--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ আফগানিস্তানৰ কেইবাটাও উল্লেখযোগ্য অঞ্চল দখলৰ পাছত পঞ্জশীৰত থমকি ৰৈছে তালিবান। গৃহযুদ্ধৰ আশংকাৰ মাজতে পাক সেনাই আফগানিস্তানৰ পঞ্জশীৰ সীমান্তত সামৰিক অনুশীলন আৰম্ভ কৰাৰ কথা পোহৰলৈ আহিছে। জানিবলৈ পোৱা মতে, পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ অধীনত মধ্য এছিয়াৰ এখন ৰাজ্য কাজাখস্তানে যুটীয়াভাৱে এই সামৰিক অনুশীলনত পোনপটীয়াকৈ অংশগ্ৰহণ কৰিছে।

পাকিস্তানী সংবাদ মাধ্যমৰ খবৰ অনুসৰি, খাইবাৰ-পাখতুনখোৱা প্ৰদেশৰ পাব্বিস্থিত পাকসেনাৰ সন্ত্ৰাসবাদবিৰোধী সামৰিক প্ৰশিক্ষণ কেন্দ্ৰত এক যুটীয়া অনুশীলনৰ আৰম্ভণি কৰা হৈছে। পাকসেনাৰ বিশেষ বাহিনীৰ গোটসমূহে ‘দোস্তৰাম-৩’ নামৰ অনুশীলনত অংশগ্ৰহণ কৰিছে। উক্তস্থানত আধুনিক হেলিকপ্টাৰৰ লগতে পাকবাহিনীৰ নতুন অস্ত্ৰৰো সম্ভেদ পোৱা গৈছে। পাক সেনাবাহিনীয়ে দুৰ্গম অঞ্চলত দ্ৰুত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ বাবেই সামৰিক অনুশীলন কৰি থকা হৈছে বুলি সদৰী কৰিছে। কিন্তু আফগানিস্তানৰ সাময়িক প্ৰেক্ষাপটৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জশীৰ সীমান্তত ‘দোস্তৰম-৩’ৰ সামৰিক অনুশীলনে প্ৰশ্নৰ অৱতাৰণা কৰা পৰিলক্ষিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক