--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : বিৰোধী দলৰ নেতাৰ বিৰু্দ্ধে বিজেপি চৰকাৰে কেন্দ্ৰীয় সংস্থাক ব্যৱহাৰ কৰাৰ অভিযোগ নতুন নহয়। কেন্দ্ৰীয় সংস্থাৰ তদন্তৰ নামত বিভিন্ন বিৰোধী দলৰ নেতাক চাপত ৰখাৰ কৌশলক লৈ দেশজুৰি বিভিন্ন সময়ত সমালোচনা হৈ আহিছে। এইবাৰ অনুৰূপ অভিযোগ আনিছে পশ্চিমবংগৰ মু্খ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। কেন্দ্ৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

বিজেপিয়ে তৃণমূলৰ বিৰুদ্ধে বিভিন্ন কেন্দ্ৰীয় সংস্থাৰ ব্যৱহাৰ কৰাৰ অভিযোগ আনিছে মু্খ্যমন্ত্ৰী মমতাই। তৃণমূলৰ সাংসদ অভিষেক বেনাৰ্জী আৰু তেওঁৰ পত্নী ৰুজিৰা বেনাৰ্জীলৈ এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে চমন জাৰি কৰাৰ পাছতে কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। কয়লাৰ অবৈধ ব্যৱসায়ৰ সৈতে সম্পৰ্কিত ধনৰ অবৈধ লেনদেনৰ গোচৰত তেওঁলোকলৈ চমন জাৰি কৰা হৈছে।

সাংসদগৰাকীক ৬ ছেপ্টেম্বৰত নতুন দিল্লীত ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। আনহাতে তেওঁৰ পত্নীক ১ ছেপ্টেম্বৰত এজেঞ্চিটোৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পাছতে মমতাই প্ৰত্যাক্ৰমণৰ হুংকাৰ দিয়ে। তেওঁ কয়, আমি কিদৰে প্ৰত্যাক্ৰমণ কৰিব লাগে জানো। আমি গুজৰাটৰ ইতিহাসো জানো। তেওঁ বিজেপিক ৰাজনৈতিকভাৱে যুঁজ দিবলৈ প্ৰত্যাহ্বান জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক