--°C
Loading...
Listen to Article
2 min read
80%

চেন্নাই : দেশজুৰি চলি থকা কৃষক বিদ্ৰোহে নিত্য নতুন গতি আৰু শক্তি লাভ কৰা দেখা গৈছে। দীঘলীয়া সময় ধৰি ধাৰাবাহিকভাৱে চলি থকা এই আন্দোলনে চৰকাৰৰ মন গলাব নোৱাৰিলেও ব্যাপক জনসমৰ্থন লাভ কৰিছে। এই আন্দোলনক তীব্ৰতা দিয়াৰ বাবে সংযুক্ত কৃষক মৰ্চাই অহা ২৫ ছেপ্টেম্বৰত ঘোষণা কৰিছে ভাৰত বন্ধ। কৃষক মৰ্চাই কৰা এই ঘোষণাৰ পাছতে এতিয়া আন এখন ৰাজ্য চৰকাৰৰ সমৰ্থন লাভ কৰিছে প্ৰতিবাদী কৃষকসকলে। তামিলনাডু চৰকাৰে বিধানসভাত শনিবাৰে এই বিতৰ্কিত আইন তিনিখন প্ৰত্যাহাৰৰ আহ্বান জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে।

বিধানসভাত চৰকাৰে এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ সময়ত বিজেপি আৰু তেওঁলোকৰ প্ৰধান সহযোগী দল এআইএডিএমকেই ইয়াৰ প্ৰতিবাদত বিধানসভা ত্যাগ কৰে। আজি বিধানসভাৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই প্ৰস্তাৱ উত্থাপন কৰে। তিনিওখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰাৰ আহ্বান জনাই গ্ৰহণ কৰা এই প্ৰস্তাৱত সৰ্বসন্মতি বিচাৰে মুখ্যমন্ত্ৰী ষ্টেলিনে।

তাৰ পাছতে বিৰোধীয়ে বিধানসভা কক্ষ ত্যাগ কৰে। বিৰোধী দলৰ নেতা তথা এআইএডিএমকেৰ বিধায়ক অ’ পান্নেৰছেলভামে কয় যে, মুখ্যমন্ত্ৰীয়ে এই কৃষি আইনৰ দোষ-ত্ৰুটিৰ কথা কোৱাৰ লগতে ইয়াক লাভসমূহৰ বিষয়েও কোৱাটো প্ৰয়োজন আছিল। তেওঁ এই বিষয়ে ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ লিখিছিল নেকি আৰু যদি লিখিছিল তাৰ উত্তৰ তেওঁলোকে লাভ কৰিছে নে নাই সেইকথাও জানিবলৈ বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ