-মেডিকেল চেক-আপৰ বাবে কোহলীয়ে নহা বুলিয়ে সদৰী কৰিছে বিশেষ সূত্ৰই।

এক সূত্ৰৰ উদ্ধৃতিৰে পিটিআইয়ে জনোৱা মতে, ‘বিৰাটে শেষৰখন মেচ খেলি থাকোঁতে গ্ৰ’ইনত আঘাত পাইছিল। অৱশ্যে, ফিল্ডিং নে বেটিং কৰাৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল সেয়া নিশ্চিতভাৱে ক’ব নোৱাৰি।’ 

ইফালে, কোহলীৰ অফ ফৰ্ম এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে সদ্য সমাপ্ত  টি-২০ শৃংখলাতো ব্যৰ্থ হয় বিৰাট কোহলী। বেক টু বেক মেচত ১ আৰু ১১ ৰানত আউট হৈছিল ৰান মেছিনে। ইয়াৰ সমান্তৰালকৈ, ভাৰতীয় দলৰ পৰা বিৰাটক অপসাৰণ কৰাৰ কথাই গতি লাভ কৰিছে। কি হ’!ব কোলীৰ ভৱিষ্যত্‍? তাকে লৈ এতিয়া উদ্বিগ্ন ক্ৰীড়াবিশ্ব। কপিল দেৱৰ দৰে কিংবদন্তী ক্ৰিকেটাৰে কোহলীক দলৰ পৰা অপসাৰণ কৰাৰ কথা কোৱাৰ পাছতে অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ। কোহলীৰ বেটত এতিয়া ৰানৰ বণ্যা অতীত হ’লও কেৱল আগ্ৰাসী এটিটিউডৰ বাবেই দলৰ পৰা বিতাৰিত কৰিব পৰা নাই নেকি কোহলীক? এনে বহু অনাকাংক্ষিত প্ৰশ্নই স্পৰ্শ কৰি গৈছে ক্ৰীড়াবিশ্বক। তাৰ মাজতে কোহলীয়ে নিজকে কিদৰে টঙাই ৰাখে সেয়াহে হ’ব লক্ষ্যণীয়!




FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু