--°C
Loading...
Listen to Article
2 min read
80%

চেন্নাই : দেশজুৰি চলি থকা কৃষক বিদ্ৰোহে নিত্য নতুন গতি আৰু শক্তি লাভ কৰা দেখা গৈছে। দীঘলীয়া সময় ধৰি ধাৰাবাহিকভাৱে চলি থকা এই আন্দোলনে চৰকাৰৰ মন গলাব নোৱাৰিলেও ব্যাপক জনসমৰ্থন লাভ কৰিছে। এই আন্দোলনক তীব্ৰতা দিয়াৰ বাবে সংযুক্ত কৃষক মৰ্চাই অহা ২৫ ছেপ্টেম্বৰত ঘোষণা কৰিছে ভাৰত বন্ধ। কৃষক মৰ্চাই কৰা এই ঘোষণাৰ পাছতে এতিয়া আন এখন ৰাজ্য চৰকাৰৰ সমৰ্থন লাভ কৰিছে প্ৰতিবাদী কৃষকসকলে। তামিলনাডু চৰকাৰে বিধানসভাত শনিবাৰে এই বিতৰ্কিত আইন তিনিখন প্ৰত্যাহাৰৰ আহ্বান জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে।

বিধানসভাত চৰকাৰে এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ সময়ত বিজেপি আৰু তেওঁলোকৰ প্ৰধান সহযোগী দল এআইএডিএমকেই ইয়াৰ প্ৰতিবাদত বিধানসভা ত্যাগ কৰে। আজি বিধানসভাৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই প্ৰস্তাৱ উত্থাপন কৰে। তিনিওখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰাৰ আহ্বান জনাই গ্ৰহণ কৰা এই প্ৰস্তাৱত সৰ্বসন্মতি বিচাৰে মুখ্যমন্ত্ৰী ষ্টেলিনে।

তাৰ পাছতে বিৰোধীয়ে বিধানসভা কক্ষ ত্যাগ কৰে। বিৰোধী দলৰ নেতা তথা এআইএডিএমকেৰ বিধায়ক অ’ পান্নেৰছেলভামে কয় যে, মুখ্যমন্ত্ৰীয়ে এই কৃষি আইনৰ দোষ-ত্ৰুটিৰ কথা কোৱাৰ লগতে ইয়াক লাভসমূহৰ বিষয়েও কোৱাটো প্ৰয়োজন আছিল। তেওঁ এই বিষয়ে ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ লিখিছিল নেকি আৰু যদি লিখিছিল তাৰ উত্তৰ তেওঁলোকে লাভ কৰিছে নে নাই সেইকথাও জানিবলৈ বিচাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক